--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত উজলি উঠিছে দেশৰ নাৰী শক্তি। আজি চলিত কমনৱেলথ গেমছৰ ষষ্ঠ দিনা ভাৰতীয় দলৰ দুগৰাকী মহিলা খেলুৱৈয়ে নিশ্চিত কৰিছে কমনৱেলথ পদক। ইয়াৰে এগৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব দেশৰ বাবে স্বৰ্ণ জয়ৰ লক্ষ্যৰে নিৰ্ণায়ক যুঁজত। ভাৰতে বৰ্তমানলৈকে বাৰ্মিংহামত ৫ টা স্বৰ্ণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৪ টা পদক অৰ্জন কৰিছে। 

জুডো ইভেণ্টত মহিলাৰ ৭৮ কিলোগ্ৰাম শাখাত ভাৰতৰ তুলিকা মানে নিউজিলেণ্ডৰ চিডনি এণ্ড্ৰিউজৰ বিৰুদ্ধে দৰ্শনীয় জয়েৰে ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে ভাৰতৰ পদক তালিকাত আন এটা স্বৰ্ণ বা ৰূপৰ পদকৰ সংযোজন নিশ্চিত হৈ পৰিছে।

আনহাতে প্ৰতিযোগিতাখনৰ বক্সিং ইভেণ্টত দেশৰ প্ৰথমটো পদক নিশ্চিত কৰিছে নিতু ঘাংঘাছে। মহিলাৰ ৪৫-৪৮ কিলোগ্ৰাম শাখা কোৱাৰ্টাৰ ফাইনেলত নিতুৰ প্ৰতিদ্বন্দী উত্তৰ আয়াৰলেণ্ডৰ  নিক’ল ক্লাইডে দ্বিতীয় ৰাউণ্ডৰ পিছত স্বেচ্ছাই বক্সিং ৰিং ত্যাগ কৰাৰ লগে লগে নিতু ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰে।

চলিত প্ৰতিযোগিতাখনত ভাৰোত্তোলনত বিশেষ সফলতা লাভ কৰা ভাৰতৰ আন এগৰাকী খেলুৱৈয়ে পদক জয়ৰ সম্ভাৱনা বৃদ্ধি কৰিছে। মহিলাৰ ৮৭ কিলোগ্ৰাম শাখাত পূৰ্ণিমা পাণ্ডেয়ে ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। 

ইফালে বক্সিঙত পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাত  মহম্মদ হুচামুদ্দিন নামিবিয়াৰ এনডেভেলো ট্ৰাইএগেইন মৰ্ণিংক ৪-১ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত উপনীত হোৱাৰ লগতে কমনৱেলথ পদক নিশ্চিত কৰে।

পুৰুষৰ হকীত প্ৰথমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে জয়ৰ দিশে গতি কৰাৰ পাছতো ড্ৰ খেলিবলৈ বাধ্য হোৱা ভাৰতে আজি দ্বিতীয়খন মেচত কানাডাক প্ৰায় বিধ্বস্ত কৰি পেলাইছে। এই মুহূৰ্তলৈকে ভাৰতীয় দলটোৱে চমকপ্ৰদ প্ৰদৰ্শনেৰে ৭-০ ব্যৱধানত আগবাঢ়ি আছে।

হকীৰ মহিলাৰ শাখাতো ভাৰতীয় দলটোৱে কানাডাক ৩-২ ব্যৱধানত পৰাস্ত কৰি গ্ৰুপৰ দ্বিতীয় স্থানৰ দল হিচাপে ছেমিফাইনেললৈ উন্নীত হৈছে। ছেমিফাইনেলত দলটো শক্তিশালী অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। উল্লেখ্য যে বিগত টকিঅ’ অলিম্পিকত ভাৰতীয় দলটো অষ্ট্ৰেলিয়াৰ বিপক্ষেই ছেমিফাইনেলত পৰাস্ত হৈছিল। কমনৱেলথত ভাৰতে এই পৰাজয়ৰ পোতক তোলাৰ সুযোগ লাভ কৰিব।

ইফালে লনবলত পুৰুষৰ একক শাখাত নিজৰ দ্বিতীয়খন মেচত বিজয় সাব্যস্ত কৰিছে অসমৰ মৃদুল বৰগোহাঁয়ে। দ্বিতীয় ৰাউণ্ডত মৃদুলে স্কটলেণ্ডৰ ইয়াইন মেকলিনক ২১-১৯ ব্যৱধানত পৰাস্ত কৰি পদক জয়ৰ দিশত আন এটা খোজ আগবঢ়াইছে। উল্লেখ্য যে দিনৰ ভাগত মৃদুলে প্ৰথমখন মেচত ফকলেণ্ডৰ ক্ৰিছ লকক ২১-৫ ৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথ অভিযান আৰম্ভ কৰিছিল। 

লনবলত ভাৰতীয় মহিলা দলক প্ৰতিনিধিত্ব কৰা অসমৰ আন এগৰাকী খেলুৱৈ তানিয়া চৌধুৰীয়ে ৱ’মেনচ্ ট্ৰিপল টীম শাখাত তৃতীয় ৰাউণ্ডৰ যুঁজত অৱতীৰ্ণ হ’ব।

আজি নিশা ১২.৩৮ বজাত সম্ভাব্য পদক বিজয়ীৰ তালিকাত স্থান পোৱা তথা অলিম্পিক ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। উল্লেখ্য যে কোৱাৰ্টাৰত জয়ী হ’লেই লাভলীনাৰ কমনৱেলথ পদক নিশ্চিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু