--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২ জুনত ওড়িশাত সংঘটিত হোৱাবেদনাদায়ক ৰেল দুৰ্ঘটনা পাহৰি যোৱাটো সহজ নহয়। এই দুৰ্ঘটনাত ২৭৫ জন লোকে প্ৰাণ হেৰুৱাইছিল যদিও তিনিদিনৰ পাছতো ১০০ৰো অধিক মৃতদেহ চিনাক্ত কৰিব পৰা নাই। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য দি এজন বিষয়াই কয় যে দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত ১০১টা মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ ডিভিজনেল ৰে’লৱে মেনেজাৰ ৰিংকেশ ৰায়ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে এতিয়াও ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত প্ৰায় ২০০ জন লোক চিকিৎসাধীন হৈ আছে।ডিভিজনেল ৰেলৱে মেনেজাৰ ৰিংকেশ ৰয়ে জনোৱা মতে, ওড়িশা ৰে’ল দুৰ্ঘটনাত প্ৰায় ১১০০ লোক আহত হৈছে, ইয়াৰে ৯০০ লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰ বাহিৰেও ওড়িশাৰ বহু চিকিৎসালয়ত প্ৰায় ২০০ জন লোক চিকিৎসাধীন হৈ আছে। ওড়িশাৰ বালাছোৰত সংঘটিত এই দুৰ্ঘটনাটোত দুখন এক্সপ্ৰেছ ৰেল আৰু ১খন মালবাহী ট্ৰেইন আছিল। এই কৰুণ ঘটনাই সমগ্ৰ ভাৰতবৰ্ষত গভীৰ প্ৰভাৱ পেলাইছে।


ভুৱনেশ্বৰ পৌৰ নিগমৰ আয়ুক্ত বিজয় অমৃত কুলাংগে জনোৱা মতে, ভুৱনেশ্বৰ চিকিৎসালয়ত ৰখা মুঠ ১৯৩টা মৃতদেহৰ ভিতৰত ৮০টা মৃতদেহ চিনাক্ত কৰা হৈছে। ৫৫টা মৃতদেহ আত্মীয়ক গতাই দিয়া হৈছে। তেওঁ লগতে কয় যে মৃতদেহৰ সন্ধানত বিএমচিৰ হেল্পলাইন নম্বৰত ২০০ৰো অধিক ফোন আহিছিল।


২ জুনত ওড়িশাত এই দুৰ্ঘটনাটো সংঘটিত হয়৷শ্বালিমাৰ-চেন্নাই কৰ’মণ্ডল এক্সপ্ৰেছৰ এখন স্থবিৰ সামগ্ৰী ৰে’লৰ সৈতে খুন্দা মৰাৰ ফলত কেইবাটাও ডবা কাষৰীয়া ট্ৰেকত ৰেলপথৰ পৰা ওলাই যায়। ইয়াৰ পিছতে দ্বিতীয় ট্ৰেকত য়েছৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা হাওৰা এক্সপ্ৰেছখন কৰ’মণ্ডলৰ ডবাৰ সংঘৰ্ষৰ বাবে ৰেলপথৰ পৰা ওলাই যায়। দুৰ্ঘটনাৰ পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰাউণ্ড জিৰ’ৰ পৰা বালাছোৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহতসকলকো সাক্ষাৎ কৰে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ