--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: একোটা ৰে’ল ষ্টেচনত প্ৰধানমন্ত্ৰী মোদীৰ ফটো সম্বলিত ছেলফি বুথ স্থাপনত ব্যয় হৈছে ৬.২৫ লাখ টকা। ছেলফি বুথ স্থাপনৰ নামত ৰাজহুৱা ধনৰ অপচয়ৰ অভিযোগ তুলিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই৷ খৰ্গেই মঙলবাৰে অভিযোগ কৰে যে ৰে’ল ষ্টেচনত প্ৰধানমন্ত্ৰী মোদীৰ ফটোৰ সৈতে ছেলফি বুথ স্থাপন কৰাটো কৰদাতাৰ ধনৰ অপচয়৷ 

খৰ্গেই লগতে কয়, ছেলফি বুথ স্থাপনৰ নামত এনেকৈ ৰাজহুৱা ধনৰ অপচয় কৰা হৈছে৷ আনহাতে, বিৰোধীশাসিত ৰাজ্যসমূহে এনৰেগাৰ পুঁজিৰ বাবে অপেক্ষা কৰি আছে। 

তেওঁ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা উত্তৰৰ এটা প্ৰতিলিপি ভাগ-বটোৱাৰা কৰে৷ আৰটিআই উত্তৰত ভাৰতীয় ৰে’লৱে’ৰ অধীনৰ ষ্টেচনসমূহৰ তালিকা দিয়া হৈছে য’ত অস্থায়ী আৰু স্থায়ী চেলফি বুথ স্থাপন কৰা হৈছে।

ৰাজকোষৰ কিমান ধন খৰচ হয় ছেলফি বুথ স্থাপনত?

আৰটিআইৰ উত্তৰ অনুসৰি, এ শ্ৰেণীৰ ষ্টেচনৰ বাবে অস্থায়ী ছেলফি বুথ স্থাপনৰ অনুমোদিত ব্যয় হৈছে ১.২৫ লাখ টকা৷ আনহাতে চি শ্ৰেণীৰ ষ্টেচনৰ বাবে স্থায়ী ছেলফি বুথ স্থাপনৰ ব্যয় হৈছে ৬.২৫ লাখ টকা।

মল্লিকাৰ্জুন খৰ্গেই কয়, মোদী চৰকাৰৰ আত্ম-আগ্ৰহী প্ৰচাৰৰ কোনো সীমা নাই। ৰে’ল ষ্টেচনত মোদীৰ ত্ৰিমূৰ্তিৰ ছেলফি পইণ্ট স্থাপন কৰাতো কৰদাতাৰ ধনৰ সম্পূৰ্ণ অপচয়। প্ৰধানমন্ত্ৰী মোদীৰ কাট-আউটৰ সৈতে সশস্ত্ৰ বাহিনীক এনে ধৰণৰ ৮২২টা ছেলফি পইণ্ট স্থাপন কৰিবলৈ নিৰ্দেশ দি সাহসী সৈনিকসকলৰ বলিদান ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছিল। 

মোদী চৰকাৰে খৰাং আৰু বান সাহায্যৰ বাবে ৰাজ্যসমূহক পুঁজি দিয়া নাই। বিৰোধীশাসিত ৰাজ্যসমূহৰ এনৰেগাৰ পুঁজিও অমীমাংসিত হৈ আছে। কিন্তু এই সস্তীয়া নিৰ্বাচনী ষ্টাণ্টবোৰত ৰাজহুৱা ধন খৰচ কৰাৰ ধৃষ্টতা কৰিছে বুলিও খৰ্গেই উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক