--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন শেহতীয়াকৈ ঘোষণা হৈছে। অসমকে ধৰি ৬খন ৰাজ্যৰ ১৩খন ৰাজ্যসভা আসনৰ বাবে ৩১মাৰ্চত এই নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু এতিয়াও অসমৰ প্ৰধান বিৰোধী দল দুটাই নিৰ্বাচন সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মিত্ৰতাৰ বিষয়টো এতিয়াও চূড়ান্ত কৰিব পৰা নাই দল-দুটাই। বিধানসভা নিৰ্বাচনৰ সময়ত মিত্ৰতা কৰি মুখ থেকেচা খোৱাৰ পাছত দল দুটাৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। এতিয়া ৰাজ্যসভা নিৰ্বাচনত এখন আসন দখলৰ স্বাৰ্থত তেওঁলোক পুনৰ কাষ চপাৰ চেষ্টা কৰিছে যদিও তেওঁলোকৰ মাজৰ অসন্তুষ্টিৰ এতিয়া মুকলি বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে। ৰাজ্যসভাৰ এখন আসনক লৈ বিস্ফোৰক মন্তব্য কৰিছে এআইইউডিএফৰ মুৰব্বী আজমলে। কংগ্রেছৰ ৰাজ্যিক নেতৃত্বক আস্থাত ল’ব পৰা নাই এসময়ৰ সহযোগী দলটোৱে। ছোনিয়া গান্ধীয়ে কথা দিলিহে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা চিন্তা কৰিব দলটোৱে। ক'ৰ কমিটীৰ বৈঠকৰ পাছতে ছোনিয়া গান্ধীৰ ওচৰলৈ যাব এআইইউডিএফৰ প্ৰতিনিধিৰ দল। মিত্ৰতা প্ৰসংগত কংগ্ৰেছৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আজমলে। তেওঁ কয় যে, এখন আসনক লৈ ‘নিয়ত’ ঠিক ৰাখিলে কি হব? আমাক এটাও ফোন নকৰাকৈ মহাজোঁট ভংগ কৰিছিল কংগ্রেছে। ২০২৪ত লক্ষ্য কি হ’ব সেয়া স্থিৰ হ’ব লাগে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধী দলসমূহৰ ‘নিয়ত’ ঠিক থকা বুলি মন্তব্য কৰিছিল কংগ্রেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে। উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত এআইইউডিএফৰ এখন গুৰুতত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়।। কংগ্ৰেছৰ সৈতে প্ৰাৰ্থী বুজাবুজি সন্দৰ্ভত বিশেষ আলোচনাত কৰা হয় এআইইউডিএফৰ নেতৃত্ব। অহা ১২ মাৰ্চত দিল্লীত দুই দলৰ হাইকমাণ্ডৰ বৈঠকৰ পাছতহে ৰাজ্যসভাৰ প্ৰাৰ্থী চূড়ান্ত হ’ব বুলি সদৰি কৰা হৈছে। এই সন্দৰ্ভত মন্তব্য কৰে দলটোৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰে। ৰাজ্যসভা নিৰ্বাচনক লৈ পূ্ৰ্বৰ সহযোগী দল দুটাৰ এনে মনোমালিন্য তথা অবিশ্বাসৰ পৰিৱেশে এতিয়া বিশেষ তাপৰ্য বহন কৰিছে। কংগ্ৰেছ-এআইইউডিএফৰ হাইকমাণ্ডে এতিয়া এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় বিষয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক