--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন কিবা শনিহে লাগিছে ভাৰতীয় ৰে’ল বিভাগত। ওড়িশাত চাৰি খনকৈ ৰে’ল দুৰ্ঘটনাত পতিত হোৱাৰ পিছত সোমবাৰে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কোল্লাম-চেন্নাই এক্সপ্ৰেছ।  আজি  ৰে’লখনৰ এটা  কম্পাৰ্টমেণ্টৰ তলত এটা ফাট ধৰা পৰে।  বিষয়টো এজন ৰেল কৰ্মীৰ দৃষ্টিগোচৰ হোৱাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰে’ল খন। 

এই মাৰাত্মক কথাটো ধৰা পৰাৰ পিছতে ৰে’ল খনৰ সেই দবাটো  তৎক্ষণাৎ সলনি কৰা হয়। । ঘটনাটো  তামিলনাডুৰ চেংগোটাই ষ্টেচনত সংঘটিত হৈছে। ৰে'লকৰ্মীসকলেপ্ৰকাশ কৰা মতে  যদি ফাটটো লক্ষ্য কৰা নহ'লহেঁতেন, তেন্তে এটা ডাঙৰ দুৰ্ঘটনা ঘটাৰ আশংকা আছিল।

ইপিনে বহু যাত্ৰীয়ে এইবুলি  অভিযোগ কৰিছে যে বন্দে ভাৰতৰ দৰে দ্ৰুত ৰেল চলোৱাৰ প্ৰতিযোগিতাৰ বাবেই চৰকাৰে এতিয়া  এক্সপ্ৰেছ ৰে’লৰ আন্তঃগাঁথনিৰ বিষয়টোলৈ চকু নিদিয়া হৈছে।  ফলত সাধাৰণ এক্সপ্ৰেছ ৰে’লৰ যাত্ৰীসকল বিপদৰ সন্মুখীন হৈছে।  কোল্লাম-চেন্নাই এক্সপ্ৰেছৰ ঘটনাই পুনৰ যাত্ৰীৰ সুৰক্ষাৰ বিষয়ত একেই প্ৰশ্ন উত্থাপন কৰিছে।

দক্ষিণ ৰে'লৱেৰ এজন কৰ্মচাৰীয়ে  কয়, "ৰে’লখনে তামিলনাডুৰ চেংগোটাই ষ্টেচনত উপস্থিত হোৱাৰ  সময়তে এজন ৰে’ল কৰ্মীয়ে ৰে’লৰ কম্পাৰ্টমেণ্টৰ তলত এটা ফাট দেখিছিল। ফাটটো দেখাৰ পিছত ৰে’লখনৰ কম্পাৰ্টমেণ্টটো সলনি কৰা হৈছিল।’’ৰে'ল কৰ্মচাৰীজনক পুৰস্কৃত কৰা হ'ব বুলি জানিব পৰা গৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ