--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শিৱসেনাৰ নেতা একনাথ চিন্দেৰ নেতৃত্বত হোৱা বিসম্বাদে এতিয়া সকলো পথ ৰুদ্ধ কৰিছে শিৱসেনাৰ। তেওঁলোকে চৰকাৰ ৰক্ষা কৰাৰ কোনো পথ বিচাৰি পোৱা নাই। ইতিমধ্যেই মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেই চৰকাৰী বাসভৱন এৰি মাতোশ্ৰীলৈ উভতি গৈছে। কিন্তু এতিয়াও যেন দলক ভাঙোনৰ পৰা বছোৱাৰ চেষ্টা কৰিছে সাংসদ তথা শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউটে।

চৰকাৰখন পতনৰ গৰাহত পৰাৰ মাজতে দলৰ সাংসদ সঞ্জয় ৰাউতে কয় যে, যদি অসমত শিবিৰ পাতি থকা বিদ্ৰোহী বিধায়কৰ দলটো ২৪ ঘণ্টাৰ ভিতৰত মুম্বাইলৈ উভতি আহে আৰু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে বিষয়টো আলোচনা কৰে, তেন্তে শিৱসেনা মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰ এৰিবলৈ সাজু ছে। এই মন্তব্যৰ পাছতে এইবাৰ আন সহযোগ দল দুটা অসন্তুষ্ট হৈ পৰাৰ উপক্ৰম ঘটিছে। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলেই ৰাউটৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বিজেপিক ক্ষমতালৈ অহাৰ পৰা বাধা দিবলৈ আমি তেওঁলোকৰ (শিৱসেনা) সৈতে আছো। কংগ্ৰেছ মজিয়া পৰীক্ষাৰ বাবে সাজু। আমি এমভিএৰ সৈতে আছো আৰু থাকিম। যদি শিৱসেনা আন কাৰো সৈতে মিত্ৰতা কৰিব বিচাৰে, আমাৰ কোনো সমস্যা নাই।

একনাথ চিন্দে বৰ্তমান ৩৭জন বিদ্ৰোহী শিৱসেনা বিধায়ক আৰু নজন নিৰ্দলীয় বিধায়কপ সৈতে গুৱাহাটীত শিবিৰ পাতি আছে, যাৰ ফলত মহাৰাষ্ট্ৰ চৰকাৰৰ পতন নিশ্চিত হৈ পৰিছে। ইয়াৰ সুযোগ লবলৈ বিজেপি ততপৰ হৈ পৰিছে। এনে পৰিস্থিতিত উপায়বিহীন হৈ মিত্ৰদলকে এৰিবলৈ সাজু হৈছে শিৱসেনা। উল্লেখ্য যে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি) আৰু কংগ্ৰেছো এমভিএ চৰকাৰৰ অংশীদাৰ। পিছে সঞ্জয় ৰাউটৰ মন্তব্যই অন্য এক সংকটৰহে সৃষ্টি কৰিব পাৰে।

সঞ্জয় ৰাউতে সাংবাদিকক কয়, "চিন্দেই কৈছে যে আপুনি এজন প্ৰকৃত শিৱসৈনিক আৰু তেওঁ দল এৰি নাযা। আমি তেওঁৰ দাবী বিবেচনা কৰিবলৈ সাজু, যদিহে তেওঁ ২৪ ঘণ্টাৰ ভিতৰত মুম্বাইলৈ ঘূৰি আহে আৰু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে বিষয়টো আলোচনা কৰে। তেওঁলোকৰ দাবী ইতিবাচকভাৱে বিবেচনা কৰা হ'ব।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ