--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আফ্ৰিকাৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত   মৰক্কোত এতিয়াও শুনা গৈছে আহতৰ আৰ্তনাদ৷ নিতৌ দেশ খনৰ বিভিন্ন প্ৰান্তৰ পৰা মৃতদেহ ওলায়েই আছে৷ শকুৰবাৰে নিশা হোৱা ভূমিকম্পত নিহতৰ সংখ্যাই ২৮৬২ গৰাকী হৈছে৷  আহতৰ সংখ্যাও  ২৫৬২ গৰাকী হৈছে৷ চিকিঞসালয়বোৰ এতিয়া ভৰি পৰিছে আহত লোকেৰে৷ বহু জন হৈ আছে সন্ধানহীন।  ধ্বংসাৱশেষৰ মাজত  আজিও উদ্ধাৰ অভিযান  চলি আছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই এই অভিযানত সহায় কৰিছে৷  

শুক্ৰবাৰে নিশা এক শক্তিশালী ভূমিকম্পই দেশখনৰ মাটি কঁপাই তুলিছিল। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১১:৩০ বজাত ভূমিকম্পটো  হৈছিল। ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত তাছপাতৰ ঘৰৰ দৰে খহি পৰিছিল ঘৰবোৰ। মৰক্কোত ইয়াৰ পিছতো  কেইবাটাও  সৰু সৰু  আফটাৰশ্বক হৈছে।ভূমিকম্পৰ কেন্দ্ৰস্থল মাৰাকাশ চহৰৰ পৰা ৭২ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল বুলি জানিব পৰা গৈছে।

 ভূমিকম্পৰ সময়ত বহুতে শুই আছিল । সেয়ে নিহতৰ সংখ্যা অধিক বৃদ্ধি পাইছে। ভূমিকম্পত কেইবাশ ঘৰ ধ্বংস হৈছে। ধ্বংসস্তূপৰ মাজৰ পৰা এতিয়াও মৃতদেহ ওলায়েই আছে। মৰক্কোত যোৱা ৬০ বছৰৰ ভিতৰত হোৱা এয়াই আটাইতকৈ  ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ হিচাবে পৰিগণিত হৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰয়ো  আফ্ৰিকাৰ দেশখনৰ কাষত থিয় দিছে। ৰাষ্ট্ৰপতি জো বিডেনে কৈছে যে তেওঁ  মৰক্কোৰ পৰিস্থিতিৰ নিৰন্তৰ বুজ লৈ আছে। তেওঁ লগতে কয় যে মৰক্কোত  থকা  মাৰ্কিন নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। একে সময়তে আমেৰিকাই  উদ্ধাৰৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে। দেশখন অৰ্থনৈতিকভাৱেও মৰক্কোৰ কাষত  থিয় দিছে। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতে মৰক্কোক সহায় কৰিব বুলি ঘোষণা কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছিল। তেওঁ কয় যে এই কঠিন সময়ত মৰক্কোক সহায় কৰিবলৈ ভাৰতে সকলো সম্ভৱপৰ  প্ৰচেষ্টা চলাব।

ইয়াৰ উপৰি তুৰস্ক, কাটাৰ, ফ্ৰান্স, জাৰ্মানী, ইজৰাইল, ডুবাই, জৰ্ডানৰ পৰা মৰক্কোলৈ সহায়ৰ হাত আগবঢ়োৱা হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক