--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে  অপমানজনক মন্তব্য কৰাৰ অভিযোগত   উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ আদালতত হাজিৰ হ’ব লগা হ’ল  বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ সাংসদ-বিধায়ক আদালতত হাজিৰ হয় ৰাহুল গান্ধীয়ে। ১২ আগষ্টত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। 

ৰাহুলৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁ  ২০১৮ চনত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে  অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। ৰাহুলে দাবী কৰিছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে। সংবাদমেলত সেই সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল যে বিজেপিয়ে সুস্থ আৰু স্বচ্ছ ৰাজনীতিৰ কথা কয়, কিন্তু দলৰ সভাপতিজন হত্যাৰ গোচৰত অভিযুক্ত। সেই সময়ত শ্বাহ বিজেপিৰ সভাপতি আছিল।

সেই মন্তব্যৰ বাবে উত্তৰ প্ৰদেশৰ বিজেপি নেতা বিজয় মিশ্ৰই ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল। চলিতবৰ্ষৰ ফেব্ৰুৱাৰী মাহত আদালতে ৰাহুলৰ জামিন আবেদন মঞ্জুৰ কৰি ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু কংগ্ৰেছ নেতাজন আদালতত উপস্থিত হোৱা নাছিল। তেওঁ কেইবাবাৰো চমন আওকাণ কৰিলে। শুকুৰবাৰে আদালতে তেওঁক হাজিৰ হোৱাৰ ‘শেষ সুযোগ’ দিছিল। সেইবাবেই ৰাহুল গান্ধীয়ে আজি আদালতত হাজিৰ হয়।  

মন কৰিবলগীয়া যে ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও মানহানিৰ গোচৰ চলি আছে। ইয়াৰ পূৰ্বেও তেওঁ কেইবাটাও গোচৰত জামিন লাভ কৰিছিল। কিন্তু যোৱা বছৰ মোদী উপাধিৰ গোচৰত তেওঁ ডাঙৰ সমস্যাত পৰিছিল। সেই মানহানিৰ গোচৰটোত তেওঁ সাংসদ পদ হেৰুৱাবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু