--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে  অপমানজনক মন্তব্য কৰাৰ অভিযোগত   উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ আদালতত হাজিৰ হ’ব লগা হ’ল  বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ সাংসদ-বিধায়ক আদালতত হাজিৰ হয় ৰাহুল গান্ধীয়ে। ১২ আগষ্টত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। 

ৰাহুলৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁ  ২০১৮ চনত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে  অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। ৰাহুলে দাবী কৰিছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে। সংবাদমেলত সেই সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল যে বিজেপিয়ে সুস্থ আৰু স্বচ্ছ ৰাজনীতিৰ কথা কয়, কিন্তু দলৰ সভাপতিজন হত্যাৰ গোচৰত অভিযুক্ত। সেই সময়ত শ্বাহ বিজেপিৰ সভাপতি আছিল।

সেই মন্তব্যৰ বাবে উত্তৰ প্ৰদেশৰ বিজেপি নেতা বিজয় মিশ্ৰই ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল। চলিতবৰ্ষৰ ফেব্ৰুৱাৰী মাহত আদালতে ৰাহুলৰ জামিন আবেদন মঞ্জুৰ কৰি ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু কংগ্ৰেছ নেতাজন আদালতত উপস্থিত হোৱা নাছিল। তেওঁ কেইবাবাৰো চমন আওকাণ কৰিলে। শুকুৰবাৰে আদালতে তেওঁক হাজিৰ হোৱাৰ ‘শেষ সুযোগ’ দিছিল। সেইবাবেই ৰাহুল গান্ধীয়ে আজি আদালতত হাজিৰ হয়।  

মন কৰিবলগীয়া যে ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও মানহানিৰ গোচৰ চলি আছে। ইয়াৰ পূৰ্বেও তেওঁ কেইবাটাও গোচৰত জামিন লাভ কৰিছিল। কিন্তু যোৱা বছৰ মোদী উপাধিৰ গোচৰত তেওঁ ডাঙৰ সমস্যাত পৰিছিল। সেই মানহানিৰ গোচৰটোত তেওঁ সাংসদ পদ হেৰুৱাবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ