--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবন্দুকধাৰীৰ আক্ৰমণত পুনৰ কঁপি উঠিল আমেৰিকা৷  মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ চৌহদত সংঘটিত গুলীচালনাত (স্থানীয় কমেও তিনিজন লোক নিহত আৰু পাঁচজন লোক  আহত হৈছে৷ টুইটাৰত স্থাননীয়   আৰক্ষীয়ে  কয়, "গুলীচালনাৰ ঘটনাত ৩ জন লোকৰ মৃত্যু হৈছে। 

৫  জন লোক গুৰুতৰভাবে আহত হৈছে।" অন্তৱৰ্তীকালীন উপ আৰক্ষী প্ৰধান ক্ৰিছ ৰোজমেনে কয় যে আহত কেইবা জনো লোকৰ অৱস্থা সংকটজনক৷ সেয়ে মৃত্যুৰ সংখ্যা অধিক হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷  ৰোজমেনে কয় যে আৰক্ষীয়ে প্ৰথমতে নিশা ৮.১৮ বজাত (আমেৰিকাৰ স্থানীয় সময়) চৌহদৰ বাৰ্কী হলত হোৱা গুলীচালনা সন্দৰ্ভত ফোনকল পাইছিল। 

তাৰ পিছত আৰক্ষীয়ে ওচৰৰ এটা অট্টালিকা, বিশ্ববিদ্যালয়  ভৱন আদিতো  গুলীচালনাৰ খবৰ পাইছিল৷  আৰক্ষী প্ৰধানগৰাকীয়ে  কয় যে খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে দ্ৰুততাৰে কাম কৰিছিল আৰু আহতসকলক উদ্ধাৰ কৰিছিল। জানিব পৰা মতে বন্দুকধাৰী  সন্দেহজনক ব্যক্তিজনক  গুলীচালনা কৰি  ভৱনটোৰ উত্তৰ ফালে থকা এমএছইউ ইউনিয়ন ভৱনৰ পৰা ওলাই যোৱা দেখা গৈছিল। মিচিগান ষ্টেট ইউনিভাৰ্চিটি আৰক্ষীয়ে সন্দেহযুক্ত বন্দুকধাৰীজনৰ ছবি মুকলি কৰিছে।

 সন্দেহজনক ব্যক্তিজনে ৰঙা জোতা আৰু জিনছৰ  জেকেট পিন্ধি আছিল৷   ঘটনাটোৰ বিষয়ে বিৱৰণ দি মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ  গেব ট্ৰুটেলে কয় যে তেওঁ আৰু তেওঁৰ ৰুমমেটসকলে  চৌহদত গুলীচালনাৰ ঘটনা অব্যাহত থকাৰ সময়ত আতংকিত হৈ কোঠাৰ ভিতৰতে সোমাই আছিল৷ পিছত আৰক্ষী অহাত তেওঁলোকে বাহিৰলৈ আহি আৰক্ষীক সহায় কৰিছিল৷ উল্লেখ্য  আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা প্ৰায়ে ঘটি আহিছে৷ মিছিগান বিশ্ববিদ্যালয়ত বন্দুকধাৰীয়ে কিয় আক্ৰমণ চলালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য