--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'সোনম গুপ্তা বেৱাফা হ্যে', এখন নোটৰ ওপৰত লিখা হৈছিল এই বাৰ্তা। কেইবছৰমান আগতে এই বাৰ্তা ভাইৰেল হৈ পৰিছিল।মানুহৰ মোবাইলে মোবাইলে বাগৰিছিল একেটা বাৰ্তা। শেহতীয়াকৈ, পুনৰ একেটা ঘটনাৰে পুনৰাবৃত্তি হোৱা দেখা গ’ল। এইবাৰ প্ৰেমিকক উদ্দেশ্যি ১০ টকীয়া নোটত প্ৰেমিকাৰ প্ৰেমপত্ৰ। এই ঘটনাৰ পাছত হৈ চৈ লাগিছে ছ'চিয়েল মিডিয়াত। 

১০ টকীয়া নোটত লিখা প্ৰেমপত্ৰখনৰ পৰা স্পষ্ট যে, প্ৰেমিকা অৰ্থাৎ যিজনে লিখিছে তেওঁৰ নাম কুসুম আৰু যাক লৈ লিখা হৈছে অৰ্থাৎ প্ৰেমিকৰ নাম বিশাল। কুসুমৰ ঘৰৰ পৰা বিয়া ঠিক কৰা হৈছে। সেয়েহে ১০টকীয়া নোটত প্ৰেমিকলৈ কুসুমৰ প্ৰেমপত্ৰ। কুসুমে লিখিছে, ‘বিশাল ২৬ এপ্ৰিলত মোৰ বিয়া। মোক ঘৰৰ পৰা পলুৱাই লৈ লৈ যোৱা।মই তোমাক ভালপাওঁ।তোমাৰ কুসুম।’

ছ'চিয়েল মিডিয়াত এই প্ৰেমপত্ৰখন ভাইৰেল হোৱাৰ পাছতে কুসুম-বিশালৰ প্ৰেমক পূ্ৰ্ণতা দিবলৈ উঠি-পৰি লাগিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী। এতিয়ালৈকে ব্যাপকভাৱে শ্বেয়াৰ হৈছে কুসুমৰ প্ৰেমপত্ৰখন। এফালে যদি কুসুম-বিশালৰ প্ৰেমকাহিনীয়ে একাংশক ভবাই তুলিছে একাংশই আকৌ ইয়াকে আনন্দৰ মাধ্যম হিচাপে লৈছে। এতিয়া কুসুম-বিশালৰ প্ৰেমে পূৰ্ণতা পাব নে নাপায় সেয়া সময়তহে ক’ব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ