--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডে্স্ক : পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’ব। এই উৎসৱ প্ৰতিজন মুছলমানৰ বাবে আটাইতকৈ বিশেষ আৰু ডাঙৰ উৎসৱ। এই ৰোজা সম্পূৰ্ণ ৩০দিনলৈকে থাকে, য’ত ইছলাম ধৰ্মৰ সকলো বয়সৰ লোকে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। প্ৰতিজন মুছলমান ব্যক্তিয়ে এই উৎসৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। যিহেতু গ্ৰীষ্মকালো আৰম্ভ হৈছে। সেইবাবেই ৰমজানত ৰোজা ৰখাসকলে দিনটো নিজকে সুস্থ আৰু হাইড্ৰেট কৰি ৰখাটো অতি প্ৰয়োজন, যাতে ৰোজা পালনৰ সময়ত তেওঁলোকৰ স্বাস্থ্যজনিত কোনো সমস্যা নহয়।

 সকলো উপবাসী লোকে নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ পৰামৰ্শ দিয়া হয়। অৱশ্যে কেৱল পানী খোৱা আৰু হাইড্ৰেটেড হৈ থকাটো কঠিন হ’ব পাৰে। গতিকে এনে বহু ফলমূল খাব পাৰি, যিবোৰত কেৱল পুষ্টিকৰ উপাদানেই নহয়, ৯০ শতাংশতকৈ অধিক পানীও থাকে। ৰোজাৰ সময়ত হাইড্ৰেটেড হৈ থাকিবলৈ কোনবোৰ খাদ্য সামগ্ৰী গ্ৰহণ কৰিব পাৰি জানো আহক।

 নিজকে এইদৰে হাইড্ৰেটেড কৰি ৰাখক-

১. তিঁয়হঃ-ৰমজানৰ ৰোজাৰ সময়ত তিঁয়হে আপোনাক হাইড্ৰেট কৰি ৰখাত সহায়ক হয়। কাৰণ ইয়াত ৯৫ শতাংশ পৰ্যন্ত পানী থাকে। এই পুষ্টিসমৃদ্ধ পাচলিবিধত ভিটামিন-চি আৰু ফলেটো যথেষ্ট মাত্ৰাত থাকে।

 ২. বিলাহীঃ-ভাৰতৰ প্ৰায় প্ৰতিখন ঘৰতে বিলাহীৰ কম-বেছি পৰিমাণে ব্যৱহাৰ হয়। বিলাহীৰ বিশেষত্ব হ’ল ইয়াত ৯৪ শতাংশ পানী থাকে। সেয়েহে ৰোজাৰ সময়ত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ যথেষ্ট মাত্ৰাত বিলাহী গ্ৰহণ কৰিব পাৰে। কাৰণ বিলাহী হৈছে এন্টিঅক্সিডেন্ট, ফলেট আৰু ভিটামিন-চিৰ ভাল উৎস।

৩. ফুলকবিঃ-এই বগা শাকবিধ হাইড্ৰেটিং শাক যেন নালাগে যদিও আপুনিও জানি আচৰিত হ’ব যে ইয়াত ৯২ শতাংশ পৰ্যন্ত পানী থকাৰ উপৰি ফুলকবিত যথেষ্ট পৰিমাণে আঁহ, ফোলেট আৰু ভিটামিন-চিৰ পোৱা যায়।

৪. তৰমুজঃ-তৰমুজ হৈছে অন্যতম উত্তম হাইড্ৰেটিংসমৃদ্ধ ফল। তৰমুজত ৯১ শতাংশ পৰ্যন্ত পানী থাকে। তৰমুজে শৰীৰক ভিটামিন-বি৬, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট প্ৰদান কৰে।

৫. ষ্ট্ৰবেৰীঃ-ষ্ট্ৰবেৰীত ৯১ শতাংশ পানী থাকে। যিহেতু এইবাৰ ৰমজান ষ্ট্ৰবেৰীৰ বতৰত পৰিছে, গতিকে এইবিধ ফল আপুনি যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব পাৰে। ষ্ট্ৰবেৰীত ভিটামিন-চি, পটাছিয়াম, আঁহ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায়।

৬. খৰবুজাঃ- তৰমুজত ৯০ শতাংশ পানী থাকে। গতিকে ৰমজানৰ বাবে খৰবুজা এটা ডাঙৰ হাইড্ৰেটিং বিকল্প হ’ব পাৰে। ইয়াৰ লগতে ই ভিটামিন-এৰ এক উত্তম উৎসও।

আটাইতকৈ ভাল কথাটো হ’ল এইসমূহ ফলমূল বেছিভাগ সময়তে কেঁচাকৈ খাব পাৰি, অৰ্থাৎ ৰান্ধি সময় নষ্ট কৰিব নালাগিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ