--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। বিয়াৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাটো সংঘটিত হৈছে ঘটনাটো ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাত।

বাহনখন এটা কালভাৰ্টত খুন্দা মৰাৰ পাছত চাৰিচকীয়া বাহনখনত জুই লাগিছিল। ইয়াৰ ফলত একেটা পৰিয়ালৰ পাঁচজন সদস্য গাড়ীৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত পথত বেছি লোকৰ সমাগম নাছিল। ফলস্বৰূপে, দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেয়া সঠিকভাৱে কোৱা সম্ভৱ নহয়। অৱশ্যে, বাটত থকা কিছুমান লোকে প্ৰথমবাৰৰ বাবে গাড়ীখন দেখিছিল গাড়ীখন ৰাস্তাত ওলোটাকৈ পৰি থকা দেখিছিল আৰু ইয়াত জুইয়ে গাড়ীখনক আগুৰি ধৰিছিল।  গাড়ীখনৰ অৱস্থানলৈ চাই অনুমান কৰিছিল যে, কালভাৰ্টৰ খুন্দাত গাড়ীখন ওলোটা হৈ পৰিছিল। 

পাছত এইটো প্ৰকাশ পাইছিল যে, দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়ালৰ সদস্যসকল খাইৰাগড়ৰ গোলবজাৰ অঞ্চলৰ বাসিন্দা আছিল। বৃহস্পতিবাৰে, তেওঁলোক এখন বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি  বোলোডলৈ গৈছিল। এই ঘটনাটোত নিহত হৈছে বৃদ্ধ দম্পতীহাল। পৰিয়ালৰ আনকেইগৰাকী নিহত যুৱতীৰ বয়স ২০ ৰ পৰা ২৫ বছৰৰ ভিতৰত।

দুৰ্ঘটনাটোৰ বিষয়ে গম পোৱাৰ পিছত তেহলাকাদি আৰক্ষী থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল। ৰাজনন্দগাঁওৰ আৰক্ষী অধীক্ষক সঞ্জয় মহাদেৱে কৈছিল যে দুৰ্ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। এনে কৰুণ ঘটনা কেনেকৈ ঘটিছিল, কিয় কোনো লোকে গাড়ীৰ পৰা নামিব নোৱাৰিলে, এইসকলোবোৰ কথা তদন্ত কৰা হৈছে। আৰম্ভণিতে এইটো কেৱল দুৰ্ঘটনা যেন লাগিলেও কিন্তু ইয়াৰ আঁৰত আন কোনো কাৰণ আছে নেকি সেইয়া এতিয়া ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে আটাইকেইজন লোককে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীৰ পৰা ফৰেনচিক নমুনা সংগ্ৰহৰ কামও আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে