--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফিফা বিশ্বকাপ-২০৩০ৰ আয়োজনৰ বাবে ব্যস্ত হৈ পৰিছে আয়োজক দেশসমূহ৷প্ৰতি চাৰিবছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি অনুৰাগীক আকৰ্ষিত কৰি আহিছে। এই প্ৰতিযোগিতা কেৱল ফুটবল প্ৰতিযোগিতা নহয়, ই এক সাংস্কৃতিক অনুষ্ঠান যি মানুহক সংযোগ কৰাৰ লগতে বৈচিত্ৰ্যতাক উদযাপন কৰে। শেহতীয়া কৈ বিতৰ্কৰ মাজত সোমাই পৰিছে ফিফা বিশ্বকাপ-২০৩০ৰ সহ-আয়োজক দেশ মৰক্কো৷

ফিফা বিশ্বকাপ-২০৩০ৰ বিশাল আয়োজনৰ মাজতে আয়োজক দেশসমূহে নিজৰ প্ৰস্তুতি ত্ৰুটিহীন হোৱাটো নিশ্চিত কৰাৰ স্বাৰ্থত গ্ৰহণ কৰা এক পদক্ষেপে আচৰিত কৰি তুলিছে বিশ্ববাসীক৷ জানিব পৰা মতে মৰক্কোৱে চাফাই অভিযানৰ নামত তিনি মিলিয়ন গৰাকীবিহীন কুকুৰক বধ কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে। দেশখনৰ এনে সিদ্ধান্তই পশু অধিকাৰ কৰ্মী আৰু সংগঠনৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে ২০৩০ চনৰ ফিফা বিশ্বকাপ স্পেইন আৰু পৰ্তুগালৰ সৈতে সহ-আয়োজক হিচাপে আছে মৰক্কো।এই তিনিখন দেশতে অনুষ্ঠিত হ’ব মেচসমূহ। অৱশ্যে ফিফা বিশ্বকাপৰ চূড়ান্ত খেলৰ স্থান এতিয়াও নিৰ্ণয় হোৱা নাই। এই প্ৰতিযোগিতাখনে শতবৰ্ষত ভৰি দিয়াৰ বাবে ২০৩০ চনৰ ফিফা বিশ্বকাপে বিশেষ তাৎপৰ্য বহন কৰিছে৷ 

ইতিমধ্যে মৰক্কোৱে ফিফাৰ মানদণ্ড পূৰণ কৰিলৈ ষ্টেডিয়াম আৰু পৰিবহণ ব্যৱস্থা উন্নীত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই প্ৰসংগত সংবাদ মাধ্যমৰ কেইবাটাও সূত্ৰই প্ৰকাশ কৰিছে যে মৰক্কোৱে  পদ্ধতিগতভাৱে হাজাৰ হাজাৰ কুকুৰক হত্যা কৰি আহিছে।

ইণ্টাৰনেছনেল এনিমেল ক’ৱালিচন নামৰ সংষ্ঠাটোৱে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত দাবী কৰিছে যে, মৰক্কোত প্ৰতি বছৰে ৩ লাখ ৰাজপথৰ কুকুৰ হত্যা কৰা হয়। ফিফাই ২০৩০ চনৰ বিশ্বকাপ স্পেইন আৰু পৰ্তুগালৰ সৈতে মৰক্কোৱে আয়োজন কৰিব বুলি ঘোষণা কৰাৰ পিছৰে পৰা এই অমানৱীয় আৰু বৰ্বৰ হত্যাকাণ্ড বৃদ্ধি পোৱা বুলি দাবী উত্থাপন কৰিছে। এতিয়া পশু অধিকাৰৰ সমৰ্থকসকলে ফিফাৰ সৈতে যোগাযোগ কৰি মৰক্কোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। অৱশ্যে এই বিতৰ্ক সন্দৰ্ভত ফিফাই এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস