--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা চণ্ডীগড়ৰ হৰনাজ কৌৰ সান্ধু ভাৰতত আহি উপস্থিত হয়। যোৱা নিশা প্ৰায় ৯.৩০ বজাত ইজৰাইলৰ পৰা মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় মিছ ইউনিভাৰ্ছ হৰনাজ। বিমানবন্দৰত তেওঁক ফুলৰ তোৰাৰে উস্ম আদৰণি জনোৱা হয়। বিমানবন্দৰত হৰনাজে বাৰে বাৰে হাত জোৰ কৰি জনতাক সম্ভাষণ জনাইছিল। হৰনাজৰ মুখত জিলিকি আছিল এটি উজ্জ্বল হাঁহি। এই আনন্দৰ মূহুৰ্তত হৰনাজে হাতত এখন ত্ৰিৰংগা লৈ ইণ্ডিয়া…ইণ্ডিয়া বুলি জয়ধ্বনি দিয়াৰ লগতে চক দে ফট্টে বুলি চিঞৰে।

ভাৰতৰ হৰনাজ সান্ধুৱে ১৩ ডিচেম্বৰত ইতিহাস ৰচনা কৰিছিল। তেওঁ ৮০ খন দেশৰ প্ৰতিযোগীৰ সৈতে প্ৰতিযোগিতা কৰাৰ পাছত মিছ ইউনিভাৰ্ছ-২০২১ৰ মুকুট লৈ ঘৰলৈ উভতি আহিছে। চণ্ডীগড়ৰ হৰনাজে ২১ বছৰৰ পাছত ভাৰতৰ বাবে এই গৌৰৱ কঢ়িয়াই আনে। হৰনাজে মিছ দক্ষিণ আফ্ৰিকা আৰু মিছ পাৰাগুৱেৰ সৈতে শীৰ্ষ ৩ ত স্থান লাভ কৰিছিল। বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত হৰনাজক এটা ধুনীয়া ৰঙা গাউনত বৰ আকৰ্ষণীয় লাগিছিল। পাতলকৈ কৰিছিল মেকআপ।

উল্লেখ্য যে হৰনাজক মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ পৰা তেওঁলৈ শুভেচ্ছা আহিবলৈ ধৰে। প্ৰিয়ংকা চোপ্ৰা, লাৰা দত্ত, সুস্মিতা সেন আৰু আন বহুতে হৰনাজক এই বিজয়ৰ বাবে শুভেচ্ছা জনায়। মন কৰিবলগীয়া যে, সুস্মিতা সেন আৰু লাৰা দত্তৰ পাছত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধা হৰনাজ হৈছে তৃতীয় ভাৰতীয়৷ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ২০২১ চনৰ প্ৰথম ৰানাৰ আপ আছিল মিছ পাৰাগুৱে নাদিয়া ফেৰেৰা আনহাতে দ্বিতীয় ৰানাৰ আপ আছিল মিছ দক্ষিণ আফ্ৰিকা লালেলা মছৱানে৷

আৰু পঢ়কঃ ১৮ বছৰ হ’লেই নকৰিব বিয়াৰ চিন্তা; ছোৱালীৰ বিয়াৰ নূন্যতম বয়স বৃদ্ধিৰ প্ৰস্তুতি চৰকাৰৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ