--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰমজান মাহ মুছলমানসকলৰ বাবে অতি পৱিত্ৰ। এই পৱিত্ৰ মাহত সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা পালন কৰে, অৰ্থাৎ সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে তেওঁলোকে খাদ্য গ্ৰহণ নকৰে। সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা ৰখাৰ পাছত ইফতাৰ কৰি ৰোজা ভংগ কৰে। ইয়াত বহু ধৰণৰ সুস্বাদু খাদ্য তৈয়াৰ কৰা হয়। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলপ স্বাস্থ্যৰ যতন লোৱাটো অতি প্ৰয়োজন হৈ পৰে। বিশেষকৈ ৰমজানত দীঘলীয়া সময় ৰোজা ৰখাৰ সময়ত ডায়েবেটিছ নিয়ন্ত্ৰণ থকা লোকসকলে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে এইসমূহ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এনে লোকে ‘ছেহৰী’ আৰু ‘ইফতাৰ’ৰ মাজৰ সময়ছোৱাৰ বাবে কেইবাটাও স্বাস্থ্যসন্মত খাদ্যাভ্যাস মানি চলিব লাগে। এই সম্পৰ্কে জানো আহক।

১. ভালকৈ টোপনি যাওক-

সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে ভাল টোপনি অতি প্ৰয়োজন। তাৎপৰ্যপূৰ্ণভাৱে ৰমজানৰ সময়ত আপোনাৰ শক্তি বজাই ৰাখিবলৈ পুৱাৰ আহাৰৰ লগতে পৰ্যাপ্ত টোপনি অহাটো গুৰুত্বপূৰ্ণ। ভাল টোপনীয়ে বিপাকীয় ক্ৰিয়াত সহায় কৰাৰ লগতে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২. শক্তি বৃদ্ধি কৰা খাদ্য গ্ৰহণ কৰক-

চেহৰিত অধিক আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক, যিয়ে লাহে লাহে শৰীৰক শক্তি প্ৰদান কৰে। ওটচ আৰু মাল্টিগ্ৰেইন ব্ৰেডৰ পৰা আৰম্ভ কৰি ব্ৰাউন বা বাচমতী চাউল, শাক-পাচলি, মচুৰ দাইল আদি পুৱাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি। শক্তিৰ বাবে মাছ আৰু বাদামৰ দৰে প্ৰটিনও গ্ৰহণ কৰিব পাৰে। প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ খাব লাগে, কিন্তু চেনি বা কেফেইনযুক্ত আন পানীয় যেনে-কফি, শীতল পানীয় পৰিহাৰ কৰিব লাগে।

৩. ইফতাৰৰ সময়ত সঠিকভাৱে খাদ্য গ্ৰহণ কৰক-

পৰম্পৰাগতভাৱে খেজুৰ আৰু গাখীৰেৰে উপবাস ভংগ কৰা হয়, যিটো অতি জটিল কাৰ্বহাইড্ৰট। যি নিজকে হাইড্ৰেট কৰাটোও নিশ্চিত কৰক। মিঠা আৰু তেলীয়া বস্তু সীমিতভাৱে গ্ৰহণ কৰক, কিয়নো ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। শুই উঠাৰ আগতে ফলমূল খাব লাগে, যাৰ ফলত পুৱালৈকে চেনিৰ মাত্ৰা বজাই ৰখাত সহায়ক হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী