--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শিৱসেনাৰ নেতা একনাথ চিন্দেৰ নেতৃত্বত হোৱা বিসম্বাদে এতিয়া সকলো পথ ৰুদ্ধ কৰিছে শিৱসেনাৰ। তেওঁলোকে চৰকাৰ ৰক্ষা কৰাৰ কোনো পথ বিচাৰি পোৱা নাই। ইতিমধ্যেই মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেই চৰকাৰী বাসভৱন এৰি মাতোশ্ৰীলৈ উভতি গৈছে। কিন্তু এতিয়াও যেন দলক ভাঙোনৰ পৰা বছোৱাৰ চেষ্টা কৰিছে সাংসদ তথা শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউটে।

চৰকাৰখন পতনৰ গৰাহত পৰাৰ মাজতে দলৰ সাংসদ সঞ্জয় ৰাউতে কয় যে, যদি অসমত শিবিৰ পাতি থকা বিদ্ৰোহী বিধায়কৰ দলটো ২৪ ঘণ্টাৰ ভিতৰত মুম্বাইলৈ উভতি আহে আৰু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে বিষয়টো আলোচনা কৰে, তেন্তে শিৱসেনা মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰ এৰিবলৈ সাজু ছে। এই মন্তব্যৰ পাছতে এইবাৰ আন সহযোগ দল দুটা অসন্তুষ্ট হৈ পৰাৰ উপক্ৰম ঘটিছে। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলেই ৰাউটৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বিজেপিক ক্ষমতালৈ অহাৰ পৰা বাধা দিবলৈ আমি তেওঁলোকৰ (শিৱসেনা) সৈতে আছো। কংগ্ৰেছ মজিয়া পৰীক্ষাৰ বাবে সাজু। আমি এমভিএৰ সৈতে আছো আৰু থাকিম। যদি শিৱসেনা আন কাৰো সৈতে মিত্ৰতা কৰিব বিচাৰে, আমাৰ কোনো সমস্যা নাই।

একনাথ চিন্দে বৰ্তমান ৩৭জন বিদ্ৰোহী শিৱসেনা বিধায়ক আৰু নজন নিৰ্দলীয় বিধায়কপ সৈতে গুৱাহাটীত শিবিৰ পাতি আছে, যাৰ ফলত মহাৰাষ্ট্ৰ চৰকাৰৰ পতন নিশ্চিত হৈ পৰিছে। ইয়াৰ সুযোগ লবলৈ বিজেপি ততপৰ হৈ পৰিছে। এনে পৰিস্থিতিত উপায়বিহীন হৈ মিত্ৰদলকে এৰিবলৈ সাজু হৈছে শিৱসেনা। উল্লেখ্য যে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি) আৰু কংগ্ৰেছো এমভিএ চৰকাৰৰ অংশীদাৰ। পিছে সঞ্জয় ৰাউটৰ মন্তব্যই অন্য এক সংকটৰহে সৃষ্টি কৰিব পাৰে।

সঞ্জয় ৰাউতে সাংবাদিকক কয়, "চিন্দেই কৈছে যে আপুনি এজন প্ৰকৃত শিৱসৈনিক আৰু তেওঁ দল এৰি নাযা। আমি তেওঁৰ দাবী বিবেচনা কৰিবলৈ সাজু, যদিহে তেওঁ ২৪ ঘণ্টাৰ ভিতৰত মুম্বাইলৈ ঘূৰি আহে আৰু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে বিষয়টো আলোচনা কৰে। তেওঁলোকৰ দাবী ইতিবাচকভাৱে বিবেচনা কৰা হ'ব।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ