--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা মৰক্কোক জোকাৰি যোৱা   ভূমিকম্পৰ ফলতনিহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈছে। মাৰ্কিন ভূকম্প জৰীপ বিভাগৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল  ৬.৮ ৰিখটাৰ স্কেল। এতিয়ালৈকে ভূমিকম্পত  কমেও ১০৩৭ গৰাকী  লোকৰ মৃত্যু হৈছে।নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ  আশংকা কৰা হৈছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত সৃষ্টি হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়।

উল্লেখ্য এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প। এই ভূমিকম্পত নিহত তথা আহতৰ সংখ্যাই বুকু কঁপাই তুলিছে জনসাধাৰণৰ। দেশখনত বৃহৎ ক্ষয়-ক্ষতিৰ  খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।  উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। 

এতিয়ালৈকে আহত লোকৰ সংখ্যা ৭০০ৰো অধিক  হৈছে। এতিয়াও ধ্বংসস্তুপৰ মাজত বহু লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। ইপিনে মৰক্কোৰ ভূমিকম্পত নিহত সকলৰ আত্মাৰ সদগতি কামনা কৰিছে বিশ্বৰ বিভিন্ন দেশৰ নেতাই। 

আজি জি ২০ বৈঠকত আৰম্ভনিতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰক্কোৰ ভূমিকম্পত উদ্বেগ ব্যক্ত কৰে আৰু দেশ খনক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকেও মৰক্কোক সহায়ৰ আশ্বাস দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা