--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাটি-পানী সকলোতে বিপদৰ শংকা বহন কৰা প্লাষ্টিক প্ৰকৃতিৰ শত্ৰু হিচাবে পৰিগণিত হৈছে। বিশ্বৰ সাগ-মহাসাগৰসমূহত জমা হৈছে টনে টনে প্লাষ্টিক। আনকি অবিবেচক মানুহৰ কৃতকৰ্মৰ বাবেই সাগৰৰ পাৰতো প্লাষ্টিকৰ সাম্ৰাজ্য গঢ়ি উঠিছে। এনে সময়তে সাগৰৰ পাৰক প্লাষ্টিকমুক্ত কৰাৰ অভিযানত নামি পৰিছে হাজাৰ হাজাৰ মানুহ। 

 অন্ধ্ৰ প্ৰদেশৰ ভিজাগ উপকূলত জমা হোৱা প্লাষ্টিক আঁতৰাবলৈ যুদ্ধংদেহী ভাবে নামি পৰে ২২,০০০ লোক।  এই বৃহৎসংখ্যক লোকে মিলি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে  ৭৬ টনৰো অধিক প্লাষ্টিক আঁতৰাবলৈ সক্ষম হয়। বিশ্বৰ সৰ্ববৃহৎ প্লাষ্টিক পৰিষ্কৰণ অভিযান হিচাবে এই অভিযানে বিশ্ব অভিলেখ গঢ়িবলৈ সমৰ্থ হয়।

 অন্ধ্ৰ প্ৰদেশত  বন্দৰ চহৰ বিশাখাপট্টনমত এই বৃহৎ পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত হয়।  অভিযানৰ সময়তে প্ৰায় ২২,০০০ অংশগ্ৰহণকাৰীয়ে সাগৰৰ পাৰৰ পৰা ৭৬ টনতকৈও অধিক প্লাষ্টিক আঁতৰ কৰে। এই অভিযানক  বিশ্বৰ সৰ্ববৃহৎ  ক্লিন-আপ ড্ৰাইভ বুলি কোৱা হৈছে। গোকুল সাগৰৰ পাৰৰ পৰা ভীমলি সমুদ্ৰতীৰলৈ ২৮ কিলোমিটাৰ পথত সম্পন্ন কৰা হয় এই  ক্লিন-আপ ড্ৰাইভ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ  সংস্থা  পাৰ্লিছ ফৰ দ্য অছিনৰ সহযোগত বৃহত্তৰ বিশাখাপট্টনম পৌৰ নিগমে এই অভিযান  সম্পন্ন কৰিছিল। 

এই অভিযানৰ  ফ্লেগ অফ ককৰে অন্ধ্ৰৰ  মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে । তেওঁ  কয় যে অন্ধ্ৰ প্ৰদেশে ২০২৭ চনৰ ভিতৰত ৰাজ্যখন প্লাষ্টিক মুক্ত কৰাৰ বাবে  পাৰ্লিছৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ  কৰিছে। এই চুক্তি অনুসৰি  অহা ছয় বছৰত ১৬,০০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব  আৰু ২০,০০০ তকৈও অধিক যুৱক-যুৱতীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সৃষ্টি কৰিব। বুজাবুজি চুক্তি অনুসৰি সংগঠনটোৱে  ১০ হাজাৰ টকাত প্ৰশিক্ষণ দিয়াৰো  পদক্ষেপ গ্ৰহণ কৰিব।  অন্ধ্ৰ প্ৰদেশে বিশাখাপট্টনমত দেশৰ প্ৰথমখন প্লাষ্টিক ৰিচাইক্লিং আৰু আপ-চাইক্লিং প্ৰকল্প স্থাপন কৰিব৷ ভিজাগত প্ৰকল্পটো স্থাপন হোৱাৰ পিছত পাৰ্লীয়ে সাগৰৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰিব পাৰিব। 

সেই প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰি আৰু ইয়াৰ পৰা জোতা আৰু গগলছৰ দৰে সামগ্ৰী তৈয়াৰ কৰিব পৰা যাব। মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ৰাজ্যখনত প্লাষ্টিকৰ ফ্লেক্স বেনাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে বুলিও ঘোষণা কৰে।তেওঁ কয় যে এতিয়াৰে পৰা কোনেও প্লাষ্টিকৰ ফ্লেক্স বেনাৰৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব। উল্লেখ্য অন্ধ্ৰপ্ৰদেশক প্লাষ্টিকমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এনে পদক্ষেপে ইতিবাচক প্ৰভাৱ পেলাব বুলি বিভিন্ন জনে আলোচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু