--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু কানাডাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ‘ইমিগ্ৰেচন, ৰিফিউজিছ এণ্ড চিটিজেনশ্বিপ কানাডা’ চমুকৈ আই আৰ চি চিৰ এক প্ৰতিবেদনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰতিবেদন অনুসৰি কানাডাত ভাৰতৰ পৰা পঢ়িবলৈ যোৱা প্ৰায় ২০ হাজাৰ শিক্ষাৰ্থী নিৰুদ্দেশ হোৱা বুলি উল্লেখ কৰিছে৷ এই ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বিশ্ববিদ্যালয় সমূহত তেওঁলোক বহুদিন ধৰি উপস্থিত হোৱা নাই বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰিছে৷ প্ৰশ্ন উত্থাপিত হৈছে যে ক’লৈ গ’ল এই সকল ছাত্ৰ-ছাত্ৰী৷

বিশেষজ্ঞসকলে মতপ্ৰকাশ কৰে যে অনুপস্থিত শিক্ষাৰ্থীৰ অধিকাংশই কানাডাত কাম কৰি স্থায়ী বাসিন্দা হোৱাৰ সপোন দেখিছে। প্ৰাক্তন অৰ্থনীতিবিদ তথা অনুপ্ৰৱেশ বিষয়ৰ বিশেষজ্ঞ হেনৰী লটিনে কয় যে বেছিভাগ ছাত্ৰই আমেৰিকাৰ সীমান্ত পাৰ হোৱা নাই বৰঞ্চ কানাডাত স্থায়ীভাৱে বাস কৰাৰ উদ্দেশ্যে কানাডাত কাম কৰি আছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে এনে পৰিস্থিতিৰ বাবে ভুৱা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰা আৰু সন্দেহজনক বিদ্যালয়সমূহক চিহ্নিত কৰাৰ উদ্দেশ্যে কানাডাই ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ অনুসৰণ ব্যৱস্থা ৰূপায়ণ কৰিছিল আৰু  ইমিগ্ৰেচন বিভাগে কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বছৰত দুবাৰকৈ উপস্থিতিৰ প্ৰতিবেদন বিচাৰে যি ছাত্ৰছাত্ৰী সকলে শৈক্ষিক অনুমতি পত্ৰ সঠিকভাৱে পালন কৰাছে নে নাই তাক সুনিশ্চিত কৰে৷

শেহতীয়াকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ বিষয়টোৱে ভাৰতৰ বলবৎকাৰী সঞ্চালকালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছে, যিয়ে কানাডাৰ পৰা আমেৰিকালৈ ভাৰতীয়ক চোৰাংভাৱে ধন সৰবৰাহৰ গোচৰৰ তদন্ত কৰি আছে। গুজৰাটৰ ডিংগুচা গাঁৱৰ এটা ভাৰতীয় পৰিয়ালৰ কানাডা–আমেৰিকাৰ সীমা অবৈধভাৱে পাৰ হ’বলৈ গৈ তীব্ৰ শীতৰ বাবে মৃত্যু হোৱাৰ পিছতে এই তদন্ত আৰম্ভ কৰিছিল।  

এই সন্দৰ্ভত হেনৰী লটিনে পৰামৰ্শ দিছিল যে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলে কানাডালৈ অহাৰ পূৰ্বে আগতীয়াকৈ মাচুল দিব লাগিব,যাতে ইয়াৰ দ্বাৰা কেৱল ৱৰ্ক পাৰ্মিটৰ উদ্দেশ্যে অধ্যয়নৰ অনুমতি পত্ৰ ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰাত সহায়ক হ’ব পাৰে।

সম্প্ৰতি কানাডাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি আৰু অধ্যয়ন অনুমতিৰ নিয়ম উলংঘা এক গুৰুতৰ বিষয় হৈ পৰিছে। ইয়াৰ ফলত কেৱল অনুপ্ৰৱেশ নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাই নহয়, কানাডাত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰতো এতিয়া দৃষ্টি নিবদ্ধ হৈছে। এই সমস্যাৰ সমাধানৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে বৰ্তমানৰ নীতিসমূহৰো পৰ্যালোচনাৰ প্ৰয়োজন আহি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত