--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক 'হট এয়াৰ' বেলুন দুৰ্ঘটনাত এটি শিশুৰ লগতে দুজন পৰ্যটকৰ মৃত্যু ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।  এই ভয়ংকৰ ঘটনাটো মেক্সিকো চহৰত সংঘটিত হৈছে। ঘটনাটোৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। 

প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই।  স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মেক্সিকো চিটিৰ পৰা ৭০ কিলোমিটাৰ দূৰত অৱস্থিত  টিওটিহুয়াকানত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। টিওটিহুয়াকান এখন জনপ্ৰিয় পৰ্যটন স্থান। প্ৰতি বছৰে বহু পৰ্যটক এই স্থানত থকা  পিৰামিড চাবলৈ আহে। 

শনিবাৰে ঠাইখনত পৰ্যটকৰ বহু বেছি ভিৰ  হৈছিল। ব্যক্তিগত উদ্যোগত পৰ্যটকসকলক ১৫০ ডলাৰৰ বিনিময়ত  'হট এয়াৰ' বেলুনত ফুৰোৱা হৈছিল। কেইবাজনো পৰ্যটকে তেনে এটা   বেলুনত উঠি ভ্ৰমণ কৰাৰ সময়তে অঘটনটো ঘটে। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে  উৰণৰ অলপ পিছতে এটা বেলুনটোত বিজুতি ঘটি   জুই লাগে। ফলত তাত উঠি যোৱা পৰ্যটকসকল আতংকিত হৈ পৰে। দুজন পৰ্যটকে আতংকিত হৈ তললৈ  জঁপিয়াই দিয়ে। তলত পৰাৰ পিছত তেওঁলোকৰ মৃত্যু হয়।  আৰক্ষীয়ে আন এটা শিশুৰ মৃতদেহ সম্পূৰ্ণৰূপে  দগ্ধ অৱস্থাত উদ্ধাৰ কৰিছে। 

মৃতসকলৰ ভিতৰত এগৰাকী ৩৯ বছৰীয়া মহিলা আৰু এগৰাকী ৫০ বছৰীয়া পুৰুষ পৰ্যটক আছিল। প্ৰশাসনে তেওঁলোকৰ নাম আৰু পৰিচয়প্ৰকাশ কৰা নাই।  আৰক্ষীয়ে কৈছিল যে তেওঁলোকে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’বলৈ পালে  সেই বিষয়ত  অনুসন্ধান কৰি থকা হৈছে।  এনে মনোৰঞ্জনৰ ক্ষেত্ৰত নিৰাপত্তাৰ বিষয়টো সঠিকভাৱে মানি চলা  হৈছিল নে নাই তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস