--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগে বিধ্বস্ত কৰা মৰক্কোত ভূমিকম্পত নিহতৰ সংখ্যাই ২,০০০ৰ ঘৰ অতিক্ৰম কৰিছে। আহতৰ সংখ্যাও  ২,০০০ তকৈও অধিক হৈছে।  আশংকা কৰা হৈছে যে বহু লোক  এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে।  ধ্বংসাৱশেষৰ মাজত উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই  মৰক্কোলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰক্কো আফ্ৰিকাৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত  এখন সৰু পাহাৰীয়া দেশ। 

শুক্ৰবাৰে নিশা এক শক্তিশালী ভূমিকম্পই দেশখনৰ মাটি কঁপাই তুলিছিল। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১১:৩০ বজাত ভূমিকম্পটো  হৈছিল। ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত তাছপাতৰ ঘৰৰ দৰে খহি পৰিছিল ঘৰবোৰ। মৰক্কোত ইয়াৰ পিছতো  কেইবাটাও  সৰু সৰু  আফটাৰশ্বক হৈছে।ভূমিকম্পৰ কেন্দ্ৰস্থল মাৰাকাশ চহৰৰ পৰা ৭২ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল বুলি জানিব পৰা গৈছে।

 ভূমিকম্পৰ সময়ত বহুতে শুই আছিল । সেয়ে নিহতৰ সংখ্যা অধিক বৃদ্ধি পাইছে। ভূমিকম্পত কেইবাশ ঘৰ ধ্বংস হৈছে। ধ্বংসস্তূপৰ মাজৰ পৰা এতিয়াও মৃতদেহ ওলায়েই আছে। মৰক্কোত যোৱা ৬০ বছৰৰ ভিতৰত হোৱা এয়াই আটাইতকৈ  ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ হিচাবে পৰিগণিত হৈছে।

মৰক্কোৰ ঠিক পূবে অৱস্থিত আলজেৰিয়া, আন এখন আফ্ৰিকাৰ দেশ। এই দুয়োখন চুবুৰীয়া দেশৰ মাজত  উত্তেজনা চলি আহিছে। যোৱা কেইটামান দশকত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ৰমান্বয়ে অৱনতি ঘটিছে। দুবছৰ আগতে আলজেৰিয়াই মৰক্কোৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিছিল। কিন্তু তেওঁলোকেও  চুবুৰীয়া দেশ খনৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে।  আলজেৰিয়াৰ পৰা আজি পুৱাই সাহায্য  সামগ্ৰী  মৰক্কোলৈ প্ৰেৰণ কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰয়ো  আফ্ৰিকাৰ দেশখনৰ কাষত থিয় দিছে। ৰাষ্ট্ৰপতি জো বিডেনে কৈছে যে তেওঁ  মৰক্কোৰ পৰিস্থিতিৰ নিৰন্তৰ বুজ লৈ আছে। তেওঁ লগতে কয় যে মৰক্কোত  থকা  মাৰ্কিন নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। একে সময়তে আমেৰিকাই  উদ্ধাৰৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে। দেশখন অৰ্থনৈতিকভাৱেও মৰক্কোৰ কাষত  থিয় দিছে। 
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতে মৰক্কোক সহায় কৰিব বুলি ঘোষণা কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছিল। তেওঁ কয় যে এই কঠিন সময়ত মৰক্কোক সহায় কৰিবলৈ ভাৰতে সকলো সম্ভৱপৰ  প্ৰচেষ্টা চলাব।

ইয়াৰ উপৰি তুৰস্ক, কাটাৰ, ফ্ৰান্স, জাৰ্মানী, ইজৰাইল, ডুবাই, জৰ্ডানৰ পৰা মৰক্কোলৈ সহায়ৰ হাত আগবঢ়োৱা হৈছে। এজন ফৰাচী মোবাইল অপাৰেটৰে এসপ্তাহৰ বাবে মৰক্কোত বিনামূলীয়া সেৱা ঘোষণা কৰিছে। মৰক্কোত ভূমিকম্পত ক্ষতিগ্ৰস্ত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ তিনি দিনীয়া  ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক