--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শােকাৱহ ঘটনাত প্ৰাণ হেৰুৱালে এহাল পিতৃ আৰু কন্যাই। দুয়ো স্কুটিৰে আহি থাকোতে পথৰ দাঁতিত থকা এটা ট্ৰেন্সফ’ৰ্মাৰ হঠাতে বিস্ফােৰণ ঘটে আৰু এই বিস্ফােৰণত কৰুণ মৃত্যুক সাবটে পিতা-পুত্ৰীয়ে। ট্ৰেন্সফৰ্মাৰ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ দক্ষিণ বাংগালুৰুৰ নাইচ ৰোডত। বুধবাৰে দুপৰীয়া সংঘটিত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত এজন ৫৫ বছৰীয়া শিৱৰাজ আৰু তেওঁৰ ১৯ বছৰীয়া কন্যা চৈতন্যাৰ মৃত্যু হয়। পিতা-পুত্ৰীৰ কৰুণ মৃত্যু গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ পাছত জীৱন-মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত বৃহস্পতিবাৰে মৃত্যুক সাবটি লয় চৈতন্যাই। আনহাতে ঘটনাটো সংঘটিত হোৱাৰ কেইঘণ্টামান পাছতেই তেওঁৰ পিতৃ শিৱৰাজৰ মৃত্যু হয়। ট্ৰেন্সফৰ্মাৰ চৈতন্যাৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানৰ বাবে এটা হল বুক কৰাৰ পাছত পিতৃ-কন্যাই স্কুটিত ঘৰলৈ উভতি অহাৰ সময়তে এই অঘটন ঘটে। যেন দুয়োৰে বাবে ৰাস্তাত ৰৈ আছিল কাল নিয়তি। ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত ট্ৰেন্সফৰ্মাৰৰ পৰা নিৰ্গত তেলে স্কুটিখন আৱৰি ধৰাত তেওঁলোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। নাগাৰ্ভৱী অগ্নি নিৰ্বাপক কেন্দ্ৰৰ পৰা এখন পানীৰ টেংকাৰ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল আৰু ই ট্ৰেন্সফৰ্মাৰ আৰু বাইকৰ জুই নুমুৱাইছিল। ট্ৰেন্সফৰ্মাৰ স্থানীয় বিধায়ক এছ টি সোমাশেকাৰৰ নিৰ্দেশৰ পাছত জ্ঞানভৰ্থী আৰক্ষীয়ে অপৰাধমূলক অৱহেলাৰ বাবে বেচকমৰ কাৰ্যবাহী অভিযন্তা আৰু অন্যান্য বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে তেওঁলোকে ট্ৰেন্সফৰ্মাৰৰ পৰা তেল নিৰ্গত হোৱাৰ বিষয়ে বেচকমক পূৰ্বৰ পৰাই অভিযোগ কৰি আহিছিল যদিও তেওঁলোকে কোনো ব‍্যৱস্থা গ্ৰহণ কৰা নাছিল। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ। আৰু পঢ়কঃ ৰে’লৰ খুন্দাত ময়ূৰৰ মৃত্যু!৪০ মিনিট ৰে’ল ৰখাই ৰাজ্যিক সন্মানেৰে ৰাষ্ট্ৰীয় পক্ষীক অন্তিম বিদায় New PCA Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
তেলেংগনাত ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং ; ‘টপ’ক প্ৰতিনিধিত্ব কৰি খেলিব দুই অসম কন্যা লাভলিনা-অংকুশিতাই
সফল অস্ত্ৰোপচাৰৰ পিছত অনুৰাগীলৈ বিশেষ বাৰ্তা সূৰ্যকুমাৰ যাদৱৰ
চি বি এছ ইত বছৰত দুবাৰ হ'ব দশম শ্ৰেণীৰ পৰীক্ষা
পাকিস্তানক 'পাৰমাণৱিক শত্রু' ঘোষণা কৰিব আমেৰিকাই
বিশ্বৰ ভিতৰত দক্ষিণ এছিয়াই আটাইতকৈ বেছি ভূগৰ্ভৰ জল ব্যৱহাৰ কৰে
প্ৰতিৰক্ষা ব্যয়ৰ বাবে কৰিব জি ডি পিৰ ৫% বাৰ্ষিক বিনিয়োগ
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
তৎকাল টিকট বুকিঙৰ নিয়ম সলনি: ১ জুলাইৰ পৰা IRCTC একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
যোৰহাটৰ পুৰণা বাছ আস্থানত গেছৰ পাইপ ফটাত তীব্ৰ আতংক
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা