--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ কিতাপৰ পৰা মোগল যুগৰ বিষয়ে থকা সকলো অধ্যায় আঁতৰাই দিয়াৰ পিছত এইবাৰ বিজ্ঞানৰ কিতাপখনৰ পৰাও বাদ পৰিছে এটা পুৰণি তত্ত্ব। শেহতীয়াকৈ চাৰ্লছ ডাৰউইনৰ বিৱৰ্তনবাদৰ তত্ত্ব চিবিএছই বোৰ্ডৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে।এনে সিদ্ধান্ত বিৰুদ্ধে জাগ্ৰত হৈছে একাংশ  বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞ। বিষয়টোৰ বিৰোধিতা কৰি বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞসকলে এখন মুকলি পত্ৰত লিখি উদ্বেগ প্ৰকাশ কৰিছে।

এনচিইআৰটিয়ে শেহতীয়াকৈ চিবিএছই বোৰ্ডৰ দশম শ্ৰেণীৰ কিতাপসমূহৰ পৰা বিৱৰ্তনৰ অধ্যায়টো বাদ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে প্ৰতিবাদ কৰিবলৈ একত্ৰিত হৈছে। পত্ৰখনত কোৱা হৈছে : শিক্ষাৰ্থীসকলৰ বাবে বিজ্ঞানৰ অনুভূতি বিকশিত কৰাৰ বাবে বিৱৰ্তনৰ জ্ঞান অপৰিহাৰ্য। ইয়াৰ অবিহনে তেওঁলোকৰ বিজ্ঞান শিক্ষা সম্পূৰ্ণ  নহ'ব। বিশেষজ্ঞসকলে এইবুলিও  উদ্বেগ প্ৰকাশ কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত এনে ধৰণৰ বঞ্চনা শিক্ষাৰ্থীসকলক প্ৰতাৰণা কৰাৰ সমান।

দেশৰ 'ব্ৰেকথ্ৰু চাইন্স চ'চাইটি' নামৰ এক স্বেচ্ছাসেৱী বিজ্ঞান সংগঠনে এনচিইআৰটিলৈ এই  মুকলি পত্ৰ খন প্ৰেৰণ কৰিছে।  পত্ৰখনত ডাৰউইনৰ বিৱৰ্তনবাদৰ তত্ত্ব  চিবিএছই বোৰ্ডৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভূক্ত কৰাৰ  দাবী জনোৱা হৈছে। পত্ৰখনত ১,৮০০ জন বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞই স্বাক্ষৰ কৰিছে। তাৰে ভিতৰত আইআইটি, আইআইএছইআৰ, টাটা ইনষ্টিটিউটৰ দৰে দেশৰ বহু আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক তথা বিজ্ঞানীও  আছে। 

পত্ৰ খনত লগতে কোৱা হৈছে  "বিৱৰ্তনৰ জ্ঞান কেৱল বিজ্ঞানৰ বাবেই নহয়, আমাৰ চাৰিওফালৰ পৃথিৱীখন বুজাৰ বাবেও অতি গুৰুত্বপূৰ্ণ। ডাৰউইনৰ তত্ত্ব বিজ্ঞান আৰু দৈনন্দিন জীৱনৰ বিভিন্ন দিশ বুজাত আৰু  সিদ্ধান্ত লোৱাত উপযোগী। ''












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে