--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলপ্ৰেমীসকলৰ মাজত এতিয়া অপাৰ উন্মাদনা আৰু উৎকণ্ঠা। কোনে শেষ হাঁহি মাৰিব কাটাৰ বিশ্বকাপত? ব্ৰাজিল, ফ্ৰান্স, ইংলেণ্ড নে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাই? এই প্ৰশ্নসমূহ এতিয়া কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

ফুটবল সংস্থা ফিফাইও এই লৈ ব্যস্ত হৈ পৰিছে। খোদ ফিফাৰ বিশেষজ্ঞসকলে শেহতীয়াকৈ কোনে বিশ্বকাপ জয় কৰিব সেই কথা প্ৰকাশ কৰিছে। ফিফাৰ টেকনিকেল কমিটিৰ সদস্য তথা আৰ্চেনালৰ প্ৰাক্তন মেনেজাৰ আৰ্চেন ৱেংগাৰে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

 “খেলপথাৰৰ মাজত ফুটবলাৰসকলৰ সমাগম বহুত বেছি। তাৰ তুলনাত খেলপথাৰৰ দুয়োটা ফাল খালি থাকে। সেয়ে যি দলৰ উইং বেছি শক্তিশালী, তেওঁলোকৰে বিশ্বকাপ জিকাৰ সম্ভাৱনা বেছি।”- ৱেংগাৰে কয়।


উল্লেখ্য যে চলিত বিশ্বকাপত খেলপথাৰৰ মাজৰ ফালতকৈ উইঙত অধিক সফলতা লাভ কৰিছে বিজয়ী দলসমূহে। ৰাছিয়া বিশ্বকাপতকৈ উইঙৰ পৰা অহা ক্ৰছেৰে কৰা গ’লৰ সংখ্যা ৮৩ শতাংশ বেছি বুলি জনা গৈছে।

একে মত প্ৰকাশ কৰিছে প্ৰসিদ্ধ জাৰ্মান তাৰকা জৰ্গান ক্লিন্সমেনেও। তেওঁ কয় যে খেলপথাৰৰ মাজৰ পৰা আক্ৰমণ কৰা অত্যন্ত কঠিন। মাজৰ পৰা বল আগুৱাই নিয়াটো সম্ভৱ হোৱা হোৱা নাই।

“দক্ষিণ আমেৰিকাৰ ফুটবলাৰসকলে এই খেল খেলাত অভ্যস্ত। ৰাস্তাত ফুটবল খেলি ডাঙৰ হয় ফুটবলাৰসকল। সৰুৰে পৰাই তেওঁলোকে ৱান টু ৱান পদ্ধতিত খেলিবলৈ শিকে। সেয়ে অবাক হ’বলগা একো নাই। তেওঁলোক আগুৱাই যাব।”- জাৰ্মান তাৰকাগৰাকীয়ে কয়। ক্লিন্সমেনে এইবাৰৰ বিশ্বকাপত ব্ৰাজিল, আৰ্জেণ্টিনাৰ দৰে লেটিন আমেৰিকান দেশসমূহে ইউৰোপৰ দলসমূহৰ তুলনাত অধিক ভাল খেলিছে বুলিও কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু