--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ঝাঝাৰ জিলাৰ এখন মল্লযুঁজৰ খেলপথাৰত সমবেত হয় প্ৰতিবাদী মল্লযুঁজাৰু। তাত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী দেশৰ যুৱ মল্লযুঁজাৰুসকলে ৰাহুলৰ সৈতে মাটিত বহিছিল। ৰাহুলক পুৱা মল্লযুঁজৰ খেলপথাৰত তেওঁলোকৰ সৈতে মল্লযুঁজ কৰাও দেখা গ’ল! বজৰঙৰ উপৰিও অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিক, তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত আছিল। 

বজৰঙে সংবাদ সংস্থা এএনআইক কয় যে, "তেওঁ (ৰাহুল) আমাৰ মল্লযুঁজাৰুসকলে কেনেকৈ দিন কটায় চাবলৈ আহিছিল। তেওঁ দেখিলে আমাৰ দৈনন্দিন কাম-কাজ কেনেকৈ পুৱাৰে পৰা আৰম্ভ হয়, আমি কেনেকৈ মল্লযুঁজৰ অনুশীলন কৰো। আমাৰ লগত মল্লযুঁজৰ অনুশীলনও কৰিছিল।’’

অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়াই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি পদ্মশ্ৰী সন্মান ঘূৰাই পঠিয়াইছে।  ইয়াৰ পিছত দেশৰ আন আন মল্লযুঁজাৰুসকলেও তেওঁৰ দৰে প্ৰতিবাদত যোগ দিলে। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লাভ কৰা পদক ঘূৰাই দিবলৈ আৰম্ভ কৰে।

বজৰঙে লগতে কয় যে যেতিয়ালৈকে তেওঁৰ যৌন নিৰ্যাতনৰ বলি হোৱা মল্লযুঁজাৰু ভাই-ভনীসকলে দেশ চৰকাৰৰ পৰা ন্যায় নাপায় তেতিয়ালৈকে পদ্মশ্ৰী পুনৰ নলয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক