--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মই মোৰ সহোদৰ ৰাহুলৰ বাবে মৰিবলৈয়ো সাজু’- বিজেপিৰ অভিযোগৰ প্ৰতি উত্তৰ দিবলৈ গৈ দেওবাৰে প্ৰিয়ংকা গান্ধীয়ে সংবাদ মাধ্যমৰ আগত এই কথা কয়। উল্লেখ্য যে, নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছক সমালোচনাৰে একেবাৰে তুলাধনা দিছিল। সেই কথাৰ প্ৰসংগত শাসক পক্ষক উত্তৰ দিবলৈ গৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এই কথা কয়। কিছুদিনৰ আগতে, কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে এটা ফেচবুক লাইভ কৰিছিল। তাতে প্ৰিয়ংকাই মন্তব্য কৰিছিল যে ৰাহুলৰ সৈতে তাইৰ সম্পৰ্ক সৰুৰে পৰা ভাল। য’ত তেওঁ বিভিন্ন শুভকাংক্ষীৰ প্ৰশ্নৰ উত্তৰ দিছিল। প্ৰিয়ংকাই কয় যে, সৰুতে ৰাহুল আৰু মই বহুত কাজিয়া কৰিছিলো। অৱশ্যে, এইসকলোবোৰত তেওঁ জয়ী হৈছিল। প্ৰসংগক্ৰমে তেওঁ কয় যে, মোৰ আইতাক ১২ বছৰ বয়সত হত্যা কৰা হৈছিল। হত্যাৰ পাছত ৰাহুল আৰু মই বিদ্যালয়লৈ যাব নোৱাৰিছিলো। ১২ বছৰ বয়সৰ পৰা ১৮ বছৰলৈকে, আমি ঘৰৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল আনকি পৰীক্ষাও ঘৰৰ পৰাই অৱতীৰ্ণ হ’ব লগা হৈছিল। ইফালে, প্ৰিয়ংকা গান্ধীক দলৰ মুখ হিচাপে প্ৰক্ষেপ কৰি কংগ্ৰেছে উত্তৰ প্ৰদেশত প্ৰচাৰ চলাই আছে৷ যোগীৰ ৰাজ্যখন 'পৰিৱৰ্তন কা সংকল্প, কংগ্ৰেছ হি বিকল্প' শীৰ্ষক কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ কৰি আছে। প্ৰিয়ংকাই লগতে ক’য় যে, ‘আপোনালোকে এতিয়াৰ পৰা মোক উত্তৰ প্ৰদেশৰ চাৰিওফালে দেখা পাব৷ লগতে কয় যে, উত্তৰ প্ৰদেশত মহিলাসকলৰ নিৰাপত্তাৰ, আইন-শৃংখলাৰ দ্ৰুত অৱনতি, দুৰ্বল স্বাস্থ্য আন্তঃগাঁথনি, নিবনুৱা আদি বিষয়বোৰত গুৰুত্ব দিয়াৰ সলনি যোগীয়ে এতিয়া কেৱল ধৰ্মীয় ৰাজনীতি কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক