--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বাবে এক গৌৰৱৰ বতৰা৷ অসমৰ অপূৰ্ণা নাৰ্জাৰীয়ে ভাৰতীয় মহিলা ফুটবল দলৰ আগন্তুক ছুইডেনৰ বিৰুদ্ধে খেলত নেতৃত্ব দিব।টুইটাৰত এই সুখৰ বতৰা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে প্ৰকাশ কৰে।

অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও অপূৰ্ণা নাৰ্জাৰীক অভিনন্দন জনাই লিখিছে "এয়া এক ডাঙৰ খবৰ - কোকৰাঝাৰৰ পৰা অপূৰ্ণা নাৰ্জাৰী ছুইডেনত খেলিবলৈ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ।"

উল্লেখ্য যে,অসমৰ কন্যা অপূৰ্ণা নাৰ্জাৰীৰ নেতৃত্বত চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰতীয় মহিলা ফুটবল দলে ভিয়েটনামত ছিংগাপুৰক ৭-০ গ’লত ব্যাপক ব্যৱধানত পৰাস্ত কৰিছিল। এ এফ চি অনূৰ্ধ্ব ২০ এছিয়ান কাপ কোৱালিফায়াৰৰ প্ৰথম ৰাউণ্ডত মহিলা দলৰ অধিনায়কত্ব কৰি অপূৰ্ণা নাৰ্জাৰীয়ে জয়লাভ কৰে। মহিলা দলটোৱে সেইদিনা ৭ গ’লৰ জয়ৰে প্ৰতিদ্বন্দ্বী দলক পৰাজিত কৰে।

খবৰ অনুসৰি, যেতিয়া অপূৰ্ণা নাৰ্জাৰীক মুখ্য প্ৰশিক্ষক মেমল ৰকিয়ে এ এফ চি অনূৰ্ধ্ব-২০ এছিয়ান কাপ কোৱালিফায়াৰছ ৰাউণ্ড ১ মেচত দলটোক নেতৃত্ব দিব বুলি জনাইছিল, তেতিয়া তেওঁ এক মিনিটৰ বাবে বাকৰুদ্ধ হৈ পৰিছিল বুলি জানিবলৈ দিয়ে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক