--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাটি-পানী সকলোতে বিপদৰ শংকা বহন কৰা প্লাষ্টিক প্ৰকৃতিৰ শত্ৰু হিচাবে পৰিগণিত হৈছে। বিশ্বৰ সাগ-মহাসাগৰসমূহত জমা হৈছে টনে টনে প্লাষ্টিক। আনকি অবিবেচক মানুহৰ কৃতকৰ্মৰ বাবেই সাগৰৰ পাৰতো প্লাষ্টিকৰ সাম্ৰাজ্য গঢ়ি উঠিছে। এনে সময়তে সাগৰৰ পাৰক প্লাষ্টিকমুক্ত কৰাৰ অভিযানত নামি পৰিছে হাজাৰ হাজাৰ মানুহ। 

 অন্ধ্ৰ প্ৰদেশৰ ভিজাগ উপকূলত জমা হোৱা প্লাষ্টিক আঁতৰাবলৈ যুদ্ধংদেহী ভাবে নামি পৰে ২২,০০০ লোক।  এই বৃহৎসংখ্যক লোকে মিলি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে  ৭৬ টনৰো অধিক প্লাষ্টিক আঁতৰাবলৈ সক্ষম হয়। বিশ্বৰ সৰ্ববৃহৎ প্লাষ্টিক পৰিষ্কৰণ অভিযান হিচাবে এই অভিযানে বিশ্ব অভিলেখ গঢ়িবলৈ সমৰ্থ হয়।

 অন্ধ্ৰ প্ৰদেশত  বন্দৰ চহৰ বিশাখাপট্টনমত এই বৃহৎ পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত হয়।  অভিযানৰ সময়তে প্ৰায় ২২,০০০ অংশগ্ৰহণকাৰীয়ে সাগৰৰ পাৰৰ পৰা ৭৬ টনতকৈও অধিক প্লাষ্টিক আঁতৰ কৰে। এই অভিযানক  বিশ্বৰ সৰ্ববৃহৎ  ক্লিন-আপ ড্ৰাইভ বুলি কোৱা হৈছে। গোকুল সাগৰৰ পাৰৰ পৰা ভীমলি সমুদ্ৰতীৰলৈ ২৮ কিলোমিটাৰ পথত সম্পন্ন কৰা হয় এই  ক্লিন-আপ ড্ৰাইভ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ  সংস্থা  পাৰ্লিছ ফৰ দ্য অছিনৰ সহযোগত বৃহত্তৰ বিশাখাপট্টনম পৌৰ নিগমে এই অভিযান  সম্পন্ন কৰিছিল। 

এই অভিযানৰ  ফ্লেগ অফ ককৰে অন্ধ্ৰৰ  মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে । তেওঁ  কয় যে অন্ধ্ৰ প্ৰদেশে ২০২৭ চনৰ ভিতৰত ৰাজ্যখন প্লাষ্টিক মুক্ত কৰাৰ বাবে  পাৰ্লিছৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ  কৰিছে। এই চুক্তি অনুসৰি  অহা ছয় বছৰত ১৬,০০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব  আৰু ২০,০০০ তকৈও অধিক যুৱক-যুৱতীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সৃষ্টি কৰিব। বুজাবুজি চুক্তি অনুসৰি সংগঠনটোৱে  ১০ হাজাৰ টকাত প্ৰশিক্ষণ দিয়াৰো  পদক্ষেপ গ্ৰহণ কৰিব।  অন্ধ্ৰ প্ৰদেশে বিশাখাপট্টনমত দেশৰ প্ৰথমখন প্লাষ্টিক ৰিচাইক্লিং আৰু আপ-চাইক্লিং প্ৰকল্প স্থাপন কৰিব৷ ভিজাগত প্ৰকল্পটো স্থাপন হোৱাৰ পিছত পাৰ্লীয়ে সাগৰৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰিব পাৰিব। 

সেই প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰি আৰু ইয়াৰ পৰা জোতা আৰু গগলছৰ দৰে সামগ্ৰী তৈয়াৰ কৰিব পৰা যাব। মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ৰাজ্যখনত প্লাষ্টিকৰ ফ্লেক্স বেনাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে বুলিও ঘোষণা কৰে।তেওঁ কয় যে এতিয়াৰে পৰা কোনেও প্লাষ্টিকৰ ফ্লেক্স বেনাৰৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব। উল্লেখ্য অন্ধ্ৰপ্ৰদেশক প্লাষ্টিকমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এনে পদক্ষেপে ইতিবাচক প্ৰভাৱ পেলাব বুলি বিভিন্ন জনে আলোচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement