--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্ক-ছিৰিয়াত ৬ ফেব্ৰুৱাৰীত সংঘটিত হোৱা শক্তিশালী ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। মৃত্যুৰ সংখ্যাই ২১ হাজাৰ অতিক্ৰম কৰিলে। এফালে ভূমিকম্পই হাজাৰ হাজাৰ মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে, আনফালে এই কৰুণ ঘটনাত এক অলৌকিক ঘটনাও সংঘটিত হ’ল। ভূমিকম্প অহাৰ আগে আগে এটি দেৱদূতৰ এই পৃথিৱীলৈ আগমন ঘটে। নৱজাতকটিয়ে জন্ম লৈছিল হে মাত্ৰ। মাতৃৰ সৈতে নৱজাতকটিৰ নাড়ী সংযুক্ত হৈয়ে আছিল। তেনেতে আহিল তুৰস্ক-ছিৰিয়াৰ সেই শক্তিশালী ভূমিকম্পটো। 

নতুনকৈ জন্ম হোৱা শিশুটি সেই সময়ত মাতৃৰ সৈতে আছিল এটা চাৰিমহলীয়া অট্টালিকাত। ভূমিকম্পত অট্টালিকাটো তাচপাত খহাদি খহি ধ্বংস হৈ যায়। এই ভূমিকম্পত শিশুটিৰ পৰিয়ালৰ সকলোৰে মৃত্যু হয়। আচৰিত ধৰণে কেৱল শিশুটো জীয়াই থাকিল। উদ্ধাৰকাৰী দলে নাড়ী কাটি ধ্বংসস্তুপৰ মাজৰ পৰা শিশুটো উদ্ধাৰ কৰে। সকলোৰে মৃত্যু হোৱাৰ পাছতো শিশুটো কিদৰে ৰক্ষা পৰিল সেই কথাত সকলো আশ্চৰ্যচকিত হৈ উঠে। 

কন্যা শিশুটিৰ নাম ৰখা হল ‘আয়া’। আৰৱী ভাষাত আয়াৰ অৰ্থ হৈছে - ‘ঈশ্বৰৰ চিন’ আৰু ‘চমৎকাৰ’। বৰ্তমান আয়াক এগৰাকী চিকিৎসকৰ পত্নীয়ে স্তনপান কৰোৱাই জীৱনদান দিছে। আয়াক খুৰাকৰ পৰিয়ালে গ্ৰহণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ভূমিকম্পৰ ১০ ঘণ্টাৰো অধিক সময়ৰ পাছতহে উদ্ধাৰকাৰীয়ে আয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান চিকিৎসালয়ত থকা আয়াৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিছে আৰু তাইৰ মেৰুদণ্ডৰ কোনো ক্ষতি হোৱা নাই। সঁচাকৈয়ে এই ধ্বংসলীলাত এটি নৱজাতকৰ কোনো ক্ষতি নোহোৱাটো চমৎকাৰ নহয়নো কি....!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন