--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট যে ধনী মানুহৰ খেল সেই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ইয়াৰ আঁৰত বহু কাৰণ আছে, যেনে টিভিৰ লগতে অ’টিটি প্লেটফৰ্মতো ক্ৰিকেটৰ লাইভ কভাৰেজ কৰা হয়। ইয়াৰ লগতে বৃহৎ সংখ্যক দৰ্শকে ক্ৰিকেট চাবলৈ ষ্টেডিয়ামত উপস্থিত হয়। এই সকলোবোৰ কামৰ বাবে বহুত টকা খৰচ হয়। ইয়াৰ লগতে পৃষ্ঠপোষকৰ প্ৰাচুৰ্য্যই খেলখনৰ লগতে খেলুৱৈসকলকো ব্যয়বহুল কৰি তুলিছিল। কোটি কোটি টকাৰ সম্পত্তি থকা ভাৰতৰ আটাইতকৈ দামী খেলুৱৈসকলৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক।

১) ধনী ক্ৰিকেট খেলুৱৈৰ তালিকাত প্ৰথম স্থানত আছে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ নাম। ভাৰতৰ লগতে বিশ্বৰ ধনী ক্ৰিকেটাৰৰ তালিকাত শীৰ্ষ স্থানত আছে শচীনৰ নাম। এদিনীয়া আৰু টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ বাবেও তেওঁ পৰিচিত। ইয়াৰ উপৰিও তেওঁ ইউনিচেফ, বিএমডব্লিউ, লুমিনাছ, ৰিলায়েন্স কমিউনিকেচন আৰু টোছিবাৰ দৰে ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। খবৰ অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০০০ কোটিৰো অধিক।

২) এই তালিকাৰ দ্বিতীয় নামটো হৈছে বিৰাট কোহলীৰ। বিৰাট কোহলীৰ মুঠ সম্পত্তিৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি তেওঁৰ হাতত ৯৮০ কোটি টকা আছে। তেওঁৰ অধিনায়কত্বৰ অধীনত ভাৰতে ২৯ খন টি-২০ মেচত জয়লাভ কৰে। কোৱা হৈছে যে কোহলীৰ মেচ মাচুলৰ বাহিৰেও তেওঁৰ বাৰ্ষিক আয় ৭ কোটি টকা।

৩) ভাৰতৰ আটাইতকৈ ধনী ক্ৰিকেটাৰৰ ভিতৰত তৃতীয় স্থানত আছে এম এছ ধোনিৰ নাম। দুটা বিশ্বকাপত টিম ইণ্ডিয়াৰ নেতৃত্ব দিয়া এম এছ ধোনীৰ সম্পত্তিৰ পৰিমাণ ৭৬৭ কোটি টকা। তেওঁ ইণ্ডিগো পেইণ্ট, অৰিয়েণ্ট পিএছপিঅ’, ৰিবক, এমিটি ইউনিভাৰ্চিটি, শ্বেয়াৰ মাৰ্কেট ইকুইটি ফাৰ্ম আদি ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ।

৪) ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ মুঠ সম্পত্তি ১৩০ কোটি টকা। বৰ্তমান তেওঁ ২৪টা ব্ৰেণ্ডৰ সমৰ্থন কৰে। তেওঁৰ নেতৃত্বত ৰোহিত শৰ্মাই এই পৰ্যন্ত মুম্বাই ইণ্ডিয়ানছৰ হাতত ৫টা আই পি এল খিতাপ দখল কৰিছে।

৫) ভাৰতীয় দলৰ এজন উৎকৃষ্ট অল ৰাউণ্ডাৰ হিচাপে ৰবীন্দ্ৰ জাডেজা অতি বিখ্যাত। জাডেজাকো শ্ৰেষ্ঠ ফিল্ডাৰৰ ভিতৰত গণ্য কৰা হয়। খবৰ অনুসৰি তেওঁ বছৰি এক কোটি টকা উপাৰ্জন কৰে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০০ কোটি টকা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক