--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২ জুনত ওড়িশাত সংঘটিত হোৱাবেদনাদায়ক ৰেল দুৰ্ঘটনা পাহৰি যোৱাটো সহজ নহয়। এই দুৰ্ঘটনাত ২৭৫ জন লোকে প্ৰাণ হেৰুৱাইছিল যদিও তিনিদিনৰ পাছতো ১০০ৰো অধিক মৃতদেহ চিনাক্ত কৰিব পৰা নাই। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য দি এজন বিষয়াই কয় যে দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত ১০১টা মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ ডিভিজনেল ৰে’লৱে মেনেজাৰ ৰিংকেশ ৰায়ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে এতিয়াও ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত প্ৰায় ২০০ জন লোক চিকিৎসাধীন হৈ আছে।ডিভিজনেল ৰেলৱে মেনেজাৰ ৰিংকেশ ৰয়ে জনোৱা মতে, ওড়িশা ৰে’ল দুৰ্ঘটনাত প্ৰায় ১১০০ লোক আহত হৈছে, ইয়াৰে ৯০০ লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰ বাহিৰেও ওড়িশাৰ বহু চিকিৎসালয়ত প্ৰায় ২০০ জন লোক চিকিৎসাধীন হৈ আছে। ওড়িশাৰ বালাছোৰত সংঘটিত এই দুৰ্ঘটনাটোত দুখন এক্সপ্ৰেছ ৰেল আৰু ১খন মালবাহী ট্ৰেইন আছিল। এই কৰুণ ঘটনাই সমগ্ৰ ভাৰতবৰ্ষত গভীৰ প্ৰভাৱ পেলাইছে।


ভুৱনেশ্বৰ পৌৰ নিগমৰ আয়ুক্ত বিজয় অমৃত কুলাংগে জনোৱা মতে, ভুৱনেশ্বৰ চিকিৎসালয়ত ৰখা মুঠ ১৯৩টা মৃতদেহৰ ভিতৰত ৮০টা মৃতদেহ চিনাক্ত কৰা হৈছে। ৫৫টা মৃতদেহ আত্মীয়ক গতাই দিয়া হৈছে। তেওঁ লগতে কয় যে মৃতদেহৰ সন্ধানত বিএমচিৰ হেল্পলাইন নম্বৰত ২০০ৰো অধিক ফোন আহিছিল।


২ জুনত ওড়িশাত এই দুৰ্ঘটনাটো সংঘটিত হয়৷শ্বালিমাৰ-চেন্নাই কৰ’মণ্ডল এক্সপ্ৰেছৰ এখন স্থবিৰ সামগ্ৰী ৰে’লৰ সৈতে খুন্দা মৰাৰ ফলত কেইবাটাও ডবা কাষৰীয়া ট্ৰেকত ৰেলপথৰ পৰা ওলাই যায়। ইয়াৰ পিছতে দ্বিতীয় ট্ৰেকত য়েছৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা হাওৰা এক্সপ্ৰেছখন কৰ’মণ্ডলৰ ডবাৰ সংঘৰ্ষৰ বাবে ৰেলপথৰ পৰা ওলাই যায়। দুৰ্ঘটনাৰ পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰাউণ্ড জিৰ’ৰ পৰা বালাছোৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহতসকলকো সাক্ষাৎ কৰে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস