--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতুৰস্কত সংঘটিত ভূমিকম্পই সমগ্ৰ বিশ্বকে জোঁকাৰি গৈছে৷ ভূমিকম্পৰ ফলত দেশৰ এক বৃহৎ অংশ বিধ্বস্ত হৈছে। ইয়াৰ মাজতে তুৰস্কৰ পৰা  বন্ধুত্বৰ  এখন ছবি বিয়পি পৰে। ভাৰতে তুৰস্কৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাষত থিয় দিবলৈ আৰু তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ অভিযান আৰম্ভ কৰিছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ সেনাৰ দুৰ্যোগ সঁহাৰি বাহিনী প্ৰেৰণ কৰা হৈছে। আহতসকলৰ চিকিৎসাৰ বাবে এটা বিশেষ চিকিৎসকৰ  দলো  প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ অভিযানত ভাৰতীয় সেনাৰ কাৰ্যকলাপত দেশৰ বহুতেই  প্ৰভাৱিত হৈছে। শেহতীয়াকৈ সামাজিক মাধ্যমত বিয়পি পৰা ছবিখনত  এগৰাকী তুৰ্কী মহিলাই এগৰাকী ভাৰতীয় সেনা বিষয়াক সাৱটি ধৰা দেখা গৈছে। কেৱল সেয়াই নহয়, মহিলাগৰাকীক তেওঁৰ সেনা বিষয়াগৰাকীৰ গালত  মৰমেৰে চুমা খাই থকা দেখা গৈছিল।

এই  দুগৰাকী মহিলাৰ আলিঙ্গনৰ এই ছবিখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভূমিকম্পৰ উদ্ধাৰকাৰ্যৰ ফটো তুলিবলৈ যোৱা ফটো সাংবাদিক জাহাক তানভিৰে এই ফটোখন তুলিছিল। পৰৱৰ্তী সময়ত, ভাৰতীয় সেনাই ছবিখন  টুইটাৰ হেণ্ডেলত পোষ্ট কৰে। ছবিখনৰ সৈতে থকা শিৰোনামটোত লিখা আছে, "আমি যত্ন লওঁ। "

ভাৰতীয় সেনাই দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ তুৰস্কৰ হাটা চহৰত এখন অস্থায়ী চিকিৎসালয় স্থাপন কৰিছে। দেশৰ পৰা কমেও ৯৯ জন চিকিৎসক প্ৰেৰণ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ টুইটাৰ হেণ্ডেলত চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ ফটো শ্বেয়াৰ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে পিছত উদ্ধাৰ অভিযানৰ আৰু কিছু ছবি টুইট কৰিছিল। 

তুৰস্ক আৰু সীমান্ত চিৰিয়াত ইতিমধ্যে ২১,০০০ তকৈও  অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছত, এই সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে। হাটা তুৰস্কৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰসমূহৰ ভিতৰত এখন। সেনা বিষয়াগৰাকীক আলিঙ্গন কৰা তুৰ্কী মহিলাগৰাকীয়ে স্থানীয় সংবাদ মাধ্যমক কয়, "দেশখনৰ বিপদৰ সময়ত ভাৰতে যিদৰে উদ্ধাৰ অভিযানত জঁপিয়াই পৰিছে তাৰ বাবে আমি কৃতজ্ঞ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন