--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মই মোৰ সহোদৰ ৰাহুলৰ বাবে মৰিবলৈয়ো সাজু’- বিজেপিৰ অভিযোগৰ প্ৰতি উত্তৰ দিবলৈ গৈ দেওবাৰে প্ৰিয়ংকা গান্ধীয়ে সংবাদ মাধ্যমৰ আগত এই কথা কয়। উল্লেখ্য যে, নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছক সমালোচনাৰে একেবাৰে তুলাধনা দিছিল। সেই কথাৰ প্ৰসংগত শাসক পক্ষক উত্তৰ দিবলৈ গৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এই কথা কয়। কিছুদিনৰ আগতে, কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে এটা ফেচবুক লাইভ কৰিছিল। তাতে প্ৰিয়ংকাই মন্তব্য কৰিছিল যে ৰাহুলৰ সৈতে তাইৰ সম্পৰ্ক সৰুৰে পৰা ভাল। য’ত তেওঁ বিভিন্ন শুভকাংক্ষীৰ প্ৰশ্নৰ উত্তৰ দিছিল। প্ৰিয়ংকাই কয় যে, সৰুতে ৰাহুল আৰু মই বহুত কাজিয়া কৰিছিলো। অৱশ্যে, এইসকলোবোৰত তেওঁ জয়ী হৈছিল। প্ৰসংগক্ৰমে তেওঁ কয় যে, মোৰ আইতাক ১২ বছৰ বয়সত হত্যা কৰা হৈছিল। হত্যাৰ পাছত ৰাহুল আৰু মই বিদ্যালয়লৈ যাব নোৱাৰিছিলো। ১২ বছৰ বয়সৰ পৰা ১৮ বছৰলৈকে, আমি ঘৰৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল আনকি পৰীক্ষাও ঘৰৰ পৰাই অৱতীৰ্ণ হ’ব লগা হৈছিল। ইফালে, প্ৰিয়ংকা গান্ধীক দলৰ মুখ হিচাপে প্ৰক্ষেপ কৰি কংগ্ৰেছে উত্তৰ প্ৰদেশত প্ৰচাৰ চলাই আছে৷ যোগীৰ ৰাজ্যখন 'পৰিৱৰ্তন কা সংকল্প, কংগ্ৰেছ হি বিকল্প' শীৰ্ষক কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ কৰি আছে। প্ৰিয়ংকাই লগতে ক’য় যে, ‘আপোনালোকে এতিয়াৰ পৰা মোক উত্তৰ প্ৰদেশৰ চাৰিওফালে দেখা পাব৷ লগতে কয় যে, উত্তৰ প্ৰদেশত মহিলাসকলৰ নিৰাপত্তাৰ, আইন-শৃংখলাৰ দ্ৰুত অৱনতি, দুৰ্বল স্বাস্থ্য আন্তঃগাঁথনি, নিবনুৱা আদি বিষয়বোৰত গুৰুত্ব দিয়াৰ সলনি যোগীয়ে এতিয়া কেৱল ধৰ্মীয় ৰাজনীতি কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement