--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাত এজন ভাৰতীয় ছাত্ৰক অচিনাক্ত আক্ৰমণকাৰীয়ে অতি নিষ্ঠুৰভাবে হত্যা কৰিছে। খবৰ অনুসৰি ভাৰতীয় ছাত্ৰ জনে পঢ়াশুনাৰ উপৰি পিজ্জা বিতৰণ কৰ্মী হিচাপেও কাম কৰিছিল। পিজ্জাৰ অৰ্ডাৰ দিয়াৰ অজুহাতত ভাৰতীয় ছাত্ৰজনক  অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে মাতি নি হত্যা কৰে। মৃত ছাত্ৰ জনৰ পৰিয়ালৰ মতে তেওঁ প্ৰায় দুবছৰ ধৰি কানাডাত অধ্যয়ন কৰি আছিল। ছাত্ৰজনে  তেওঁৰ পঢ়া শুনা সম্পূৰ্ণ কৰিবলৈ কানাডাত কাম কৰাৰ পৰিকল্পনা কৰিছিল।

মৃত ছাত্ৰ জনক  গুৰবিন্দৰ নাথ বুলি চিনাক্ত কৰা হৈছে। ৯ জুলাইত তেওঁ মিচিচাগাৰ ব্ৰিটানিয়া এলেকাত পিজ্জা বিতৰণ কৰিবলৈ গৈছিল। তাত তেওঁক কেইবাজনো দুৰ্বৃত্তই প্ৰহাৰ কৰে। ফলত গুৰবিন্দৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্বৃত্তই তেওঁক আঘাতপ্ৰাপ্ত কৰি তেওঁৰ মটৰ চাইকেলখনো কাঢ়ি লৈ যায়।বহু  সময়ৰ পিছত  গুৰবিন্দৰক ট্ৰমা কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হৈছিল। ১৪ জুলাইত তাতেই তেওঁৰ মৃত্যু হয়। কেইদিনমান পিছত গুৰবিন্দৰৰ বাইকখন ঘটনাস্থলীৰ পৰা ৫ কিলোমিটাৰ দূৰত উদ্ধাৰ কৰা হয়। 

ঘটনাটোৰ তদন্ত কৰি থকা স্থানীয় আৰক্ষীয়ে কৈছে  যে গুৰবিন্দৰক পৰিকল্পিতভাবে হত্যা কৰা হ'ব পাৰে। হত্যা কৰিবলৈয়েই  তেওঁক পিজ্জা ডেলিভাৰীৰ নামত ঘটনাস্থলীলৈ মাতি নিয়া হৈছিল। অনুসন্ধানত গম পোৱা গৈছে যে গুৰবিন্দৰক কেইবাজনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই।

কানাডাত বাস কৰা ভাৰতীয়সকল ভাৰতীয় যুৱকজনৰ মৃত্যুত শোকাহত হৈ পৰিছে। টৰণ্টোৰ কনচুল জেনেৰেল সিদ্ধাৰ্থ নাথে কয়, "এয়া হৃদয়বিদাৰক। মই আশা কৰোঁ অপৰাধীসকলক আটক কৰি সঠিকভাৱে শাস্তি দিয়া হ'ব। প্ৰায় ২০০গৰাকী ভাৰতীয়ই গুৰবিন্দৰৰ মৃত্যুক গৰিহণা দি মমবাতিৰ জ্বলাই সমদল উলিয়ায়। । গুৰবিন্দৰৰ মৃতদেহ ২৭ জুলাইত ভাৰতলৈ অনা  হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
হাইটিৰ জাৰ্ছীত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকা; স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ স্বীকৃতি
আমৰ বাকলিৰ নানা গুণে আচৰিত কৰিব আপোনাক
ৰূপকোঁৱৰৰ স্মৃতিৰ নীৰৱ সাক্ষী: গহপুৰত আজিও সুৰক্ষিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঐতিহাসিক চকী
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement