--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাইলৈ ​​অৰ্থাৎ ১ নৱেম্বৰৰ পৰা বহু নিয়ম সলনি হ’ব! জীৱন বীমা লোৱাৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ লোৱা বা দিল্লীৰ এইমছ চিকিৎসালয়ত চিকিৎসকৰ ওচৰলৈ যোৱালৈকে বহু নিয়ম সলনি হ’বলৈ গৈ আছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ জনতাৰ ওপৰত পৰিব। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী কৃষক যোজনাত কিমান টকা জমা হয় সেই কথা জনাৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে।

 কেন্দ্ৰীয় চৰকাৰৰ মতে, এই নিয়মৰ পৰিৱৰ্তনে সাধাৰণ জনতাক উপকৃত কৰিব। আনহাতে, আন একাংশ পৰিৱৰ্তনে আপোনাৰ বাজেটতো প্ৰভাৱ পেলাব পাৰে। সেইবোৰে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব?

 ১. বীমাৰ বাবে কে ৱাই চি বাধ্যতামূলক-

বীমা নিয়ন্ত্ৰণ সংস্থা আই আৰ ডি এয়ে জনাইছে যে এতিয়াৰ পৰা যিকোনো বীমাৰ বাবে কে ৱাই চিৰ প্ৰয়োজন হ’ব। এক লাখ টকা পৰ্যন্ত স্বাস্থ্য বা গাড়ীৰ বীমাতো কে ৱাই চিৰ প্ৰয়োজন হ’ব। অৱশ্যে ১ নৱেম্বৰৰ পৰা সকলো ধৰণৰ বীমাৰ বাবে কে ৱাই চি বাধ্যতামূলক হ’ব।

 ২. অ’টি পিৰ সৈতে ৰন্ধন গেছ উপলব্ধ হ’ব-

এতিয়াৰ পৰা যেতিয়া আপুনি ৰন্ধন গেছ বুকিং কৰিব তেতিয়া আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এটা অ’ টি পি প্ৰেৰণ কৰা হ’ব। চিলিণ্ডাৰ ডেলিভাৰীৰ সময়ত সেই অ’ টি পিটো শ্ৰমিকজনক ক’ব লাগিব। তেতিয়াহে তেওঁ চিলিণ্ডাৰটো আপোনাৰ হাতত দিব। গেছ চিলিণ্ডাৰৰ লগত জড়িত যিকোনো ধৰণৰ দুৰ্নীতি ৰোধৰ বাবে কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰিছে। লগতে প্ৰতি মাহৰ ১ তাৰিখে গেছ চিলিণ্ডাৰৰ দাম সলনি হ’ব পাৰে। ফলত কাইলৈৰ পৰা গেছৰ মূল্যৰ পৰিৱৰ্তন লক্ষ্যণীয় হ’ব।

 ৩. প্ৰধানমন্ত্ৰী কৃষক যোজনাৰ নিয়মৰ পৰিৱৰ্তন-

দ্বাদশ কিস্তি কৃষকক গতাই দিয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী কৃষক যোজনাত বৃহৎ পৰিৱৰ্তন কৰা হয়। এতিয়াৰে পৰা এই আঁচনিৰ হিতাধিকাৰীসকলে পৰ্টেলত আধাৰ নম্বৰ দি নিজৰ একাউণ্টৰ বিষয়ে পৰীক্ষা কৰিব নোৱাৰিব। এতিয়াৰ পৰা আপুনি আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ সৈতে জানিব লাগিব। পূৰ্বে এই আঁচনিৰ অধীনত গ্ৰাহকে আধাৰ নম্বৰ বা মোবাইল নম্বৰেৰে একাউণ্টৰ অৱস্থা পৰীক্ষা কৰিব পাৰিছিল।

 ৪. জি এছ টিতো বৃহৎ পৰিৱৰ্তন কৰা হৈছে-

জি এছ টি ৰিটাৰ্ণৰ ক্ষেত্ৰতো পৰিৱৰ্তন কৰা হৈছে। এতিয়াৰে পৰা ৫ কোটি টকা বাৰ্ষিক আয়ৰ কৰদাতাসকলে জি এছ টি ৰিটাৰ্ণত চাৰিটা সংখ্যাৰ এইচ এছ এন ক’ড দিব লাগিব। আগতে দুটা সংখ্যাৰ এইচ এছ এন ক’ড দিব লাগিছিল। লগতে ৫ কোটি টকাৰ ওপৰৰ বাৰ্ষিক আয়ৰ কৰদাতাসকলে ১ এপ্ৰিলৰ পৰা চাৰিটা সংখ্যাৰ ক’ড দিব লাগিছিল। ১ আগষ্টৰ পৰা তেওঁলোকে জি এছ টি ৰিটাৰ্ণত ছটা সংখ্যাৰ ক’ড দিবলগা হৈছিল।

 ৫. দিল্লী এইমছত চিকিৎসকৰ ওচৰলৈ যোৱাৰ নিয়মৰ পৰিৱৰ্তন-

১ নৱেম্বৰৰ পৰা দিল্লী এইমছত উপলব্ধ হ’ব বিনামূলীয়া অ’পিডি কাৰ্ড। লগতে ৰোগীৰ পৰা ৩০০ টকা লোৱা নহ’ব। একে সময়তে আগতে অ’পিডি কাৰ্ডৰ বাবে লোৱা ১০ টকীয়া মাচুল এতিয়া লোৱা নহ’ব বুলিও অৱগত কৰা হৈছে।

 ৬. বিদ্যুতৰ ৰাজসাহায্য লাভ কৰিবলৈ পঞ্জীয়ন কৰিব লাগিব-

দিল্লীৰ বিদ্যুৎ ৰাজসাহায্যত পৰিৱৰ্তনৰ সম্ভাৱনা আছে। বিদ্যুৎ ৰাজসাহায্যৰ বাবে নামভৰ্তি নকৰা গ্ৰাহকে আৰু ১ নৱেম্বৰৰ পৰা এই ৰাজসাহায্য লাভ নকৰিব। ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ এতিয়া দিল্লীবাসীয়ে পঞ্জীয়ন কৰিব লাগিব।

 ৭. পোহনীয়া জন্তু বিমানত নিব পাৰিব-

আকাশ এয়াৰৰ তথ্য অনুসৰি অহা মাহৰ পৰা যাত্ৰীসকলে নিজৰ পোহনীয়া জন্তু বিমানত নিব পাৰিব। একে সময়তে নৱেম্বৰৰ পৰা মালবাহী সেৱাও আৰম্ভ কৰিব বিমান সংস্থাটোৱে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement