--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দলৰ প্ৰশিক্ষকৰ স’তে সংঘাতত লিপ্ত হৈছে ক্ৰিষ্টিয়ানো ৰোণাল্ডো! চুইজাৰলেণ্ডৰ বিৰুদ্ধে কাটাৰ বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত নমাৰ পূৰ্বে ৰোণাল্ডো বনাম প্ৰশিক্ষকৰ সংঘাত লক্ষ্যণীয় হৈ পৰিছে।

জানিব পৰা মতে, গ্ৰুপ পৰ্বৰ শেষৰখন মেচত ৰোণাল্ডোক খেলা শেষ হোৱাৰ পূৰ্বেই চাবষ্টিটিউট কৰা হৈছিল। তৰাপাছতে প্ৰশিক্ষক ফাৰ্ণাণ্ড’ চান্টোছৰ স’তে মতবিৰোধ হ’ল ৰোণাল্ডোৰ।

সংঘাতৰ ফলস্বৰূপে পৰৱৰ্তী মেচখনত দলৰ অধিনায়ক সলনি কৰা হ’ব পাৰে। অৰ্থাৎ ৰোণাল্ডোৰ অধিনায়কত্বত চুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ নহয় পৰ্তুগাল। প্ৰশিক্ষকগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে। প্ৰশিক্ষকগৰাকীয়ে নিজে পৰ্তুগালৰ অধিনায়ক নিৰ্বাচন কৰিব।

উল্লেখ্য যে গ্ৰুপৰ শেষৰখন মেচত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পৰাজীত হৈছিল পৰ্তুগাল। মেচখনৰ পৰা ৰোণাল্ডোক আঁতৰি নিয়াৰ পাছতে অসন্তুষ্টিভৰা অংগীভংগী কৰিছিল ৩৭ বৰ্ষীয় তাৰকাগৰাকীয়ে। মুখত আঙুলি থৈ চুপ কৰাৰ ভংগী প্ৰদৰ্শন কৰিছিল তেওঁ।

পাছত ৰোণাল্ডোৱে ইয়াৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল। কৈছিল যে দলৰ প্ৰশিক্ষকলৈ উদ্দেশ্য কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাছিল। বৰঞ্চ দক্ষিণ কোৰিয়াৰ এজন খেলুৱৈক উদ্দেশ্য কৰিহে মুখত আঙুলি থোৱা হৈছিল।

“মই যেতিয়া খেলপথাৰৰ পৰা বাহিৰ হৈছিলো, তেতিয়া দক্ষিণ কোৰিয়াৰ এজন ফুটবলাৰে মোক সোনকালে বাহিৰ হ’বলৈ কৈছিল। মই তেওঁক মুখ বন্ধ ৰাখিবলৈ কৈছিলো। তেওঁৰ কোনো অধিকাৰ নাছিল এনেদৰে কোৱাৰ। প্ৰশিক্ষকৰ স’তে ইয়াৰ কোনো সম্পৰ্ক নাই।”

কিন্তু ৰোণাল্ডোৰ এই স্পষ্টীকৰণে সন্তষ্ট কৰিব নোৱাৰিলে প্ৰশিক্ষকক। তেওঁ কয় যে ৰোণাল্ডোৰ অংগীভংগী তেওঁৰ ভাল লগা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু