--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভুল খাদ্যভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে বৰ্তমান সময়ত লোকসকল বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ বাবে বহু লোক হৃদযন্ত্ৰৰ লগতে কলেষ্টেৰল শৰীৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা মুকলিকৈ হঁহাৰ অভ্যাস গঢ়ি তোলক। 

মুকলিকৈ হাঁহিলে শৰীৰে লাভ কৰে এইসমূহ উপকাৰিতা-
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে-
প্ৰতিদিনে মুকলিকৈ হাঁহিলে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। কাৰণ মুকলিকৈ হাঁহিলে শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায় আৰু সকলো অংগত অক্সিজেন সঠিকভাৱে পোৱা যায়। যাৰ বাবে আপোনাৰ শৰীৰৰ প্ৰতিটো অংশই ভালদৰে কাম কৰে। গতিকে যদি সুস্থ হৈ থাকিব বিচাৰে, তেন্তে মুকলিকৈ হাঁহিবলৈ চেষ্টা কৰক আৰু সদায় নিজকে সুখী কৰি ৰাখক। এনে কৰিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

হাৰ্টএটেকৰ আশংকা হ্ৰাস পায়-
যদি আপুনি মুকলিকৈ হাঁহে তেন্তে হাৰ্টএটেকৰ সম্ভাৱনা কমি যায়।কাৰণ হাঁহি থকাৰ সময়ত আপুনি দীঘলকৈ উশাহ লয়, যাৰ ফলত শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায় ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। গতিকে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থকাটো বিচাৰে তেন্তে মুকলিকৈ হাঁহিবলৈ চেষ্টা কৰক।

বি পি নিয়ন্ত্ৰণত ৰাখে-
হাঁহিলেও বি পি নিয়ন্ত্ৰণত থাকে। কাৰণ হাঁহিলে আপোনাৰ মন-মগজু সুস্থ হৈ থাকে আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ হ্ৰাস পায়। গতিকে যদি আপুনি বি পি ৰোগী তেন্তে মুকলিকৈ হাঁহিবলৈ চেষ্টা কৰক।

ওজন নিয়ন্ত্ৰণত থাকে-
হাঁহিলে মানসিক চাপ হ্ৰাস হয়। যাৰ বাবে কৰ্টিছল হৰম’ন হ্ৰাস পায় আৰু উদ্বিগ্নতাও কমি যায়। যেতিয়া কৰ্টিছল নিয়ন্ত্ৰণত থাকে তেতিয়া ওজনো নিয়ন্ত্ৰণত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ