--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলপ্ৰেমীসকলৰ মাজত এতিয়া অপাৰ উন্মাদনা আৰু উৎকণ্ঠা। কোনে শেষ হাঁহি মাৰিব কাটাৰ বিশ্বকাপত? ব্ৰাজিল, ফ্ৰান্স, ইংলেণ্ড নে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাই? এই প্ৰশ্নসমূহ এতিয়া কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

ফুটবল সংস্থা ফিফাইও এই লৈ ব্যস্ত হৈ পৰিছে। খোদ ফিফাৰ বিশেষজ্ঞসকলে শেহতীয়াকৈ কোনে বিশ্বকাপ জয় কৰিব সেই কথা প্ৰকাশ কৰিছে। ফিফাৰ টেকনিকেল কমিটিৰ সদস্য তথা আৰ্চেনালৰ প্ৰাক্তন মেনেজাৰ আৰ্চেন ৱেংগাৰে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

 “খেলপথাৰৰ মাজত ফুটবলাৰসকলৰ সমাগম বহুত বেছি। তাৰ তুলনাত খেলপথাৰৰ দুয়োটা ফাল খালি থাকে। সেয়ে যি দলৰ উইং বেছি শক্তিশালী, তেওঁলোকৰে বিশ্বকাপ জিকাৰ সম্ভাৱনা বেছি।”- ৱেংগাৰে কয়।


উল্লেখ্য যে চলিত বিশ্বকাপত খেলপথাৰৰ মাজৰ ফালতকৈ উইঙত অধিক সফলতা লাভ কৰিছে বিজয়ী দলসমূহে। ৰাছিয়া বিশ্বকাপতকৈ উইঙৰ পৰা অহা ক্ৰছেৰে কৰা গ’লৰ সংখ্যা ৮৩ শতাংশ বেছি বুলি জনা গৈছে।

একে মত প্ৰকাশ কৰিছে প্ৰসিদ্ধ জাৰ্মান তাৰকা জৰ্গান ক্লিন্সমেনেও। তেওঁ কয় যে খেলপথাৰৰ মাজৰ পৰা আক্ৰমণ কৰা অত্যন্ত কঠিন। মাজৰ পৰা বল আগুৱাই নিয়াটো সম্ভৱ হোৱা হোৱা নাই।

“দক্ষিণ আমেৰিকাৰ ফুটবলাৰসকলে এই খেল খেলাত অভ্যস্ত। ৰাস্তাত ফুটবল খেলি ডাঙৰ হয় ফুটবলাৰসকল। সৰুৰে পৰাই তেওঁলোকে ৱান টু ৱান পদ্ধতিত খেলিবলৈ শিকে। সেয়ে অবাক হ’বলগা একো নাই। তেওঁলোক আগুৱাই যাব।”- জাৰ্মান তাৰকাগৰাকীয়ে কয়। ক্লিন্সমেনে এইবাৰৰ বিশ্বকাপত ব্ৰাজিল, আৰ্জেণ্টিনাৰ দৰে লেটিন আমেৰিকান দেশসমূহে ইউৰোপৰ দলসমূহৰ তুলনাত অধিক ভাল খেলিছে বুলিও কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক