--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। বিয়াৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাটো সংঘটিত হৈছে ঘটনাটো ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাত।

বাহনখন এটা কালভাৰ্টত খুন্দা মৰাৰ পাছত চাৰিচকীয়া বাহনখনত জুই লাগিছিল। ইয়াৰ ফলত একেটা পৰিয়ালৰ পাঁচজন সদস্য গাড়ীৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত পথত বেছি লোকৰ সমাগম নাছিল। ফলস্বৰূপে, দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেয়া সঠিকভাৱে কোৱা সম্ভৱ নহয়। অৱশ্যে, বাটত থকা কিছুমান লোকে প্ৰথমবাৰৰ বাবে গাড়ীখন দেখিছিল গাড়ীখন ৰাস্তাত ওলোটাকৈ পৰি থকা দেখিছিল আৰু ইয়াত জুইয়ে গাড়ীখনক আগুৰি ধৰিছিল।  গাড়ীখনৰ অৱস্থানলৈ চাই অনুমান কৰিছিল যে, কালভাৰ্টৰ খুন্দাত গাড়ীখন ওলোটা হৈ পৰিছিল। 

পাছত এইটো প্ৰকাশ পাইছিল যে, দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়ালৰ সদস্যসকল খাইৰাগড়ৰ গোলবজাৰ অঞ্চলৰ বাসিন্দা আছিল। বৃহস্পতিবাৰে, তেওঁলোক এখন বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি  বোলোডলৈ গৈছিল। এই ঘটনাটোত নিহত হৈছে বৃদ্ধ দম্পতীহাল। পৰিয়ালৰ আনকেইগৰাকী নিহত যুৱতীৰ বয়স ২০ ৰ পৰা ২৫ বছৰৰ ভিতৰত।

দুৰ্ঘটনাটোৰ বিষয়ে গম পোৱাৰ পিছত তেহলাকাদি আৰক্ষী থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল। ৰাজনন্দগাঁওৰ আৰক্ষী অধীক্ষক সঞ্জয় মহাদেৱে কৈছিল যে দুৰ্ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। এনে কৰুণ ঘটনা কেনেকৈ ঘটিছিল, কিয় কোনো লোকে গাড়ীৰ পৰা নামিব নোৱাৰিলে, এইসকলোবোৰ কথা তদন্ত কৰা হৈছে। আৰম্ভণিতে এইটো কেৱল দুৰ্ঘটনা যেন লাগিলেও কিন্তু ইয়াৰ আঁৰত আন কোনো কাৰণ আছে নেকি সেইয়া এতিয়া ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে আটাইকেইজন লোককে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীৰ পৰা ফৰেনচিক নমুনা সংগ্ৰহৰ কামও আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ