--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বাবে এক গৌৰৱৰ বতৰা৷ অসমৰ অপূৰ্ণা নাৰ্জাৰীয়ে ভাৰতীয় মহিলা ফুটবল দলৰ আগন্তুক ছুইডেনৰ বিৰুদ্ধে খেলত নেতৃত্ব দিব।টুইটাৰত এই সুখৰ বতৰা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে প্ৰকাশ কৰে।

অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও অপূৰ্ণা নাৰ্জাৰীক অভিনন্দন জনাই লিখিছে "এয়া এক ডাঙৰ খবৰ - কোকৰাঝাৰৰ পৰা অপূৰ্ণা নাৰ্জাৰী ছুইডেনত খেলিবলৈ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ।"

উল্লেখ্য যে,অসমৰ কন্যা অপূৰ্ণা নাৰ্জাৰীৰ নেতৃত্বত চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰতীয় মহিলা ফুটবল দলে ভিয়েটনামত ছিংগাপুৰক ৭-০ গ’লত ব্যাপক ব্যৱধানত পৰাস্ত কৰিছিল। এ এফ চি অনূৰ্ধ্ব ২০ এছিয়ান কাপ কোৱালিফায়াৰৰ প্ৰথম ৰাউণ্ডত মহিলা দলৰ অধিনায়কত্ব কৰি অপূৰ্ণা নাৰ্জাৰীয়ে জয়লাভ কৰে। মহিলা দলটোৱে সেইদিনা ৭ গ’লৰ জয়ৰে প্ৰতিদ্বন্দ্বী দলক পৰাজিত কৰে।

খবৰ অনুসৰি, যেতিয়া অপূৰ্ণা নাৰ্জাৰীক মুখ্য প্ৰশিক্ষক মেমল ৰকিয়ে এ এফ চি অনূৰ্ধ্ব-২০ এছিয়ান কাপ কোৱালিফায়াৰছ ৰাউণ্ড ১ মেচত দলটোক নেতৃত্ব দিব বুলি জনাইছিল, তেতিয়া তেওঁ এক মিনিটৰ বাবে বাকৰুদ্ধ হৈ পৰিছিল বুলি জানিবলৈ দিয়ে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ