--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ। হেৰ'ইন আৰু মেথামফেটামাইন জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত চি আই ডিয়ে খাওজল জিলাৰ ডুলটে ভিলেজ এলেকাত অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।

ত্ৰিপুৰা ৰাজ্যৰ পঞ্জীয়নভুক্ত এখন বলেৰ' বাহনত তালাচী চলাই ১৪.০৮২ কেজি সন্দেহযুক্ত মেথামফেটামাইন আৰু ২.৮০৪ কেজি হেৰ’ইন জব্দ কৰিছে চি আই ডিয়ে। 

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ত্ৰিপুৰাৰ তিনি জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক কেইজন চুনামুৰা চেপাহিজালা জিলাৰ ম: ইমান হুছেইন (২৩ বছৰ), ৰিপ্পন হুছেইন (৩৭ বছৰ) আৰু পুৱ ত্ৰিপুৰা জিলাৰ চণ্ডীগড়ৰ নিৰঞ্জন কৰ্মকাৰ (৪০ বছৰ)।

হেৰ'ইনখিনি ১৯১টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয়। TR 05 C- 1813 নম্বৰৰ বাহনখনৰ পৰা গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় বুজণ পৰিমাণৰ এই নিচা জাতীয় সামগ্ৰীখিনি।

জব্দ কৰা নিচা জাতীয় সামগ্ৰীখিনিৰ মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। 

নিৰঞ্জন কৰ্মকাৰ সেনাৰ এগৰাকী লেফটেনেণ্টৰ পুত্ৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ