--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিছুমান বিশেষ অনুষ্ঠানৰ ওপৰেৰে যাত্ৰীবাহী বিমানৰ উপৰি যুঁজাৰু বিমান আৰু ড্ৰোন আদিও দেখা যায়। কিন্তু পৃথিৱীৰ কিছুমান ঠাই আছে, যাৰ ওপৰেৰে কোনো বিমান বা ড্ৰোন উৰিব নোৱাৰে। ইয়াৰে অন্যতম স্থান হৈছে ছৌদি আৰবৰ মক্কা-মদীনা চহৰ। কোনো বিমান বা ড্ৰোনে মক্কা-মদীনা বা কাবাৰ ওপৰেৰে উৰিব নোৱাৰে। এই সন্দৰ্ভতো বহুতো তথ্য আগবঢ়ায়।

 চুম্বকীয় ক্ষেত্ৰ নে আন কোনো কাৰণ?

কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়াত এটা বাৰ্তা ভাইৰেল হৈছিল, য’ত দাবী কৰা হৈছিল যে মক্কা পৃথিৱীৰ কেন্দ্ৰ আৰু তাত থকা চুম্বকীয় ক্ষেত্ৰ ইমানেই উচ্চ যে যদি কোনো বিমান ইয়াৰ ওপৰেৰে পাৰ হৈ যায় তেন্তে ইয়াৰ ক্ষতি হয়। কিন্তু আজিলৈকে এই সন্দৰ্ভত কোনো গৱেষণা কৰা হোৱা নাই আৰু কোনো বৈজ্ঞানিক প্ৰমাণো চৰ্চালৈ অহা নাই। সেইবাবেই ইয়াক ভিত্তিহীন বুলি ক’ব পাৰি। দৰাচলতে মক্কা বা কাবাৰ ওপৰেৰে বিমান উৰুৱাব নোৱাৰাৰ কাৰণ হ’ল ধৰ্মীয় অঞ্চল। ছৌদি আৰব চৰকাৰে এই সমগ্ৰ অঞ্চলটোক ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিছে। ইয়াৰ উপৰি ছৌদি চৰকাৰে কয় যে যদিহে মক্কা আৰু কাবাৰ ওপৰেৰে বিমান উৰে, তেন্তে মুছলমান হজযাত্ৰীসকলৰ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা প্ৰভাৱিত হ’ব। ইছলাম পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্ম, যাৰ অনুগামীৰ সংখ্যা কোটি কোটি। প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী মক্কালৈ হজ কৰিবলৈ আহে।

 চৰকাৰৰ যুক্তি কি?

এই দেশৰ চৰকাৰে অঞ্চলটোৰ পবিত্ৰতা আৰু আধ্যাত্মিক পৰিৱেশ বজাই ৰাখিবলৈ ন’ ফ্লাই জ’ন বুলি ঘোষণা কৰিছে। বিমানসমূহৰ গতিবিধিৰ ফলত সৃষ্টি হোৱা কোলাহলে যাত্ৰীসকলৰ মনোযোগ বিচলিত কৰিব বুলিও যুক্তি আগবঢ়ায়। ইছলাম ধৰ্ম পালন কৰা লোকসকলে হজযাত্ৰাৰ বাবে গোটেই জীৱন অপেক্ষা কৰে যাতে তেওঁলোকে হজযাত্ৰাত আহি ভাল অভিজ্ঞতা লাভ কৰে। গতিকে ছৌদি আৰব প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিমান উৰণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ