--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ কিতাপৰ পৰা মোগল যুগৰ বিষয়ে থকা সকলো অধ্যায় আঁতৰাই দিয়াৰ পিছত এইবাৰ বিজ্ঞানৰ কিতাপখনৰ পৰাও বাদ পৰিছে এটা পুৰণি তত্ত্ব। শেহতীয়াকৈ চাৰ্লছ ডাৰউইনৰ বিৱৰ্তনবাদৰ তত্ত্ব চিবিএছই বোৰ্ডৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে।এনে সিদ্ধান্ত বিৰুদ্ধে জাগ্ৰত হৈছে একাংশ  বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞ। বিষয়টোৰ বিৰোধিতা কৰি বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞসকলে এখন মুকলি পত্ৰত লিখি উদ্বেগ প্ৰকাশ কৰিছে।

এনচিইআৰটিয়ে শেহতীয়াকৈ চিবিএছই বোৰ্ডৰ দশম শ্ৰেণীৰ কিতাপসমূহৰ পৰা বিৱৰ্তনৰ অধ্যায়টো বাদ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে প্ৰতিবাদ কৰিবলৈ একত্ৰিত হৈছে। পত্ৰখনত কোৱা হৈছে : শিক্ষাৰ্থীসকলৰ বাবে বিজ্ঞানৰ অনুভূতি বিকশিত কৰাৰ বাবে বিৱৰ্তনৰ জ্ঞান অপৰিহাৰ্য। ইয়াৰ অবিহনে তেওঁলোকৰ বিজ্ঞান শিক্ষা সম্পূৰ্ণ  নহ'ব। বিশেষজ্ঞসকলে এইবুলিও  উদ্বেগ প্ৰকাশ কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত এনে ধৰণৰ বঞ্চনা শিক্ষাৰ্থীসকলক প্ৰতাৰণা কৰাৰ সমান।

দেশৰ 'ব্ৰেকথ্ৰু চাইন্স চ'চাইটি' নামৰ এক স্বেচ্ছাসেৱী বিজ্ঞান সংগঠনে এনচিইআৰটিলৈ এই  মুকলি পত্ৰ খন প্ৰেৰণ কৰিছে।  পত্ৰখনত ডাৰউইনৰ বিৱৰ্তনবাদৰ তত্ত্ব  চিবিএছই বোৰ্ডৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভূক্ত কৰাৰ  দাবী জনোৱা হৈছে। পত্ৰখনত ১,৮০০ জন বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞই স্বাক্ষৰ কৰিছে। তাৰে ভিতৰত আইআইটি, আইআইএছইআৰ, টাটা ইনষ্টিটিউটৰ দৰে দেশৰ বহু আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক তথা বিজ্ঞানীও  আছে। 

পত্ৰ খনত লগতে কোৱা হৈছে  "বিৱৰ্তনৰ জ্ঞান কেৱল বিজ্ঞানৰ বাবেই নহয়, আমাৰ চাৰিওফালৰ পৃথিৱীখন বুজাৰ বাবেও অতি গুৰুত্বপূৰ্ণ। ডাৰউইনৰ তত্ত্ব বিজ্ঞান আৰু দৈনন্দিন জীৱনৰ বিভিন্ন দিশ বুজাত আৰু  সিদ্ধান্ত লোৱাত উপযোগী। ''












FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী