--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘মিষ্টাৰ ৩৬০’! ক্ৰিকেট বিশ্বত এই অভিধাৰে জনপ্ৰিয় হৈ পৰিছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মহাতাৰকা এবি ডে ভিলিয়াৰ্চ। বেটিং ক্ৰীজত থিয় হৈ খেলপথাৰৰ চাৰিওফালে নিৰ্দয় প্ৰহাৰ কৰাৰ সক্ষমতাৰ বাবে ভিলিয়াৰ্চক ক্ৰিকেট জগতত ‘মিষ্টাৰ ৩৬০’ নামেৰে অভিহিত কৰা হৈছিল। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ভিলিয়াৰ্চৰ অৱসৰৰ পাছত পুনৰ ক্ৰিকেটলৈ আগমন ঘটিছে আন এগৰাকী ‘মিষ্টাৰ ৩৬০’ৰ। এই নতুন ‘মিষ্টাৰ ৩৬০’ গৰাকী আন কোনো নহয়, সাম্প্ৰতিক ভাৰতীয় দলৰ বেটিং ক্ৰমৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা সূৰ্যকুমাৰ যাদৱ। 

ইতিমধ্যে যাদৱক ক্ৰিকেট বিশেষজ্ঞ সকলে ক্ৰিকেট জগতৰ নৱ আৱিষ্কাৰ বুলি স্বীকৃতি দিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পাছতে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সূৰ্যকুমাৰ যাদৱে ভাৰতীয় মিডল অৰ্ডাৰক এক নতুন শক্তি প্ৰদান কৰিছে। কেৱল মিডল অৰ্ডাৰতে নহয়, সম্প্ৰতি অপেনাৰ হিচাপেও উজলি উঠিছে তাৰকাগৰাকী।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাত দলৰ ইনিংছ মুকলিৰ দায়িত্ব বহন কৰা সূৰ্যকুমাৰ যাদৱ প্ৰথম দুখন মেচত ব্যৰ্থ হ’লেও তৃতীয়খন মেচত মঙ্গলবাৰে স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠে। মেচখনত ৪৪ বলত ৭৬ ৰানৰ এক দুৰ্দান্ত মেচ বিজয়ী ইনিংছ খেলে যাদৱে। এই প্ৰদৰ্শনৰ প্ৰভাৱ সামগ্ৰিকভাৱে যাদৱৰ টি-২০ কেৰিয়াৰতো পৰে।

মমঙ্গলবাৰ ইনিংছটোৰ পাছতে আইচিচি- এ আজি প্ৰকাশ কৰা নতুন ৰেংকিঙত টি-২০ ফৰ্মেটত কেৰিয়াৰ শ্ৰেষ্ঠ দ্বিতীয় স্থানলৈ উন্নীত হয় যাদৱ। এইক্ষেত্ৰত যাদৱে অতিক্ৰম কৰে দক্ষিণ আফ্ৰিকাৰ এইডেন মাৰ্ক্ৰাম আৰু পাকিস্তানৰ মহম্মদ ৰিজৱানক। 

টি-২০ ৰেংকিঙত যাদৱতকৈ এতিয়া আগত আছে কেৱল পাকিস্তানৰ অধিনায়ক বাবৰ আজম। অৱশ্যে বাবৰতকৈ মাত্ৰ দুটা ৰেটিং পইণ্টতহে পিছ পৰি আছে সূৰ্যকুমাৰ যাদৱ। চলিত ৱেষ্ট ইণ্ডিজ শৃংখলাতে যাদৱে বাবৰক অতিক্ৰমি শীৰ্ষত উপনীত হোৱাৰ সুযোগ লাভ কৰিব। 

শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে যাদৱ ৰেংকিঙত চতুৰ্থ স্থানত আছিল। এতিয়া যাদৱৰ উত্থানৰ পিছত মহম্মদ ৰিজৱান তৃতীয় স্থানলৈ আৰু এইডেন মাৰ্ক্ৰাম চতুৰ্থ স্থানলৈ অৱনমিত হয়। তেওঁলোকৰ পিছতে পঞ্চম স্থানত আছে ইংলেণ্ডৰ ডেৱিড মালান।

উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱে বিগত বৰ্ষতহে ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। এই এটা বছৰতে ক্ৰিকেটাৰগৰাকীৰ এই উত্থান নিশ্চিতভাৱে চমকপ্ৰদ। এতিয়ালৈকে টি-২০ কেৰিয়াৰত ২০ টা ইনিংছত যাদৱে ৩৮.১১ গড়ে ১৭৫.৬০ ৰ ষ্ট্ৰাইক ৰেটেৰে ৬৪৮ ৰান সংগ্ৰহ কৰিছে। টি-২০ ক্ৰিকেটত যাদৱৰ নামত আছে ৫ টা অৰ্ধশতক আৰু ১ টা শতক। বিগত মাহত ট্ৰেণ্ট ব্ৰিজত ইংলেণ্ডৰ বিৰুদ্ধে যাদৱে এই শতকীয়  ইনিংছটো খেলিছিল। এই শতকৰ পাছতেই যাদৱে ৪৪ টা স্থান আগবাঢ়ি পঞ্চম স্থানলৈ উন্নীত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ