--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিমান বিজুতি হোৱাৰ পাছত আঘাতপ্ৰাপ্ত বেনাৰ্জীয়ে মুখ খুলিছে৷ ৪ মাৰ্চত সংঘটিত বিমান বিজুতিৰ কেইদিনমান পাছতে মমতা বেনাৰ্জীয়ে দাবী কৰিছে যে, বিমানখনৰ পাইলটে ভয়াবহ সংঘৰ্ষ প্ৰতিহত কৰিছিল৷ পশ্চিম বংগ চৰকাৰে বিমান নিয়ন্ত্ৰকৰ পৰা জানিব বিচাৰিছে যে, মমতা বেনাৰ্জীৰ চাৰ্টাৰ্ড বিমানৰ দ্বাৰা লোৱা পথটোৰ বাবে অনুমোদন দিয়া হৈছিল নেকি? তেওঁৰ চাৰ্টাৰ্ড বিমানখনৰ মাজ আকাশত বিজুতি ঘটাৰ দুদিন পাছত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে কয় যে, আন এখন বিমান তেওঁৰ বিমানৰ সন্মুখলৈ আহি আছিল, আৰু পাইলটজনৰ দ্ৰুত পদক্ষেপেই মুখামুখি সংঘৰ্ষ প্ৰতিহত কৰিছিল। বেনাৰ্জীৰ বিমানখন বিজুতি ঘটাৰ পাছত পশ্চিম বংগ চৰকাৰে শনিবাৰে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ (ডিজিচিএ) পৰা প্ৰতিবেদন বিচাৰিছিল৷ যিটো দুৰ্ঘটনাত তেওঁৰ পিঠি আৰু বুকু আঘাতপ্ৰাপ্ত হৈছিল৷ উল্লেখযোগ্য যে, সমাজবাদী পাৰ্টীৰ হৈ প্ৰচাৰ সমাপ্ত কৰাৰ পাছত মমতা বেনাৰ্জীয়ে উত্তৰ প্ৰদেশৰ পৰা উভতি আহি থাকোঁতে বিমানখনৰ বিজুতি ঘটিছিল৷ সমাজবাদী পাৰ্টীৰ হৈ প্ৰচাৰ চলাবলৈ উত্তৰ প্ৰদেশ ভ্ৰমণ সমাপ্ত কৰাৰ পাছত মমতা বেনাৰ্জীয়ে কলকাতালৈ উৰা মাৰিছিল৷ আৰু হঠাতে হোৱা বিজুতিত মাটিৰ পৰা বিমানখনৰ উচ্চতা হ্ৰাস হোৱাৰ ফলত মমতা বেনাৰ্জীয়ে তেওঁৰ আসনৰ পৰা আঁতৰি গৈছিল, যাৰ ফলত তেওঁ পিঠিত আঘাত পাইছিল। পশ্চিম বংগৰ গৃহ বিভাগে ঘটনাটোৰ তদন্ত কৰি আৰু পাইলটলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল৷ আৰু, শেহতীয়াকৈ ঘটনা সম্পৰ্কত মমতা বেনাৰ্জীয়ে পাইলটৰ প্ৰচেষ্টাৰ বাবে জীৱন ৰক্ষা পৰা বুলি উল্লেখ কৰিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক