--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা চণ্ডীগড়ৰ হৰনাজ কৌৰ সান্ধু ভাৰতত আহি উপস্থিত হয়। যোৱা নিশা প্ৰায় ৯.৩০ বজাত ইজৰাইলৰ পৰা মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় মিছ ইউনিভাৰ্ছ হৰনাজ। বিমানবন্দৰত তেওঁক ফুলৰ তোৰাৰে উস্ম আদৰণি জনোৱা হয়। বিমানবন্দৰত হৰনাজে বাৰে বাৰে হাত জোৰ কৰি জনতাক সম্ভাষণ জনাইছিল। হৰনাজৰ মুখত জিলিকি আছিল এটি উজ্জ্বল হাঁহি। এই আনন্দৰ মূহুৰ্তত হৰনাজে হাতত এখন ত্ৰিৰংগা লৈ ইণ্ডিয়া…ইণ্ডিয়া বুলি জয়ধ্বনি দিয়াৰ লগতে চক দে ফট্টে বুলি চিঞৰে।

ভাৰতৰ হৰনাজ সান্ধুৱে ১৩ ডিচেম্বৰত ইতিহাস ৰচনা কৰিছিল। তেওঁ ৮০ খন দেশৰ প্ৰতিযোগীৰ সৈতে প্ৰতিযোগিতা কৰাৰ পাছত মিছ ইউনিভাৰ্ছ-২০২১ৰ মুকুট লৈ ঘৰলৈ উভতি আহিছে। চণ্ডীগড়ৰ হৰনাজে ২১ বছৰৰ পাছত ভাৰতৰ বাবে এই গৌৰৱ কঢ়িয়াই আনে। হৰনাজে মিছ দক্ষিণ আফ্ৰিকা আৰু মিছ পাৰাগুৱেৰ সৈতে শীৰ্ষ ৩ ত স্থান লাভ কৰিছিল। বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত হৰনাজক এটা ধুনীয়া ৰঙা গাউনত বৰ আকৰ্ষণীয় লাগিছিল। পাতলকৈ কৰিছিল মেকআপ।

উল্লেখ্য যে হৰনাজক মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ পৰা তেওঁলৈ শুভেচ্ছা আহিবলৈ ধৰে। প্ৰিয়ংকা চোপ্ৰা, লাৰা দত্ত, সুস্মিতা সেন আৰু আন বহুতে হৰনাজক এই বিজয়ৰ বাবে শুভেচ্ছা জনায়। মন কৰিবলগীয়া যে, সুস্মিতা সেন আৰু লাৰা দত্তৰ পাছত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধা হৰনাজ হৈছে তৃতীয় ভাৰতীয়৷ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ২০২১ চনৰ প্ৰথম ৰানাৰ আপ আছিল মিছ পাৰাগুৱে নাদিয়া ফেৰেৰা আনহাতে দ্বিতীয় ৰানাৰ আপ আছিল মিছ দক্ষিণ আফ্ৰিকা লালেলা মছৱানে৷

আৰু পঢ়কঃ ১৮ বছৰ হ’লেই নকৰিব বিয়াৰ চিন্তা; ছোৱালীৰ বিয়াৰ নূন্যতম বয়স বৃদ্ধিৰ প্ৰস্তুতি চৰকাৰৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু