--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনৰ যিকোনো অফিচিয়েল কাম-কাজত এতিয়াৰে পৰা কেৱল ব্যৱহাৰ হ'ব লাগিব মাৰাঠী ভাষা। হিন্দী আৰু ইংৰাজী ভাষা নিষিদ্ধ কৰা হ'ল মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনত। মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ গৃহীত হ’ল আইন। মহাৰাষ্ট্ৰৰ গ্ৰাম্য, নগৰীয়া সকলো স্থানীয় প্ৰশাসনত মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। আইনখন গৃহীত হোৱাৰ পাছত স্থানীয় প্ৰশাসনৰ সকলো ঘোষণা পত্ৰ, ভিতৰুৱা নির্দেশ, কাৰ্যালয়ৰ আদান প্রদান সকলো মাৰাঠী ভাষাত কৰিব লাগিব। বিশেষ কিছুমান পৰিস্থিতিৰ বাদে ইংৰাজী আৰু হিন্দী ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত। বৃহস্পতিবাৰে চলিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক মন্ত্ৰী সুভাষ দেশায়ে বিধেয়কখন গৃহীত কৰিবলৈ উত্থাপন কৰে। উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰ ৰাজ্যিক ভাষা আইন ১৯৬৪ত নিকায়, নিগম, পঞ্চায়তত মাৰাঠী ভাষাক বাধ্যতামূলক কৰাৰ ব্যৱস্থা নাছিল যাৰ পৰিপ্ৰেক্ষিতত নতুন আইনখনৰ প্ৰয়োজনীয়তা আহি পৰিছিল। স্থানীয় প্ৰশাসনত মাৰাঠী ভাষা ব্যৱহাৰ নোহোৱাৰ অভিযোগ বহুদিনৰে পৰা উত্থাপিত হৈ আহিছিল। যাৰ ফলত এই বিধেয়ক গৃহীত হ’ল বুলি জানিব পৰা গৈছে। আৰু পঢ়কঃ মৰ্মান্তিক! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত স্কুটি আৰোহী পিতা-পুত্ৰীৰ কৰুণ মৃত্যু new pca banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি