--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিছাইলৰ দৰে নেকলেচ পৰিধান কৰি চৰ্চালৈ আহিছে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ পত্নী। দেশখনৰ সামৰিক কুচকাৱাজত মিছাইলৰ আকৃতিৰ নেকলেছ পিন্ধি শাসকগৰাকীৰ পত্নী ৰি চোল জু-ৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

উল্লেখ্য যে কিম জং উনে প্ৰায়ে মিছাইল পৰীক্ষা কৰি আন্তৰ্জাতিক মাধ্যমত শিৰোনাম দখল কৰে। উত্তৰ কোৰিয়াৰ এই  একনায়কগৰাকীয়ে শত্ৰুক পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ সম্পৰ্কে সতৰ্ক কৰি দিয়ে।
 
বুধবাৰেও নিশা পিয়ংইয়ংত এক পেৰেডত উত্তৰ কোৰিয়াৰ সামৰিক সম্ভাৰ প্ৰদৰ্শিত হৈছিল। ইয়াত দেশখনে অত্যাধুনিক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ প্ৰদৰ্শন কৰিছে। আন্তৰ্জাতিক সম্প্ৰদায়ে বিশ্বাস কৰে যে উত্তৰ কোৰিয়াই অনাগত দিনত সেই ক্ষেপণাস্ত্ৰবোৰৰ পৰীক্ষা চলাব।

পেৰেডত বিভিন্ন বেলিষ্টিক মিছাইল প্ৰদৰ্শনৰ চাৰিওফালে কিমক এক উৎফুল্লিত মেজাজত দেখা গৈছিল। তেওঁ ক’লা কোট আৰু টুপী পিন্ধি আছিল। তেওঁৰ কন্যা কিম জু-ৱেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকে আন্তঃমহাদেশীয় ক্ষেপণাস্ত্ৰৰ এক বৰ্ণময় শোভাযাত্ৰা উপভোগ কৰিছিল। ১০ বছৰীয়া কিমৰ ছোৱালীজনীয়েও দেশৰ সামৰিক বিষয়াসকলৰ সৈতে ফটো তুলিছিল। আগন্তুক দিনত কিমৰ কন্যাৰ হাততে দেশখনৰ ৰাজদণ্ড থাকিব পাৰে বুলি অনুমান কৰা হৈছে।

মিছাইল প্ৰদৰ্শনৰ লগতে কিমৰ পত্নী ৰি চোল জু-ৰ নেকলেছডালেহে অধিক মনোযোগ আকৰ্ষণ কৰিছে। মিছাইলসদৃশ নেকলেছৰ বাবে তেওঁ আন্তৰ্জাতিক মাধ্যমতো শিৰোনাম দখল কৰিছে। ইয়াৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিছে তেওঁ সেই লৈও চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ