--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতুৰস্কত সংঘটিত ভূমিকম্পই সমগ্ৰ বিশ্বকে জোঁকাৰি গৈছে৷ ভূমিকম্পৰ ফলত দেশৰ এক বৃহৎ অংশ বিধ্বস্ত হৈছে। ইয়াৰ মাজতে তুৰস্কৰ পৰা  বন্ধুত্বৰ  এখন ছবি বিয়পি পৰে। ভাৰতে তুৰস্কৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাষত থিয় দিবলৈ আৰু তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ অভিযান আৰম্ভ কৰিছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ সেনাৰ দুৰ্যোগ সঁহাৰি বাহিনী প্ৰেৰণ কৰা হৈছে। আহতসকলৰ চিকিৎসাৰ বাবে এটা বিশেষ চিকিৎসকৰ  দলো  প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ অভিযানত ভাৰতীয় সেনাৰ কাৰ্যকলাপত দেশৰ বহুতেই  প্ৰভাৱিত হৈছে। শেহতীয়াকৈ সামাজিক মাধ্যমত বিয়পি পৰা ছবিখনত  এগৰাকী তুৰ্কী মহিলাই এগৰাকী ভাৰতীয় সেনা বিষয়াক সাৱটি ধৰা দেখা গৈছে। কেৱল সেয়াই নহয়, মহিলাগৰাকীক তেওঁৰ সেনা বিষয়াগৰাকীৰ গালত  মৰমেৰে চুমা খাই থকা দেখা গৈছিল।

এই  দুগৰাকী মহিলাৰ আলিঙ্গনৰ এই ছবিখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভূমিকম্পৰ উদ্ধাৰকাৰ্যৰ ফটো তুলিবলৈ যোৱা ফটো সাংবাদিক জাহাক তানভিৰে এই ফটোখন তুলিছিল। পৰৱৰ্তী সময়ত, ভাৰতীয় সেনাই ছবিখন  টুইটাৰ হেণ্ডেলত পোষ্ট কৰে। ছবিখনৰ সৈতে থকা শিৰোনামটোত লিখা আছে, "আমি যত্ন লওঁ। "

ভাৰতীয় সেনাই দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ তুৰস্কৰ হাটা চহৰত এখন অস্থায়ী চিকিৎসালয় স্থাপন কৰিছে। দেশৰ পৰা কমেও ৯৯ জন চিকিৎসক প্ৰেৰণ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ টুইটাৰ হেণ্ডেলত চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ ফটো শ্বেয়াৰ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে পিছত উদ্ধাৰ অভিযানৰ আৰু কিছু ছবি টুইট কৰিছিল। 

তুৰস্ক আৰু সীমান্ত চিৰিয়াত ইতিমধ্যে ২১,০০০ তকৈও  অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছত, এই সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে। হাটা তুৰস্কৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰসমূহৰ ভিতৰত এখন। সেনা বিষয়াগৰাকীক আলিঙ্গন কৰা তুৰ্কী মহিলাগৰাকীয়ে স্থানীয় সংবাদ মাধ্যমক কয়, "দেশখনৰ বিপদৰ সময়ত ভাৰতে যিদৰে উদ্ধাৰ অভিযানত জঁপিয়াই পৰিছে তাৰ বাবে আমি কৃতজ্ঞ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ