--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডে্স্ক : পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’ব। এই উৎসৱ প্ৰতিজন মুছলমানৰ বাবে আটাইতকৈ বিশেষ আৰু ডাঙৰ উৎসৱ। এই ৰোজা সম্পূৰ্ণ ৩০দিনলৈকে থাকে, য’ত ইছলাম ধৰ্মৰ সকলো বয়সৰ লোকে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। প্ৰতিজন মুছলমান ব্যক্তিয়ে এই উৎসৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। যিহেতু গ্ৰীষ্মকালো আৰম্ভ হৈছে। সেইবাবেই ৰমজানত ৰোজা ৰখাসকলে দিনটো নিজকে সুস্থ আৰু হাইড্ৰেট কৰি ৰখাটো অতি প্ৰয়োজন, যাতে ৰোজা পালনৰ সময়ত তেওঁলোকৰ স্বাস্থ্যজনিত কোনো সমস্যা নহয়।

 সকলো উপবাসী লোকে নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ পৰামৰ্শ দিয়া হয়। অৱশ্যে কেৱল পানী খোৱা আৰু হাইড্ৰেটেড হৈ থকাটো কঠিন হ’ব পাৰে। গতিকে এনে বহু ফলমূল খাব পাৰি, যিবোৰত কেৱল পুষ্টিকৰ উপাদানেই নহয়, ৯০ শতাংশতকৈ অধিক পানীও থাকে। ৰোজাৰ সময়ত হাইড্ৰেটেড হৈ থাকিবলৈ কোনবোৰ খাদ্য সামগ্ৰী গ্ৰহণ কৰিব পাৰি জানো আহক।

 নিজকে এইদৰে হাইড্ৰেটেড কৰি ৰাখক-

১. তিঁয়হঃ-ৰমজানৰ ৰোজাৰ সময়ত তিঁয়হে আপোনাক হাইড্ৰেট কৰি ৰখাত সহায়ক হয়। কাৰণ ইয়াত ৯৫ শতাংশ পৰ্যন্ত পানী থাকে। এই পুষ্টিসমৃদ্ধ পাচলিবিধত ভিটামিন-চি আৰু ফলেটো যথেষ্ট মাত্ৰাত থাকে।

 ২. বিলাহীঃ-ভাৰতৰ প্ৰায় প্ৰতিখন ঘৰতে বিলাহীৰ কম-বেছি পৰিমাণে ব্যৱহাৰ হয়। বিলাহীৰ বিশেষত্ব হ’ল ইয়াত ৯৪ শতাংশ পানী থাকে। সেয়েহে ৰোজাৰ সময়ত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ যথেষ্ট মাত্ৰাত বিলাহী গ্ৰহণ কৰিব পাৰে। কাৰণ বিলাহী হৈছে এন্টিঅক্সিডেন্ট, ফলেট আৰু ভিটামিন-চিৰ ভাল উৎস।

৩. ফুলকবিঃ-এই বগা শাকবিধ হাইড্ৰেটিং শাক যেন নালাগে যদিও আপুনিও জানি আচৰিত হ’ব যে ইয়াত ৯২ শতাংশ পৰ্যন্ত পানী থকাৰ উপৰি ফুলকবিত যথেষ্ট পৰিমাণে আঁহ, ফোলেট আৰু ভিটামিন-চিৰ পোৱা যায়।

৪. তৰমুজঃ-তৰমুজ হৈছে অন্যতম উত্তম হাইড্ৰেটিংসমৃদ্ধ ফল। তৰমুজত ৯১ শতাংশ পৰ্যন্ত পানী থাকে। তৰমুজে শৰীৰক ভিটামিন-বি৬, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট প্ৰদান কৰে।

৫. ষ্ট্ৰবেৰীঃ-ষ্ট্ৰবেৰীত ৯১ শতাংশ পানী থাকে। যিহেতু এইবাৰ ৰমজান ষ্ট্ৰবেৰীৰ বতৰত পৰিছে, গতিকে এইবিধ ফল আপুনি যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব পাৰে। ষ্ট্ৰবেৰীত ভিটামিন-চি, পটাছিয়াম, আঁহ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায়।

৬. খৰবুজাঃ- তৰমুজত ৯০ শতাংশ পানী থাকে। গতিকে ৰমজানৰ বাবে খৰবুজা এটা ডাঙৰ হাইড্ৰেটিং বিকল্প হ’ব পাৰে। ইয়াৰ লগতে ই ভিটামিন-এৰ এক উত্তম উৎসও।

আটাইতকৈ ভাল কথাটো হ’ল এইসমূহ ফলমূল বেছিভাগ সময়তে কেঁচাকৈ খাব পাৰি, অৰ্থাৎ ৰান্ধি সময় নষ্ট কৰিব নালাগিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই