--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনৰ যিকোনো অফিচিয়েল কাম-কাজত এতিয়াৰে পৰা কেৱল ব্যৱহাৰ হ'ব লাগিব মাৰাঠী ভাষা। হিন্দী আৰু ইংৰাজী ভাষা নিষিদ্ধ কৰা হ'ল মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনত। মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ গৃহীত হ’ল আইন। মহাৰাষ্ট্ৰৰ গ্ৰাম্য, নগৰীয়া সকলো স্থানীয় প্ৰশাসনত মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। আইনখন গৃহীত হোৱাৰ পাছত স্থানীয় প্ৰশাসনৰ সকলো ঘোষণা পত্ৰ, ভিতৰুৱা নির্দেশ, কাৰ্যালয়ৰ আদান প্রদান সকলো মাৰাঠী ভাষাত কৰিব লাগিব। বিশেষ কিছুমান পৰিস্থিতিৰ বাদে ইংৰাজী আৰু হিন্দী ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত। বৃহস্পতিবাৰে চলিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক মন্ত্ৰী সুভাষ দেশায়ে বিধেয়কখন গৃহীত কৰিবলৈ উত্থাপন কৰে। উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰ ৰাজ্যিক ভাষা আইন ১৯৬৪ত নিকায়, নিগম, পঞ্চায়তত মাৰাঠী ভাষাক বাধ্যতামূলক কৰাৰ ব্যৱস্থা নাছিল যাৰ পৰিপ্ৰেক্ষিতত নতুন আইনখনৰ প্ৰয়োজনীয়তা আহি পৰিছিল। স্থানীয় প্ৰশাসনত মাৰাঠী ভাষা ব্যৱহাৰ নোহোৱাৰ অভিযোগ বহুদিনৰে পৰা উত্থাপিত হৈ আহিছিল। যাৰ ফলত এই বিধেয়ক গৃহীত হ’ল বুলি জানিব পৰা গৈছে। আৰু পঢ়কঃ মৰ্মান্তিক! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত স্কুটি আৰোহী পিতা-পুত্ৰীৰ কৰুণ মৃত্যু new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন