--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দলৰ প্ৰশিক্ষকৰ স’তে সংঘাতত লিপ্ত হৈছে ক্ৰিষ্টিয়ানো ৰোণাল্ডো! চুইজাৰলেণ্ডৰ বিৰুদ্ধে কাটাৰ বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত নমাৰ পূৰ্বে ৰোণাল্ডো বনাম প্ৰশিক্ষকৰ সংঘাত লক্ষ্যণীয় হৈ পৰিছে।

জানিব পৰা মতে, গ্ৰুপ পৰ্বৰ শেষৰখন মেচত ৰোণাল্ডোক খেলা শেষ হোৱাৰ পূৰ্বেই চাবষ্টিটিউট কৰা হৈছিল। তৰাপাছতে প্ৰশিক্ষক ফাৰ্ণাণ্ড’ চান্টোছৰ স’তে মতবিৰোধ হ’ল ৰোণাল্ডোৰ।

সংঘাতৰ ফলস্বৰূপে পৰৱৰ্তী মেচখনত দলৰ অধিনায়ক সলনি কৰা হ’ব পাৰে। অৰ্থাৎ ৰোণাল্ডোৰ অধিনায়কত্বত চুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ নহয় পৰ্তুগাল। প্ৰশিক্ষকগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে। প্ৰশিক্ষকগৰাকীয়ে নিজে পৰ্তুগালৰ অধিনায়ক নিৰ্বাচন কৰিব।

উল্লেখ্য যে গ্ৰুপৰ শেষৰখন মেচত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পৰাজীত হৈছিল পৰ্তুগাল। মেচখনৰ পৰা ৰোণাল্ডোক আঁতৰি নিয়াৰ পাছতে অসন্তুষ্টিভৰা অংগীভংগী কৰিছিল ৩৭ বৰ্ষীয় তাৰকাগৰাকীয়ে। মুখত আঙুলি থৈ চুপ কৰাৰ ভংগী প্ৰদৰ্শন কৰিছিল তেওঁ।

পাছত ৰোণাল্ডোৱে ইয়াৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল। কৈছিল যে দলৰ প্ৰশিক্ষকলৈ উদ্দেশ্য কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাছিল। বৰঞ্চ দক্ষিণ কোৰিয়াৰ এজন খেলুৱৈক উদ্দেশ্য কৰিহে মুখত আঙুলি থোৱা হৈছিল।

“মই যেতিয়া খেলপথাৰৰ পৰা বাহিৰ হৈছিলো, তেতিয়া দক্ষিণ কোৰিয়াৰ এজন ফুটবলাৰে মোক সোনকালে বাহিৰ হ’বলৈ কৈছিল। মই তেওঁক মুখ বন্ধ ৰাখিবলৈ কৈছিলো। তেওঁৰ কোনো অধিকাৰ নাছিল এনেদৰে কোৱাৰ। প্ৰশিক্ষকৰ স’তে ইয়াৰ কোনো সম্পৰ্ক নাই।”

কিন্তু ৰোণাল্ডোৰ এই স্পষ্টীকৰণে সন্তষ্ট কৰিব নোৱাৰিলে প্ৰশিক্ষকক। তেওঁ কয় যে ৰোণাল্ডোৰ অংগীভংগী তেওঁৰ ভাল লগা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক