--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাত এজন ভাৰতীয় ছাত্ৰক অচিনাক্ত আক্ৰমণকাৰীয়ে অতি নিষ্ঠুৰভাবে হত্যা কৰিছে। খবৰ অনুসৰি ভাৰতীয় ছাত্ৰ জনে পঢ়াশুনাৰ উপৰি পিজ্জা বিতৰণ কৰ্মী হিচাপেও কাম কৰিছিল। পিজ্জাৰ অৰ্ডাৰ দিয়াৰ অজুহাতত ভাৰতীয় ছাত্ৰজনক  অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে মাতি নি হত্যা কৰে। মৃত ছাত্ৰ জনৰ পৰিয়ালৰ মতে তেওঁ প্ৰায় দুবছৰ ধৰি কানাডাত অধ্যয়ন কৰি আছিল। ছাত্ৰজনে  তেওঁৰ পঢ়া শুনা সম্পূৰ্ণ কৰিবলৈ কানাডাত কাম কৰাৰ পৰিকল্পনা কৰিছিল।

মৃত ছাত্ৰ জনক  গুৰবিন্দৰ নাথ বুলি চিনাক্ত কৰা হৈছে। ৯ জুলাইত তেওঁ মিচিচাগাৰ ব্ৰিটানিয়া এলেকাত পিজ্জা বিতৰণ কৰিবলৈ গৈছিল। তাত তেওঁক কেইবাজনো দুৰ্বৃত্তই প্ৰহাৰ কৰে। ফলত গুৰবিন্দৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্বৃত্তই তেওঁক আঘাতপ্ৰাপ্ত কৰি তেওঁৰ মটৰ চাইকেলখনো কাঢ়ি লৈ যায়।বহু  সময়ৰ পিছত  গুৰবিন্দৰক ট্ৰমা কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হৈছিল। ১৪ জুলাইত তাতেই তেওঁৰ মৃত্যু হয়। কেইদিনমান পিছত গুৰবিন্দৰৰ বাইকখন ঘটনাস্থলীৰ পৰা ৫ কিলোমিটাৰ দূৰত উদ্ধাৰ কৰা হয়। 

ঘটনাটোৰ তদন্ত কৰি থকা স্থানীয় আৰক্ষীয়ে কৈছে  যে গুৰবিন্দৰক পৰিকল্পিতভাবে হত্যা কৰা হ'ব পাৰে। হত্যা কৰিবলৈয়েই  তেওঁক পিজ্জা ডেলিভাৰীৰ নামত ঘটনাস্থলীলৈ মাতি নিয়া হৈছিল। অনুসন্ধানত গম পোৱা গৈছে যে গুৰবিন্দৰক কেইবাজনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই।

কানাডাত বাস কৰা ভাৰতীয়সকল ভাৰতীয় যুৱকজনৰ মৃত্যুত শোকাহত হৈ পৰিছে। টৰণ্টোৰ কনচুল জেনেৰেল সিদ্ধাৰ্থ নাথে কয়, "এয়া হৃদয়বিদাৰক। মই আশা কৰোঁ অপৰাধীসকলক আটক কৰি সঠিকভাৱে শাস্তি দিয়া হ'ব। প্ৰায় ২০০গৰাকী ভাৰতীয়ই গুৰবিন্দৰৰ মৃত্যুক গৰিহণা দি মমবাতিৰ জ্বলাই সমদল উলিয়ায়। । গুৰবিন্দৰৰ মৃতদেহ ২৭ জুলাইত ভাৰতলৈ অনা  হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে