ডিজিটেল ডেস্কঃ বিশ্ব সংবাদ স্বাধীনতা সূচকাংকত ১৮০খন দেশৰ ভিতৰত ১৬১নম্বৰ স্থানত আছে ভাৰত।প্ৰতিবছৰে ক্ৰমাগতভাবে কমি আহিছে এই ৰেংকিং। সংবাদ স্বাধীনতাৰ মান কিয় কমি আহিছে তাৰ দৃষ্টান্ত দেখা গ’ল জি-২০ শিখৰ সন্মিলনত। হয়, জি-২০ সন্মিলনত পুনৰ অৱহেলিত হ'ল সংবাদ মাধ্যম। আচলতে বাহিৰে ৰংচং ভিতৰি কোৱা-ভাতুৰী। বাহ্যিক দৃষ্টিত দেশ-বিদেশৰ সাংবাদিকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰৰ ব্যৱস্থা ঠিকেই কৰিছিল চৰকাৰে।
জি-২০ সন্মিলনৰ আন্তঃৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল বিশাল হল। য'ত আছিল ৯টা ভিন্ন ৱৰ্ক জ’ন। প্ৰতিটো ৱৰ্ক জ’ন দেশৰ এখন নদীৰ নামেৰে যেনে গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, গোদাবৰী, কৃষ্ণ, নৰ্মদা, মহানদী, কাবেৰী আৰু সিন্ধু ৰখা হৈছিল। সুসজ্জিত মিডিয়া চেণ্টাৰত দুটাকৈ বৃহৎ হলত ১৫০০ৰো অধিক সাংবাদিক বহিব পৰাৰ ব্যৱস্থা কৰা হৈছিল। মিডিয়া চেণ্টাৰৰ ভিতৰত আছিল এটা অত্যাধুনিক ষ্টুডিঅ’ চেট--আপো। সংবাদমেলৰ বাবে চাৰিটা সুকীয়া কোঠা। ইয়াৰ উপৰিও সাক্ষাৎকাৰ লোৱাৰ বাবেও ছটা পৃথক কোঠাৰ ব্যৱস্থা কৰা হৈছে।
পিছে শেহতীয়াকৈ প্ৰকাশ পোৱা কিছুমান তথ্যই অৱতাৰণা কৰিছে কিছু প্ৰশ্নৰ যে গণতন্ত্ৰ এতিয়া মোদীৰ ষ্টাইলতে চলে নেকি ? দেখুৱাই সাংবাদিকসকলক আপ্পায়নৰ ব্যৱস্থা কৰিলেও সংবাদ মাধ্যমৰ স্বাধীনতাক এলাগী কৰিলে জি-২০ সন্মিলনত। তথ্য অনুসৰি ৰাষ্ট্ৰপতি জোবাইডেনৰ সৈতে আমেৰিকাৰ পৰা আহিছিল সাংবাদিকৰ এটা দল। সাংবাদিকসকলে প্ৰধানমন্ত্ৰী মোদী আৰু জো বাইডেনক প্ৰশ্ন কৰিব বিচাৰিছিল। প্ৰশ্নৰ বাবে আমেৰিকা চৰকাৰ সাজু আছিল যদিও মোডী চৰকাৰে সাংবাদিকক প্ৰশ্ন কৰিবলৈ অনুমতি নিদিলে। যাক লৈ সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ।
আচলতে সংবাদ মাধ্যমৰ স্বাধীনতাক জি-২০ আয়োজক চৰকাৰ আৰু বহু জি-২০ সদস্যই অগ্ৰাধিকাৰ দিয়াই নাছিল। সেয়ে জি-২০ত অংশগ্ৰহণ কৰা বিভিন্ন দেশৰ সংবাদ মাধ্যমৰ সম্পাদক আৰু সাংবাদিকসকলে যোৱা ৬ ছেপ্টেম্বৰতে ‘এম-২০’ নামৰ অনলাইন মিডিয়া ফ্ৰিডম ছামিটত একত্ৰিত হৈ নিজ নিজ দেশ আৰু অঞ্চলৰ সংবাদ মাধ্যমে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰাৰ খবৰ ওলাইছিল।
এম ২০ মিডিয়া ফ্ৰিডম ছামিটৰ উদ্দেশ্য আছিল সংবাদ মাধ্যমৰ উদ্বেগসমূহ উত্থাপন কৰা আৰু দিল্লীত অনুষ্ঠিত হোৱা জি-২০ নেতাসকলৰ বৈঠকলৈ এটা বাৰ্তা প্ৰেৰণ কৰা যে সংবাদ মাধ্যমৰ স্বাধীনতা আচলতে কিমান গুৰুত্বপূৰ্ণ ? ভাৰতৰ ১১গৰাকী সম্পাদক আৰু উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশক লৈ গঠিত এম-২০ আয়োজক সমিতিৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
উল্লেখনীয় বিষয় এই যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগত গোদী মিডিয়াকো এতিয়া সমালোচনা লক্ষ্য কৰি লৈছে বহু কেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমালোচকে। বহুতেই প্ৰশ্ন উত্থাপন কৰিছে যে গোদী মিডিয়াৰ ওপৰতো মোদীয়ে বিশ্বাস হেৰুৱালে নেকি ?আচলতে যি সময়ত গোদী মিডিয়াখ্যাত একাংশ সংবাদ মাধ্যমে জি-২০ সন্মিলনৰ আঁত ধৰি মোদীৰ গুৰ্ণানুকীৰ্তন কৰিব লাগিছিল তেনে সময়ত কেতবোৰ সংবাদ মাধ্যমে সনাতন ধৰ্ম অথবা হিংসাত্মক বিষয়ৰ ওপৰত বাতৰি প্ৰকাশ কৰা আঁৰৰ ৰহস্য কি বুলিও প্ৰশ্ন কৰিছে বহুজনে।
জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত কালি উপস্থিত হ'লহি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে বাইডেনে। খবৰ অনুসৰি প্ৰায় এঘণ্টা ধৰি চলিছিল দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বৈঠক। তাৰ পাছতেই কংগ্ৰেছে এই বৈঠক সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে অভিযোগ কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দলটোৱে দ্বিপাক্ষিক বৈঠকৰ পাছত বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীক কোনো সংবাদ মাধ্যমক প্ৰশ্ন কৰিবলৈ দিয়া হোৱা নাছিল
এই সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘ৰাষ্ট্ৰপতি বাইডেনৰ দলটোৱে কয় যে কেইবাবাৰো অনুৰোধৰ পিছতো চৰকাৰে সেই বৈঠকখনৰ সন্দৰ্ভত বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীক সংবাদ মাধ্যমক প্ৰশ্ন কৰিবলৈ দিয়া নাছিল।’
জয়ৰাম ৰমেশৰ লিখিত তথ্য অনুসৰি ৰাষ্ট্ৰপতি বাইডেনে এতিয়া ১১ ছেপ্টেম্বৰতহে ভিয়েটনামত তেওঁৰ সৈতে উপস্থিত থকা সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিব। আৰু এইদৰেই গণতন্ত্ৰ মোদী ষ্টাইলেৰে চলি আছে বুলি মন্তব্য কৰে জয়ৰাম ৰমেশে৷
ইফালে হোৱাইট হাউছৰ মুখপাত্ৰ কেৰিন জিন পিয়েৰৰ উদ্ধৃতিৰে এটাক্ষসংবাদ সংস্থাই( এ এফ পিয়ে) কয় যে ৰাষ্ট্ৰপতি বাইডেনে বিশ্বাস কৰে যে মুক্ত প্ৰেছ আমাৰ গণতন্ত্ৰৰ এক স্তম্ভ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানৰ তথ্য অনুসৰিও আমেৰিকা চৰকাৰে কঠোৰ পৰিশ্ৰম কৰে যাতে আমেৰিকাৰ সাংবাদিকসকলে ৰাষ্ট্ৰপতিয়ে কৰা সকলো কাম আৰু তেওঁ কৰা সকলো কামৰ সুবিধা লাভ কৰে। পিছে জি-২০ সন্মিলনত আমেৰিকাৰ সাংবাদিকসক কৰে এই ব্যৱহাৰে পুনৰ লজ্জিত কৰিছে ভাৰতীয় সংবাদ মাধ্যমকো। কিয় বিশ্ব সংবাদ স্বাধীনতা সূচকাংকত ১৮০খন দেশৰ ভিতৰত ১৬১ নম্বৰ স্থানতহে ভাৰত আছে তাক বুজাই কোৱাৰ প্ৰয়োজন হয়তো আজি নাই।
ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বতন্ত্ৰ বাতৰি প্ৰকাশৰ দমনৰ বাবে সংবাদ স্বাধীনতা গোটৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় সমালোচনা লাভ কৰে মোদীয়ে। জুন মাহত মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত দুয়োপক্ষৰ মাজত দীঘলীয়া, সুক্ষ্ম আলোচনাৰ অন্তত হোয়াইট হাউছত এখন সংবাদমেলত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছিল মোদীয়ে। সেই সময়ত চিএনএনক দুগৰাকী আমেৰিকাৰ বিষয়াই জনোৱা মতে, ভাৰতীয় বিষয়াসকলে প্ৰথমতে হোৱাইট হাউছত সেই সংবাদমেল অনুষ্ঠিত কৰাতো বাধা দিয়াৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল