--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আফ্ৰিকাৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত   মৰক্কোত এতিয়াও শুনা গৈছে আহতৰ আৰ্তনাদ৷ নিতৌ দেশ খনৰ বিভিন্ন প্ৰান্তৰ পৰা মৃতদেহ ওলায়েই আছে৷ শকুৰবাৰে নিশা হোৱা ভূমিকম্পত নিহতৰ সংখ্যাই ২৮৬২ গৰাকী হৈছে৷  আহতৰ সংখ্যাও  ২৫৬২ গৰাকী হৈছে৷ চিকিঞসালয়বোৰ এতিয়া ভৰি পৰিছে আহত লোকেৰে৷ বহু জন হৈ আছে সন্ধানহীন।  ধ্বংসাৱশেষৰ মাজত  আজিও উদ্ধাৰ অভিযান  চলি আছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই এই অভিযানত সহায় কৰিছে৷  

শুক্ৰবাৰে নিশা এক শক্তিশালী ভূমিকম্পই দেশখনৰ মাটি কঁপাই তুলিছিল। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১১:৩০ বজাত ভূমিকম্পটো  হৈছিল। ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত তাছপাতৰ ঘৰৰ দৰে খহি পৰিছিল ঘৰবোৰ। মৰক্কোত ইয়াৰ পিছতো  কেইবাটাও  সৰু সৰু  আফটাৰশ্বক হৈছে।ভূমিকম্পৰ কেন্দ্ৰস্থল মাৰাকাশ চহৰৰ পৰা ৭২ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল বুলি জানিব পৰা গৈছে।

 ভূমিকম্পৰ সময়ত বহুতে শুই আছিল । সেয়ে নিহতৰ সংখ্যা অধিক বৃদ্ধি পাইছে। ভূমিকম্পত কেইবাশ ঘৰ ধ্বংস হৈছে। ধ্বংসস্তূপৰ মাজৰ পৰা এতিয়াও মৃতদেহ ওলায়েই আছে। মৰক্কোত যোৱা ৬০ বছৰৰ ভিতৰত হোৱা এয়াই আটাইতকৈ  ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ হিচাবে পৰিগণিত হৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰয়ো  আফ্ৰিকাৰ দেশখনৰ কাষত থিয় দিছে। ৰাষ্ট্ৰপতি জো বিডেনে কৈছে যে তেওঁ  মৰক্কোৰ পৰিস্থিতিৰ নিৰন্তৰ বুজ লৈ আছে। তেওঁ লগতে কয় যে মৰক্কোত  থকা  মাৰ্কিন নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। একে সময়তে আমেৰিকাই  উদ্ধাৰৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে। দেশখন অৰ্থনৈতিকভাৱেও মৰক্কোৰ কাষত  থিয় দিছে। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতে মৰক্কোক সহায় কৰিব বুলি ঘোষণা কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছিল। তেওঁ কয় যে এই কঠিন সময়ত মৰক্কোক সহায় কৰিবলৈ ভাৰতে সকলো সম্ভৱপৰ  প্ৰচেষ্টা চলাব।

ইয়াৰ উপৰি তুৰস্ক, কাটাৰ, ফ্ৰান্স, জাৰ্মানী, ইজৰাইল, ডুবাই, জৰ্ডানৰ পৰা মৰক্কোলৈ সহায়ৰ হাত আগবঢ়োৱা হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা