--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন কিবা শনিহে লাগিছে ভাৰতীয় ৰে’ল বিভাগত। ওড়িশাত চাৰি খনকৈ ৰে’ল দুৰ্ঘটনাত পতিত হোৱাৰ পিছত সোমবাৰে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কোল্লাম-চেন্নাই এক্সপ্ৰেছ।  আজি  ৰে’লখনৰ এটা  কম্পাৰ্টমেণ্টৰ তলত এটা ফাট ধৰা পৰে।  বিষয়টো এজন ৰেল কৰ্মীৰ দৃষ্টিগোচৰ হোৱাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰে’ল খন। 

এই মাৰাত্মক কথাটো ধৰা পৰাৰ পিছতে ৰে’ল খনৰ সেই দবাটো  তৎক্ষণাৎ সলনি কৰা হয়। । ঘটনাটো  তামিলনাডুৰ চেংগোটাই ষ্টেচনত সংঘটিত হৈছে। ৰে'লকৰ্মীসকলেপ্ৰকাশ কৰা মতে  যদি ফাটটো লক্ষ্য কৰা নহ'লহেঁতেন, তেন্তে এটা ডাঙৰ দুৰ্ঘটনা ঘটাৰ আশংকা আছিল।

ইপিনে বহু যাত্ৰীয়ে এইবুলি  অভিযোগ কৰিছে যে বন্দে ভাৰতৰ দৰে দ্ৰুত ৰেল চলোৱাৰ প্ৰতিযোগিতাৰ বাবেই চৰকাৰে এতিয়া  এক্সপ্ৰেছ ৰে’লৰ আন্তঃগাঁথনিৰ বিষয়টোলৈ চকু নিদিয়া হৈছে।  ফলত সাধাৰণ এক্সপ্ৰেছ ৰে’লৰ যাত্ৰীসকল বিপদৰ সন্মুখীন হৈছে।  কোল্লাম-চেন্নাই এক্সপ্ৰেছৰ ঘটনাই পুনৰ যাত্ৰীৰ সুৰক্ষাৰ বিষয়ত একেই প্ৰশ্ন উত্থাপন কৰিছে।

দক্ষিণ ৰে'লৱেৰ এজন কৰ্মচাৰীয়ে  কয়, "ৰে’লখনে তামিলনাডুৰ চেংগোটাই ষ্টেচনত উপস্থিত হোৱাৰ  সময়তে এজন ৰে’ল কৰ্মীয়ে ৰে’লৰ কম্পাৰ্টমেণ্টৰ তলত এটা ফাট দেখিছিল। ফাটটো দেখাৰ পিছত ৰে’লখনৰ কম্পাৰ্টমেণ্টটো সলনি কৰা হৈছিল।’’ৰে'ল কৰ্মচাৰীজনক পুৰস্কৃত কৰা হ'ব বুলি জানিব পৰা গৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ