--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই অগ্নিকাণ্ডৰ ফলত মন্দিৰৰ ভিতৰত থকা উপাচাৰ, কাপোৰ-কানি আৰু অন্যান্য সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ধৰ্মীয় স্থানভাগত হোৱা এই ক্ষয়-ক্ষতিৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনা আৰু চাঞ্চল্যৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক: পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত এক অনাকাংক্ষিত আৰু স্পৰ্শকাতৰ ঘটনা সংঘটিত হৈছে। স্থানীয় এক শিৱ মন্দিৰ আৰু কালী মন্দিৰত এজন লোকে অনাধিকাৰ প্ৰৱেশ কৰি তাত থকা শিৱ লিংগ আৰু কালী মূৰ্তিত অগ্নিসংযোগ কৰে।


এই অগ্নিকাণ্ডৰ ফলত মন্দিৰৰ ভিতৰত থকা উপাচাৰ, কাপোৰ-কানি আৰু অন্যান্য সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ধৰ্মীয় স্থানভাগত হোৱা এই ক্ষয়-ক্ষতিৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনা আৰু চাঞ্চল্যৰ সৃষ্টি হয়।


প্ৰথম অৱস্থাত অচিনাক্ত বুলি সন্দেহ কৰা অভিযুক্ত লোকজনক পৰৱৰ্তী সময়ত চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, লোকজনৰ নাম আমজাদ আলী আৰু তেওঁৰ ঘৰ বাসুগাৱঁত।


ঘটনাৰ পিছতে সজাগ স্থানীয় ৰাইজে আমজাদ আলীক কৰায়ত্ত কৰে আৰু ততাতৈয়াকৈ মাইলু আৰক্ষীক গতাই দিয়ে। বৰ্তমান ঘটনাৰ প্ৰকৃত কাৰণ আৰু উদ্দেশ্য সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে আমজাদ আলীক থানাত ৰাখি সোধপোছ অব্যাহত ৰাখিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?