--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘মিষ্টাৰ ৩৬০’! ক্ৰিকেট বিশ্বত এই অভিধাৰে জনপ্ৰিয় হৈ পৰিছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মহাতাৰকা এবি ডে ভিলিয়াৰ্চ। বেটিং ক্ৰীজত থিয় হৈ খেলপথাৰৰ চাৰিওফালে নিৰ্দয় প্ৰহাৰ কৰাৰ সক্ষমতাৰ বাবে ভিলিয়াৰ্চক ক্ৰিকেট জগতত ‘মিষ্টাৰ ৩৬০’ নামেৰে অভিহিত কৰা হৈছিল। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ভিলিয়াৰ্চৰ অৱসৰৰ পাছত পুনৰ ক্ৰিকেটলৈ আগমন ঘটিছে আন এগৰাকী ‘মিষ্টাৰ ৩৬০’ৰ। এই নতুন ‘মিষ্টাৰ ৩৬০’ গৰাকী আন কোনো নহয়, সাম্প্ৰতিক ভাৰতীয় দলৰ বেটিং ক্ৰমৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা সূৰ্যকুমাৰ যাদৱ। 

ইতিমধ্যে যাদৱক ক্ৰিকেট বিশেষজ্ঞ সকলে ক্ৰিকেট জগতৰ নৱ আৱিষ্কাৰ বুলি স্বীকৃতি দিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পাছতে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সূৰ্যকুমাৰ যাদৱে ভাৰতীয় মিডল অৰ্ডাৰক এক নতুন শক্তি প্ৰদান কৰিছে। কেৱল মিডল অৰ্ডাৰতে নহয়, সম্প্ৰতি অপেনাৰ হিচাপেও উজলি উঠিছে তাৰকাগৰাকী।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাত দলৰ ইনিংছ মুকলিৰ দায়িত্ব বহন কৰা সূৰ্যকুমাৰ যাদৱ প্ৰথম দুখন মেচত ব্যৰ্থ হ’লেও তৃতীয়খন মেচত মঙ্গলবাৰে স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠে। মেচখনত ৪৪ বলত ৭৬ ৰানৰ এক দুৰ্দান্ত মেচ বিজয়ী ইনিংছ খেলে যাদৱে। এই প্ৰদৰ্শনৰ প্ৰভাৱ সামগ্ৰিকভাৱে যাদৱৰ টি-২০ কেৰিয়াৰতো পৰে।

মমঙ্গলবাৰ ইনিংছটোৰ পাছতে আইচিচি- এ আজি প্ৰকাশ কৰা নতুন ৰেংকিঙত টি-২০ ফৰ্মেটত কেৰিয়াৰ শ্ৰেষ্ঠ দ্বিতীয় স্থানলৈ উন্নীত হয় যাদৱ। এইক্ষেত্ৰত যাদৱে অতিক্ৰম কৰে দক্ষিণ আফ্ৰিকাৰ এইডেন মাৰ্ক্ৰাম আৰু পাকিস্তানৰ মহম্মদ ৰিজৱানক। 

টি-২০ ৰেংকিঙত যাদৱতকৈ এতিয়া আগত আছে কেৱল পাকিস্তানৰ অধিনায়ক বাবৰ আজম। অৱশ্যে বাবৰতকৈ মাত্ৰ দুটা ৰেটিং পইণ্টতহে পিছ পৰি আছে সূৰ্যকুমাৰ যাদৱ। চলিত ৱেষ্ট ইণ্ডিজ শৃংখলাতে যাদৱে বাবৰক অতিক্ৰমি শীৰ্ষত উপনীত হোৱাৰ সুযোগ লাভ কৰিব। 

শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে যাদৱ ৰেংকিঙত চতুৰ্থ স্থানত আছিল। এতিয়া যাদৱৰ উত্থানৰ পিছত মহম্মদ ৰিজৱান তৃতীয় স্থানলৈ আৰু এইডেন মাৰ্ক্ৰাম চতুৰ্থ স্থানলৈ অৱনমিত হয়। তেওঁলোকৰ পিছতে পঞ্চম স্থানত আছে ইংলেণ্ডৰ ডেৱিড মালান।

উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱে বিগত বৰ্ষতহে ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। এই এটা বছৰতে ক্ৰিকেটাৰগৰাকীৰ এই উত্থান নিশ্চিতভাৱে চমকপ্ৰদ। এতিয়ালৈকে টি-২০ কেৰিয়াৰত ২০ টা ইনিংছত যাদৱে ৩৮.১১ গড়ে ১৭৫.৬০ ৰ ষ্ট্ৰাইক ৰেটেৰে ৬৪৮ ৰান সংগ্ৰহ কৰিছে। টি-২০ ক্ৰিকেটত যাদৱৰ নামত আছে ৫ টা অৰ্ধশতক আৰু ১ টা শতক। বিগত মাহত ট্ৰেণ্ট ব্ৰিজত ইংলেণ্ডৰ বিৰুদ্ধে যাদৱে এই শতকীয়  ইনিংছটো খেলিছিল। এই শতকৰ পাছতেই যাদৱে ৪৪ টা স্থান আগবাঢ়ি পঞ্চম স্থানলৈ উন্নীত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু