--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন শেহতীয়াকৈ ঘোষণা হৈছে। অসমকে ধৰি ৬খন ৰাজ্যৰ ১৩খন ৰাজ্যসভা আসনৰ বাবে ৩১মাৰ্চত এই নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু এতিয়াও অসমৰ প্ৰধান বিৰোধী দল দুটাই নিৰ্বাচন সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মিত্ৰতাৰ বিষয়টো এতিয়াও চূড়ান্ত কৰিব পৰা নাই দল-দুটাই। বিধানসভা নিৰ্বাচনৰ সময়ত মিত্ৰতা কৰি মুখ থেকেচা খোৱাৰ পাছত দল দুটাৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। এতিয়া ৰাজ্যসভা নিৰ্বাচনত এখন আসন দখলৰ স্বাৰ্থত তেওঁলোক পুনৰ কাষ চপাৰ চেষ্টা কৰিছে যদিও তেওঁলোকৰ মাজৰ অসন্তুষ্টিৰ এতিয়া মুকলি বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে। ৰাজ্যসভাৰ এখন আসনক লৈ বিস্ফোৰক মন্তব্য কৰিছে এআইইউডিএফৰ মুৰব্বী আজমলে। কংগ্রেছৰ ৰাজ্যিক নেতৃত্বক আস্থাত ল’ব পৰা নাই এসময়ৰ সহযোগী দলটোৱে। ছোনিয়া গান্ধীয়ে কথা দিলিহে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা চিন্তা কৰিব দলটোৱে। ক'ৰ কমিটীৰ বৈঠকৰ পাছতে ছোনিয়া গান্ধীৰ ওচৰলৈ যাব এআইইউডিএফৰ প্ৰতিনিধিৰ দল। মিত্ৰতা প্ৰসংগত কংগ্ৰেছৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আজমলে। তেওঁ কয় যে, এখন আসনক লৈ ‘নিয়ত’ ঠিক ৰাখিলে কি হব? আমাক এটাও ফোন নকৰাকৈ মহাজোঁট ভংগ কৰিছিল কংগ্রেছে। ২০২৪ত লক্ষ্য কি হ’ব সেয়া স্থিৰ হ’ব লাগে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধী দলসমূহৰ ‘নিয়ত’ ঠিক থকা বুলি মন্তব্য কৰিছিল কংগ্রেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে। উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত এআইইউডিএফৰ এখন গুৰুতত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়।। কংগ্ৰেছৰ সৈতে প্ৰাৰ্থী বুজাবুজি সন্দৰ্ভত বিশেষ আলোচনাত কৰা হয় এআইইউডিএফৰ নেতৃত্ব। অহা ১২ মাৰ্চত দিল্লীত দুই দলৰ হাইকমাণ্ডৰ বৈঠকৰ পাছতহে ৰাজ্যসভাৰ প্ৰাৰ্থী চূড়ান্ত হ’ব বুলি সদৰি কৰা হৈছে। এই সন্দৰ্ভত মন্তব্য কৰে দলটোৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰে। ৰাজ্যসভা নিৰ্বাচনক লৈ পূ্ৰ্বৰ সহযোগী দল দুটাৰ এনে মনোমালিন্য তথা অবিশ্বাসৰ পৰিৱেশে এতিয়া বিশেষ তাপৰ্য বহন কৰিছে। কংগ্ৰেছ-এআইইউডিএফৰ হাইকমাণ্ডে এতিয়া এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় বিষয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য