--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ। হেৰ'ইন আৰু মেথামফেটামাইন জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত চি আই ডিয়ে খাওজল জিলাৰ ডুলটে ভিলেজ এলেকাত অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।

ত্ৰিপুৰা ৰাজ্যৰ পঞ্জীয়নভুক্ত এখন বলেৰ' বাহনত তালাচী চলাই ১৪.০৮২ কেজি সন্দেহযুক্ত মেথামফেটামাইন আৰু ২.৮০৪ কেজি হেৰ’ইন জব্দ কৰিছে চি আই ডিয়ে। 

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ত্ৰিপুৰাৰ তিনি জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক কেইজন চুনামুৰা চেপাহিজালা জিলাৰ ম: ইমান হুছেইন (২৩ বছৰ), ৰিপ্পন হুছেইন (৩৭ বছৰ) আৰু পুৱ ত্ৰিপুৰা জিলাৰ চণ্ডীগড়ৰ নিৰঞ্জন কৰ্মকাৰ (৪০ বছৰ)।

হেৰ'ইনখিনি ১৯১টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয়। TR 05 C- 1813 নম্বৰৰ বাহনখনৰ পৰা গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় বুজণ পৰিমাণৰ এই নিচা জাতীয় সামগ্ৰীখিনি।

জব্দ কৰা নিচা জাতীয় সামগ্ৰীখিনিৰ মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। 

নিৰঞ্জন কৰ্মকাৰ সেনাৰ এগৰাকী লেফটেনেণ্টৰ পুত্ৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ