--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২৯ এপ্ৰিলৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈ আছে। লিডুৰ ৰেলৱে কলনিস্থিত নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই তেওঁৰ কোনো শুংসূত্ৰ পোৱা যোৱা নাই।

ডিজিটেল ডেস্ক: মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ পৰা এগৰাকী ৩৪ বছৰীয়া মহিলা নিখোজ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দিষ্ট মহিলাগৰাকী লিডুৰ মিলন মন্দিৰৰ সমীপৰ ৰেলৱে কলনিৰ বাসিন্দা বাপী দেৱনাথৰ পত্নী আশা দেৱনাথ বুলি চিনাক্ত কৰা হৈছে।


যোৱা ২৯ এপ্ৰিলৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈ আছে। লিডুৰ ৰেলৱে কলনিস্থিত নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই তেওঁৰ কোনো শুংসূত্ৰ পোৱা যোৱা নাই।


ঘটনাৰ পিছৰে পৰা পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে আশা দেৱনাথৰ বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। অৱশেষত উপায়হীন হৈ পৰিয়ালে সমগ্ৰ বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰে।


কোনো সদাশয় ব্যক্তিয়ে যদি মহিলাগৰাকীৰ কিবা সন্ধান পায়, তেন্তে পলম নকৰি তলত দিয়া ম’বাইল নম্বৰত যোগাযোগ কৰি পৰিয়ালটোক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনোৱা হৈছে।


যোগাযোগৰ নম্বৰ: 7099201688





FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?