--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্ক-ছিৰিয়াত ৬ ফেব্ৰুৱাৰীত সংঘটিত হোৱা শক্তিশালী ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। মৃত্যুৰ সংখ্যাই ২১ হাজাৰ অতিক্ৰম কৰিলে। এফালে ভূমিকম্পই হাজাৰ হাজাৰ মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে, আনফালে এই কৰুণ ঘটনাত এক অলৌকিক ঘটনাও সংঘটিত হ’ল। ভূমিকম্প অহাৰ আগে আগে এটি দেৱদূতৰ এই পৃথিৱীলৈ আগমন ঘটে। নৱজাতকটিয়ে জন্ম লৈছিল হে মাত্ৰ। মাতৃৰ সৈতে নৱজাতকটিৰ নাড়ী সংযুক্ত হৈয়ে আছিল। তেনেতে আহিল তুৰস্ক-ছিৰিয়াৰ সেই শক্তিশালী ভূমিকম্পটো। 

নতুনকৈ জন্ম হোৱা শিশুটি সেই সময়ত মাতৃৰ সৈতে আছিল এটা চাৰিমহলীয়া অট্টালিকাত। ভূমিকম্পত অট্টালিকাটো তাচপাত খহাদি খহি ধ্বংস হৈ যায়। এই ভূমিকম্পত শিশুটিৰ পৰিয়ালৰ সকলোৰে মৃত্যু হয়। আচৰিত ধৰণে কেৱল শিশুটো জীয়াই থাকিল। উদ্ধাৰকাৰী দলে নাড়ী কাটি ধ্বংসস্তুপৰ মাজৰ পৰা শিশুটো উদ্ধাৰ কৰে। সকলোৰে মৃত্যু হোৱাৰ পাছতো শিশুটো কিদৰে ৰক্ষা পৰিল সেই কথাত সকলো আশ্চৰ্যচকিত হৈ উঠে। 

কন্যা শিশুটিৰ নাম ৰখা হল ‘আয়া’। আৰৱী ভাষাত আয়াৰ অৰ্থ হৈছে - ‘ঈশ্বৰৰ চিন’ আৰু ‘চমৎকাৰ’। বৰ্তমান আয়াক এগৰাকী চিকিৎসকৰ পত্নীয়ে স্তনপান কৰোৱাই জীৱনদান দিছে। আয়াক খুৰাকৰ পৰিয়ালে গ্ৰহণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ভূমিকম্পৰ ১০ ঘণ্টাৰো অধিক সময়ৰ পাছতহে উদ্ধাৰকাৰীয়ে আয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান চিকিৎসালয়ত থকা আয়াৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিছে আৰু তাইৰ মেৰুদণ্ডৰ কোনো ক্ষতি হোৱা নাই। সঁচাকৈয়ে এই ধ্বংসলীলাত এটি নৱজাতকৰ কোনো ক্ষতি নোহোৱাটো চমৎকাৰ নহয়নো কি....!


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ