--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু কানাডাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ‘ইমিগ্ৰেচন, ৰিফিউজিছ এণ্ড চিটিজেনশ্বিপ কানাডা’ চমুকৈ আই আৰ চি চিৰ এক প্ৰতিবেদনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰতিবেদন অনুসৰি কানাডাত ভাৰতৰ পৰা পঢ়িবলৈ যোৱা প্ৰায় ২০ হাজাৰ শিক্ষাৰ্থী নিৰুদ্দেশ হোৱা বুলি উল্লেখ কৰিছে৷ এই ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বিশ্ববিদ্যালয় সমূহত তেওঁলোক বহুদিন ধৰি উপস্থিত হোৱা নাই বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰিছে৷ প্ৰশ্ন উত্থাপিত হৈছে যে ক’লৈ গ’ল এই সকল ছাত্ৰ-ছাত্ৰী৷

বিশেষজ্ঞসকলে মতপ্ৰকাশ কৰে যে অনুপস্থিত শিক্ষাৰ্থীৰ অধিকাংশই কানাডাত কাম কৰি স্থায়ী বাসিন্দা হোৱাৰ সপোন দেখিছে। প্ৰাক্তন অৰ্থনীতিবিদ তথা অনুপ্ৰৱেশ বিষয়ৰ বিশেষজ্ঞ হেনৰী লটিনে কয় যে বেছিভাগ ছাত্ৰই আমেৰিকাৰ সীমান্ত পাৰ হোৱা নাই বৰঞ্চ কানাডাত স্থায়ীভাৱে বাস কৰাৰ উদ্দেশ্যে কানাডাত কাম কৰি আছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে এনে পৰিস্থিতিৰ বাবে ভুৱা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰা আৰু সন্দেহজনক বিদ্যালয়সমূহক চিহ্নিত কৰাৰ উদ্দেশ্যে কানাডাই ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ অনুসৰণ ব্যৱস্থা ৰূপায়ণ কৰিছিল আৰু  ইমিগ্ৰেচন বিভাগে কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বছৰত দুবাৰকৈ উপস্থিতিৰ প্ৰতিবেদন বিচাৰে যি ছাত্ৰছাত্ৰী সকলে শৈক্ষিক অনুমতি পত্ৰ সঠিকভাৱে পালন কৰাছে নে নাই তাক সুনিশ্চিত কৰে৷

শেহতীয়াকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ বিষয়টোৱে ভাৰতৰ বলবৎকাৰী সঞ্চালকালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছে, যিয়ে কানাডাৰ পৰা আমেৰিকালৈ ভাৰতীয়ক চোৰাংভাৱে ধন সৰবৰাহৰ গোচৰৰ তদন্ত কৰি আছে। গুজৰাটৰ ডিংগুচা গাঁৱৰ এটা ভাৰতীয় পৰিয়ালৰ কানাডা–আমেৰিকাৰ সীমা অবৈধভাৱে পাৰ হ’বলৈ গৈ তীব্ৰ শীতৰ বাবে মৃত্যু হোৱাৰ পিছতে এই তদন্ত আৰম্ভ কৰিছিল।  

এই সন্দৰ্ভত হেনৰী লটিনে পৰামৰ্শ দিছিল যে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলে কানাডালৈ অহাৰ পূৰ্বে আগতীয়াকৈ মাচুল দিব লাগিব,যাতে ইয়াৰ দ্বাৰা কেৱল ৱৰ্ক পাৰ্মিটৰ উদ্দেশ্যে অধ্যয়নৰ অনুমতি পত্ৰ ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰাত সহায়ক হ’ব পাৰে।

সম্প্ৰতি কানাডাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি আৰু অধ্যয়ন অনুমতিৰ নিয়ম উলংঘা এক গুৰুতৰ বিষয় হৈ পৰিছে। ইয়াৰ ফলত কেৱল অনুপ্ৰৱেশ নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাই নহয়, কানাডাত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰতো এতিয়া দৃষ্টি নিবদ্ধ হৈছে। এই সমস্যাৰ সমাধানৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে বৰ্তমানৰ নীতিসমূহৰো পৰ্যালোচনাৰ প্ৰয়োজন আহি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক