--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক 'হট এয়াৰ' বেলুন দুৰ্ঘটনাত এটি শিশুৰ লগতে দুজন পৰ্যটকৰ মৃত্যু ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।  এই ভয়ংকৰ ঘটনাটো মেক্সিকো চহৰত সংঘটিত হৈছে। ঘটনাটোৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। 

প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই।  স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মেক্সিকো চিটিৰ পৰা ৭০ কিলোমিটাৰ দূৰত অৱস্থিত  টিওটিহুয়াকানত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। টিওটিহুয়াকান এখন জনপ্ৰিয় পৰ্যটন স্থান। প্ৰতি বছৰে বহু পৰ্যটক এই স্থানত থকা  পিৰামিড চাবলৈ আহে। 

শনিবাৰে ঠাইখনত পৰ্যটকৰ বহু বেছি ভিৰ  হৈছিল। ব্যক্তিগত উদ্যোগত পৰ্যটকসকলক ১৫০ ডলাৰৰ বিনিময়ত  'হট এয়াৰ' বেলুনত ফুৰোৱা হৈছিল। কেইবাজনো পৰ্যটকে তেনে এটা   বেলুনত উঠি ভ্ৰমণ কৰাৰ সময়তে অঘটনটো ঘটে। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে  উৰণৰ অলপ পিছতে এটা বেলুনটোত বিজুতি ঘটি   জুই লাগে। ফলত তাত উঠি যোৱা পৰ্যটকসকল আতংকিত হৈ পৰে। দুজন পৰ্যটকে আতংকিত হৈ তললৈ  জঁপিয়াই দিয়ে। তলত পৰাৰ পিছত তেওঁলোকৰ মৃত্যু হয়।  আৰক্ষীয়ে আন এটা শিশুৰ মৃতদেহ সম্পূৰ্ণৰূপে  দগ্ধ অৱস্থাত উদ্ধাৰ কৰিছে। 

মৃতসকলৰ ভিতৰত এগৰাকী ৩৯ বছৰীয়া মহিলা আৰু এগৰাকী ৫০ বছৰীয়া পুৰুষ পৰ্যটক আছিল। প্ৰশাসনে তেওঁলোকৰ নাম আৰু পৰিচয়প্ৰকাশ কৰা নাই।  আৰক্ষীয়ে কৈছিল যে তেওঁলোকে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’বলৈ পালে  সেই বিষয়ত  অনুসন্ধান কৰি থকা হৈছে।  এনে মনোৰঞ্জনৰ ক্ষেত্ৰত নিৰাপত্তাৰ বিষয়টো সঠিকভাৱে মানি চলা  হৈছিল নে নাই তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক