--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা মৰক্কোক জোকাৰি যোৱা   ভূমিকম্পৰ ফলতনিহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈছে। মাৰ্কিন ভূকম্প জৰীপ বিভাগৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল  ৬.৮ ৰিখটাৰ স্কেল। এতিয়ালৈকে ভূমিকম্পত  কমেও ১০৩৭ গৰাকী  লোকৰ মৃত্যু হৈছে।নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ  আশংকা কৰা হৈছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত সৃষ্টি হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়।

উল্লেখ্য এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প। এই ভূমিকম্পত নিহত তথা আহতৰ সংখ্যাই বুকু কঁপাই তুলিছে জনসাধাৰণৰ। দেশখনত বৃহৎ ক্ষয়-ক্ষতিৰ  খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।  উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। 

এতিয়ালৈকে আহত লোকৰ সংখ্যা ৭০০ৰো অধিক  হৈছে। এতিয়াও ধ্বংসস্তুপৰ মাজত বহু লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। ইপিনে মৰক্কোৰ ভূমিকম্পত নিহত সকলৰ আত্মাৰ সদগতি কামনা কৰিছে বিশ্বৰ বিভিন্ন দেশৰ নেতাই। 

আজি জি ২০ বৈঠকত আৰম্ভনিতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰক্কোৰ ভূমিকম্পত উদ্বেগ ব্যক্ত কৰে আৰু দেশ খনক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকেও মৰক্কোক সহায়ৰ আশ্বাস দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব