--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবন্দুকধাৰীৰ আক্ৰমণত পুনৰ কঁপি উঠিল আমেৰিকা৷  মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ চৌহদত সংঘটিত গুলীচালনাত (স্থানীয় কমেও তিনিজন লোক নিহত আৰু পাঁচজন লোক  আহত হৈছে৷ টুইটাৰত স্থাননীয়   আৰক্ষীয়ে  কয়, "গুলীচালনাৰ ঘটনাত ৩ জন লোকৰ মৃত্যু হৈছে। 

৫  জন লোক গুৰুতৰভাবে আহত হৈছে।" অন্তৱৰ্তীকালীন উপ আৰক্ষী প্ৰধান ক্ৰিছ ৰোজমেনে কয় যে আহত কেইবা জনো লোকৰ অৱস্থা সংকটজনক৷ সেয়ে মৃত্যুৰ সংখ্যা অধিক হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷  ৰোজমেনে কয় যে আৰক্ষীয়ে প্ৰথমতে নিশা ৮.১৮ বজাত (আমেৰিকাৰ স্থানীয় সময়) চৌহদৰ বাৰ্কী হলত হোৱা গুলীচালনা সন্দৰ্ভত ফোনকল পাইছিল। 

তাৰ পিছত আৰক্ষীয়ে ওচৰৰ এটা অট্টালিকা, বিশ্ববিদ্যালয়  ভৱন আদিতো  গুলীচালনাৰ খবৰ পাইছিল৷  আৰক্ষী প্ৰধানগৰাকীয়ে  কয় যে খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে দ্ৰুততাৰে কাম কৰিছিল আৰু আহতসকলক উদ্ধাৰ কৰিছিল। জানিব পৰা মতে বন্দুকধাৰী  সন্দেহজনক ব্যক্তিজনক  গুলীচালনা কৰি  ভৱনটোৰ উত্তৰ ফালে থকা এমএছইউ ইউনিয়ন ভৱনৰ পৰা ওলাই যোৱা দেখা গৈছিল। মিচিগান ষ্টেট ইউনিভাৰ্চিটি আৰক্ষীয়ে সন্দেহযুক্ত বন্দুকধাৰীজনৰ ছবি মুকলি কৰিছে।

 সন্দেহজনক ব্যক্তিজনে ৰঙা জোতা আৰু জিনছৰ  জেকেট পিন্ধি আছিল৷   ঘটনাটোৰ বিষয়ে বিৱৰণ দি মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ  গেব ট্ৰুটেলে কয় যে তেওঁ আৰু তেওঁৰ ৰুমমেটসকলে  চৌহদত গুলীচালনাৰ ঘটনা অব্যাহত থকাৰ সময়ত আতংকিত হৈ কোঠাৰ ভিতৰতে সোমাই আছিল৷ পিছত আৰক্ষী অহাত তেওঁলোকে বাহিৰলৈ আহি আৰক্ষীক সহায় কৰিছিল৷ উল্লেখ্য  আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা প্ৰায়ে ঘটি আহিছে৷ মিছিগান বিশ্ববিদ্যালয়ত বন্দুকধাৰীয়ে কিয় আক্ৰমণ চলালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ