--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিছাইলৰ দৰে নেকলেচ পৰিধান কৰি চৰ্চালৈ আহিছে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ পত্নী। দেশখনৰ সামৰিক কুচকাৱাজত মিছাইলৰ আকৃতিৰ নেকলেছ পিন্ধি শাসকগৰাকীৰ পত্নী ৰি চোল জু-ৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

উল্লেখ্য যে কিম জং উনে প্ৰায়ে মিছাইল পৰীক্ষা কৰি আন্তৰ্জাতিক মাধ্যমত শিৰোনাম দখল কৰে। উত্তৰ কোৰিয়াৰ এই  একনায়কগৰাকীয়ে শত্ৰুক পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ সম্পৰ্কে সতৰ্ক কৰি দিয়ে।
 
বুধবাৰেও নিশা পিয়ংইয়ংত এক পেৰেডত উত্তৰ কোৰিয়াৰ সামৰিক সম্ভাৰ প্ৰদৰ্শিত হৈছিল। ইয়াত দেশখনে অত্যাধুনিক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ প্ৰদৰ্শন কৰিছে। আন্তৰ্জাতিক সম্প্ৰদায়ে বিশ্বাস কৰে যে উত্তৰ কোৰিয়াই অনাগত দিনত সেই ক্ষেপণাস্ত্ৰবোৰৰ পৰীক্ষা চলাব।

পেৰেডত বিভিন্ন বেলিষ্টিক মিছাইল প্ৰদৰ্শনৰ চাৰিওফালে কিমক এক উৎফুল্লিত মেজাজত দেখা গৈছিল। তেওঁ ক’লা কোট আৰু টুপী পিন্ধি আছিল। তেওঁৰ কন্যা কিম জু-ৱেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকে আন্তঃমহাদেশীয় ক্ষেপণাস্ত্ৰৰ এক বৰ্ণময় শোভাযাত্ৰা উপভোগ কৰিছিল। ১০ বছৰীয়া কিমৰ ছোৱালীজনীয়েও দেশৰ সামৰিক বিষয়াসকলৰ সৈতে ফটো তুলিছিল। আগন্তুক দিনত কিমৰ কন্যাৰ হাততে দেশখনৰ ৰাজদণ্ড থাকিব পাৰে বুলি অনুমান কৰা হৈছে।

মিছাইল প্ৰদৰ্শনৰ লগতে কিমৰ পত্নী ৰি চোল জু-ৰ নেকলেছডালেহে অধিক মনোযোগ আকৰ্ষণ কৰিছে। মিছাইলসদৃশ নেকলেছৰ বাবে তেওঁ আন্তৰ্জাতিক মাধ্যমতো শিৰোনাম দখল কৰিছে। ইয়াৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিছে তেওঁ সেই লৈও চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন