--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত উজলি উঠিছে দেশৰ নাৰী শক্তি। আজি চলিত কমনৱেলথ গেমছৰ ষষ্ঠ দিনা ভাৰতীয় দলৰ দুগৰাকী মহিলা খেলুৱৈয়ে নিশ্চিত কৰিছে কমনৱেলথ পদক। ইয়াৰে এগৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব দেশৰ বাবে স্বৰ্ণ জয়ৰ লক্ষ্যৰে নিৰ্ণায়ক যুঁজত। ভাৰতে বৰ্তমানলৈকে বাৰ্মিংহামত ৫ টা স্বৰ্ণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৪ টা পদক অৰ্জন কৰিছে। 

জুডো ইভেণ্টত মহিলাৰ ৭৮ কিলোগ্ৰাম শাখাত ভাৰতৰ তুলিকা মানে নিউজিলেণ্ডৰ চিডনি এণ্ড্ৰিউজৰ বিৰুদ্ধে দৰ্শনীয় জয়েৰে ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে ভাৰতৰ পদক তালিকাত আন এটা স্বৰ্ণ বা ৰূপৰ পদকৰ সংযোজন নিশ্চিত হৈ পৰিছে।

আনহাতে প্ৰতিযোগিতাখনৰ বক্সিং ইভেণ্টত দেশৰ প্ৰথমটো পদক নিশ্চিত কৰিছে নিতু ঘাংঘাছে। মহিলাৰ ৪৫-৪৮ কিলোগ্ৰাম শাখা কোৱাৰ্টাৰ ফাইনেলত নিতুৰ প্ৰতিদ্বন্দী উত্তৰ আয়াৰলেণ্ডৰ  নিক’ল ক্লাইডে দ্বিতীয় ৰাউণ্ডৰ পিছত স্বেচ্ছাই বক্সিং ৰিং ত্যাগ কৰাৰ লগে লগে নিতু ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰে।

চলিত প্ৰতিযোগিতাখনত ভাৰোত্তোলনত বিশেষ সফলতা লাভ কৰা ভাৰতৰ আন এগৰাকী খেলুৱৈয়ে পদক জয়ৰ সম্ভাৱনা বৃদ্ধি কৰিছে। মহিলাৰ ৮৭ কিলোগ্ৰাম শাখাত পূৰ্ণিমা পাণ্ডেয়ে ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। 

ইফালে বক্সিঙত পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাত  মহম্মদ হুচামুদ্দিন নামিবিয়াৰ এনডেভেলো ট্ৰাইএগেইন মৰ্ণিংক ৪-১ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত উপনীত হোৱাৰ লগতে কমনৱেলথ পদক নিশ্চিত কৰে।

পুৰুষৰ হকীত প্ৰথমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে জয়ৰ দিশে গতি কৰাৰ পাছতো ড্ৰ খেলিবলৈ বাধ্য হোৱা ভাৰতে আজি দ্বিতীয়খন মেচত কানাডাক প্ৰায় বিধ্বস্ত কৰি পেলাইছে। এই মুহূৰ্তলৈকে ভাৰতীয় দলটোৱে চমকপ্ৰদ প্ৰদৰ্শনেৰে ৭-০ ব্যৱধানত আগবাঢ়ি আছে।

হকীৰ মহিলাৰ শাখাতো ভাৰতীয় দলটোৱে কানাডাক ৩-২ ব্যৱধানত পৰাস্ত কৰি গ্ৰুপৰ দ্বিতীয় স্থানৰ দল হিচাপে ছেমিফাইনেললৈ উন্নীত হৈছে। ছেমিফাইনেলত দলটো শক্তিশালী অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। উল্লেখ্য যে বিগত টকিঅ’ অলিম্পিকত ভাৰতীয় দলটো অষ্ট্ৰেলিয়াৰ বিপক্ষেই ছেমিফাইনেলত পৰাস্ত হৈছিল। কমনৱেলথত ভাৰতে এই পৰাজয়ৰ পোতক তোলাৰ সুযোগ লাভ কৰিব।

ইফালে লনবলত পুৰুষৰ একক শাখাত নিজৰ দ্বিতীয়খন মেচত বিজয় সাব্যস্ত কৰিছে অসমৰ মৃদুল বৰগোহাঁয়ে। দ্বিতীয় ৰাউণ্ডত মৃদুলে স্কটলেণ্ডৰ ইয়াইন মেকলিনক ২১-১৯ ব্যৱধানত পৰাস্ত কৰি পদক জয়ৰ দিশত আন এটা খোজ আগবঢ়াইছে। উল্লেখ্য যে দিনৰ ভাগত মৃদুলে প্ৰথমখন মেচত ফকলেণ্ডৰ ক্ৰিছ লকক ২১-৫ ৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথ অভিযান আৰম্ভ কৰিছিল। 

লনবলত ভাৰতীয় মহিলা দলক প্ৰতিনিধিত্ব কৰা অসমৰ আন এগৰাকী খেলুৱৈ তানিয়া চৌধুৰীয়ে ৱ’মেনচ্ ট্ৰিপল টীম শাখাত তৃতীয় ৰাউণ্ডৰ যুঁজত অৱতীৰ্ণ হ’ব।

আজি নিশা ১২.৩৮ বজাত সম্ভাব্য পদক বিজয়ীৰ তালিকাত স্থান পোৱা তথা অলিম্পিক ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। উল্লেখ্য যে কোৱাৰ্টাৰত জয়ী হ’লেই লাভলীনাৰ কমনৱেলথ পদক নিশ্চিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ