--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'সোনম গুপ্তা বেৱাফা হ্যে', এখন নোটৰ ওপৰত লিখা হৈছিল এই বাৰ্তা। কেইবছৰমান আগতে এই বাৰ্তা ভাইৰেল হৈ পৰিছিল।মানুহৰ মোবাইলে মোবাইলে বাগৰিছিল একেটা বাৰ্তা। শেহতীয়াকৈ, পুনৰ একেটা ঘটনাৰে পুনৰাবৃত্তি হোৱা দেখা গ’ল। এইবাৰ প্ৰেমিকক উদ্দেশ্যি ১০ টকীয়া নোটত প্ৰেমিকাৰ প্ৰেমপত্ৰ। এই ঘটনাৰ পাছত হৈ চৈ লাগিছে ছ'চিয়েল মিডিয়াত। 

১০ টকীয়া নোটত লিখা প্ৰেমপত্ৰখনৰ পৰা স্পষ্ট যে, প্ৰেমিকা অৰ্থাৎ যিজনে লিখিছে তেওঁৰ নাম কুসুম আৰু যাক লৈ লিখা হৈছে অৰ্থাৎ প্ৰেমিকৰ নাম বিশাল। কুসুমৰ ঘৰৰ পৰা বিয়া ঠিক কৰা হৈছে। সেয়েহে ১০টকীয়া নোটত প্ৰেমিকলৈ কুসুমৰ প্ৰেমপত্ৰ। কুসুমে লিখিছে, ‘বিশাল ২৬ এপ্ৰিলত মোৰ বিয়া। মোক ঘৰৰ পৰা পলুৱাই লৈ লৈ যোৱা।মই তোমাক ভালপাওঁ।তোমাৰ কুসুম।’

ছ'চিয়েল মিডিয়াত এই প্ৰেমপত্ৰখন ভাইৰেল হোৱাৰ পাছতে কুসুম-বিশালৰ প্ৰেমক পূ্ৰ্ণতা দিবলৈ উঠি-পৰি লাগিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী। এতিয়ালৈকে ব্যাপকভাৱে শ্বেয়াৰ হৈছে কুসুমৰ প্ৰেমপত্ৰখন। এফালে যদি কুসুম-বিশালৰ প্ৰেমকাহিনীয়ে একাংশক ভবাই তুলিছে একাংশই আকৌ ইয়াকে আনন্দৰ মাধ্যম হিচাপে লৈছে। এতিয়া কুসুম-বিশালৰ প্ৰেমে পূৰ্ণতা পাব নে নাপায় সেয়া সময়তহে ক’ব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে