--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ম্লান অৰ্থনীতিৰ মাজতে শনিবাৰে পাকিস্তানে মুদ্ৰাস্ফীতিৰ হাৰত অভিলেখ সৃষ্টি কৰিছে আৰু ইয়াৰ সংখ্যা প্ৰায় ৩৬ শতাংশত উপনীত হৈছে৷ পাকিস্তানৰ এখন ইংৰাজী দৈনিক কাকতৰ প্ৰতিবেদন অনুসৰি এই পৰিসংখ্যাই ইংগিত দিয়ে যে বিগত এটা বছৰত মুদ্ৰাস্ফীতি প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। যোৱা বছৰৰ আৰম্ভণিতে মুদ্ৰাস্ফীতিৰ হাৰ আছিল ১২.৭২ শতাংশ।বিনিয়োগ সংস্থা আৰিফ হাবিব কৰ্প’ৰেশ্যনৰ মতে ১ এপ্ৰিলত প্ৰকাশ পোৱা এই তথ্যই ১৯৬৫ চনৰ জুলাইৰ পাছত অভিলেখত সৰ্বাধিক গ্ৰাহক মূল্য সূচকাংক (চিপিআই) বৃদ্ধিৰ ৰূপ ধাৰণ কৰিছে।

 ইফালে পাকিস্তান ব্যুৰো অব ষ্টেটিষ্টিকছে (পিবিএছ) প্ৰকাশ কৰা তথ্যৰ উদ্ধৃতিয়ে এটা কথা প্ৰকাশ কৰিছে যে চহৰ আৰু গ্ৰাম্য অঞ্চলৰ মূল্য বছৰৰ পিছত বছৰ ধৰি ক্ৰমে ৩২.৯৭ শতাংশ আৰু ৩৮.৮৮ শতাংশ বৃদ্ধি পাইছে। যোৱা সপ্তাহত চেন্সিটিভ প্ৰাইচ ইনডিকেটৰ (এছপিআই) দ্বাৰা জুখি উলিওৱা হ্ৰস্বম্যাদী মুদ্ৰাস্ফীতিৰ হাৰে অভিলেখ সৃষ্টি কৰিছে যাৰ পৰিমাণ ৪৬.৬৫ শতাংশ, আনহাতে চিপিআইয়ে ৰেকৰ্ড কৰা মাহেকীয়া মুদ্ৰাস্ফীতি ফেব্ৰুৱাৰী মাহত এই পৰিমাণ ৩১.৬ শতাংশত উপনীত হৈছে — যিটো ছয় দশকৰ ভিতৰত সৰ্বোচ্চ বুলি পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

 ক্লিভলেণ্ড ফেডাৰেল ৰিজাৰ্ভৰ মতে, অৰ্থনীতিৰ সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মূল্যৰ স্তৰ বৃদ্ধি হোৱাটোৱেই হৈছে মুদ্ৰাস্ফীতি। যেতিয়া সাধাৰণ মূল্যৰ স্তৰ বৃদ্ধি পায়, তেতিয়া মুদ্ৰাৰ প্ৰতিটো এককে কম সামগ্ৰী আৰু সেৱা ক্ৰয় কৰে; ফলস্বৰূপে, মুদ্ৰাস্ফীতি ধনৰ ক্ৰয় ক্ষমতা হ্ৰাসৰ সৈতে মিল খায়। উল্লেখযোগ্য যে নাগৰিকৰ তীব্ৰ হেঁচাত দেশখন লৰচৰ কৰি থকাৰ সময়তে এই ভয়ংকৰ খবৰ আহিছে। কেইবাটাও সংবাদ মাধ্যমে স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানৰ মানুহে জীয়াই থকাৰ মৌলিক খাদ্যও পোৱা নাই বুলি দাবী কৰিছে।

 আচৰিত কথাটো হ’ল যে বিগত সপ্তাহত পাকিস্তানত দুটা মাৰাত্মক হুলস্থুলৰ সৃষ্টি হৈছে, ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰাও বেইলআউট পেকেজৰ বাবে আগ্ৰহী। এই ম্লান পৰিস্থিতিৰ মাজতো শ্বেহবাজ শ্বৰীফ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ কোনো বিশেষ পৰিকল্পনা ঘোষণা কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস