--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৰমৰ উপহাৰ নোলোৱাকৈও থাকিব নোৱাৰি, ল'লেও বিপদ! ২০০ কোটিৰ জালিয়াতিৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা কোটি কোটি টকাৰ উপহাৰ লৈ ইতিমধ্যে বিপদত পৰিছে বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ। এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তৰ আওতালৈ আহিছে বলীউডৰ আন এগৰাকী মোহময়ী অভিনেত্ৰী নোৰা ফাটেহি। চন্দ্ৰশেখৰৰ পৰা জেকলিনে দীঘলীয়া তালিকাৰ উপহাৰ লোৱাৰ পাছত নোৰা ফাটেহিৰো নাম অন্তৰ্ভুক্ত হৈছে ইডিৰ চাৰ্জশ্বিটত।

প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ ২০০ কোটিৰ জালিয়াতিৰ গোচৰত কেইবাবাৰো এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ প্ৰশ্নৰ সন্মুখীন হৈছে নোৰা ফাটেহি। তদন্তকাৰী সংস্থটোৱে দাখিল কৰা চাৰ্জশ্বিটত নোৰাই চন্দ্ৰশেখৰৰ পৰা একাধিক বিলাসী উপহাৰ লোৱাৰ কথা উল্লেখ আছে। এক সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে ইডিৰ প্ৰশ্নত চন্দ্ৰশেখৰে এখন বিএমডব্লিউ কাৰ উপহাৰ দিয়া বুলি স্বীকাৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও প্ৰৱঞ্চকজনৰ পত্নী লীনা মাৰিয়া পলে স্বামীৰ তৰফৰ পৰা গুচ্চি বেগ আৰু আইফোন মৰমৰ উপহাৰ হিচাপে নোৰা ফাটেহিক দিয়ে।
উল্লেখ্য যে, প্ৰৱঞ্চক চন্দ্ৰশেখৰে গুচ্চিৰ জীম আউটফিট, গুচ্চিৰ জোতা, ৰ’লেক্সৰ ঘড়ী, ১৫যোৰ কাণফুলি, এলভিৰ বেগ ইত্যাদি বহু বিলাসী উপহাৰ জেকলিনক দিছে। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি চন্দ্ৰশেখৰে জেকলিনক এখন মিনি হেলিকপ্তাৰো দিছিল যিখন অভিনেত্ৰীগৰাকীয়ে পাছত ওভতাই দিয়ে। ইয়াৰ উপৰি চন্দ্ৰশেখৰে জেকলিনৰ ভনীয়েকক এখন বিএমডব্লিউ গাড়ী উপহাৰ দিয়ে। চাৰ্জশ্বিট অনুসৰি প্ৰৱঞ্চকজনে জেকলিনৰ মাতৃক ১,৮০,০০০ মাৰ্কিন ডলাৰ আৰু এখন প’ৰ্শ্ব গাড়ীও দিছে।

আনহাতে, ইডিৰ বিষয়ববীয়াই পূৰ্বে সংগ্ৰহ কৰা মন্তব্যত জেকলিনে তেওঁৰ ভগ্নীয়ে চন্দ্ৰশেখৰৰ পৰা ১,৫০,০০০ মাৰ্কিন ডলাৰৰ ঋণ লোৱা বুলি জনাইছিল। লগতে চন্দ্ৰশেখৰে জেকলিনৰ অষ্ট্ৰেলিয়াত থকা ভাতৃৰ একাউণ্টত ১৫ লাখ টকা পঠিওৱাৰ কথাও স্বীকাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ