--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৰমৰ উপহাৰ নোলোৱাকৈও থাকিব নোৱাৰি, ল'লেও বিপদ! ২০০ কোটিৰ জালিয়াতিৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা কোটি কোটি টকাৰ উপহাৰ লৈ ইতিমধ্যে বিপদত পৰিছে বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ। এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তৰ আওতালৈ আহিছে বলীউডৰ আন এগৰাকী মোহময়ী অভিনেত্ৰী নোৰা ফাটেহি। চন্দ্ৰশেখৰৰ পৰা জেকলিনে দীঘলীয়া তালিকাৰ উপহাৰ লোৱাৰ পাছত নোৰা ফাটেহিৰো নাম অন্তৰ্ভুক্ত হৈছে ইডিৰ চাৰ্জশ্বিটত।

প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ ২০০ কোটিৰ জালিয়াতিৰ গোচৰত কেইবাবাৰো এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ প্ৰশ্নৰ সন্মুখীন হৈছে নোৰা ফাটেহি। তদন্তকাৰী সংস্থটোৱে দাখিল কৰা চাৰ্জশ্বিটত নোৰাই চন্দ্ৰশেখৰৰ পৰা একাধিক বিলাসী উপহাৰ লোৱাৰ কথা উল্লেখ আছে। এক সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে ইডিৰ প্ৰশ্নত চন্দ্ৰশেখৰে এখন বিএমডব্লিউ কাৰ উপহাৰ দিয়া বুলি স্বীকাৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও প্ৰৱঞ্চকজনৰ পত্নী লীনা মাৰিয়া পলে স্বামীৰ তৰফৰ পৰা গুচ্চি বেগ আৰু আইফোন মৰমৰ উপহাৰ হিচাপে নোৰা ফাটেহিক দিয়ে।
উল্লেখ্য যে, প্ৰৱঞ্চক চন্দ্ৰশেখৰে গুচ্চিৰ জীম আউটফিট, গুচ্চিৰ জোতা, ৰ’লেক্সৰ ঘড়ী, ১৫যোৰ কাণফুলি, এলভিৰ বেগ ইত্যাদি বহু বিলাসী উপহাৰ জেকলিনক দিছে। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি চন্দ্ৰশেখৰে জেকলিনক এখন মিনি হেলিকপ্তাৰো দিছিল যিখন অভিনেত্ৰীগৰাকীয়ে পাছত ওভতাই দিয়ে। ইয়াৰ উপৰি চন্দ্ৰশেখৰে জেকলিনৰ ভনীয়েকক এখন বিএমডব্লিউ গাড়ী উপহাৰ দিয়ে। চাৰ্জশ্বিট অনুসৰি প্ৰৱঞ্চকজনে জেকলিনৰ মাতৃক ১,৮০,০০০ মাৰ্কিন ডলাৰ আৰু এখন প’ৰ্শ্ব গাড়ীও দিছে।

আনহাতে, ইডিৰ বিষয়ববীয়াই পূৰ্বে সংগ্ৰহ কৰা মন্তব্যত জেকলিনে তেওঁৰ ভগ্নীয়ে চন্দ্ৰশেখৰৰ পৰা ১,৫০,০০০ মাৰ্কিন ডলাৰৰ ঋণ লোৱা বুলি জনাইছিল। লগতে চন্দ্ৰশেখৰে জেকলিনৰ অষ্ট্ৰেলিয়াত থকা ভাতৃৰ একাউণ্টত ১৫ লাখ টকা পঠিওৱাৰ কথাও স্বীকাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু