--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনীষ চিছ’দিয়াৰ অন্তৱৰ্তীকালীন জামিন আবেদন আজি খাৰিজ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আবকাৰী নীতিত ধন সৰবৰাহৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গোচৰত উচ্চ ন্যায়ালয়ে চিছ’দিয়াৰ জামিনৰ আবেদন নাকচ কৰে।

পত্নীৰ চিকিৎসাজনিত অৱস্থাৰ দোহাই দি চিছ’ডিয়াই আজি ছয় সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিনৰ অনুৰোধ জনাইছিল দিল্লী উচ্চ ন্যায়ালয়ত। চিছ’ডিয়াৰ জামিন আবেদনৰ বিৰুদ্ধে আপত্তি দৰ্শাই এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আদালতৰ সন্মুখত আবকাৰী নীতিৰ সৈতে জড়িত নথি-পত্ৰৰ প্ৰমাণ নষ্ট কৰাৰ যুক্তি প্ৰদৰ্শন কৰে।

ইয়াৰ পিছতে আদালতে চিছ’ডিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অত্যন্ত গুৰুতৰ আৰু আপ নেতাগৰাকীয়ে ইতিপূৰ্বে কাৰ্যনিৰ্বাহ কৰা পদসমূহ পাহৰিব নোৱাৰি বুলি পৰ্যবেক্ষণ কৰে। আনহাতে এল এন জে পি হাস্পতালত ভৰ্তি হৈ থকা চিছ’দিয়াৰ পত্নী সীমা চিছ’দিয়া সন্দৰ্ভত চিকিৎসালয়ে দাখিল কৰা চিকিৎসা প্ৰতিবেদনৰ ওপৰতো আলোকপাত কৰে আদালতে।

এই চিকিৎসা প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি বিচাৰপীঠে সীমা চিছ’দিয়াক উত্তম চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে। আদালতে লগতে ৰোগীৰ চিকিৎসা ক’ত হ’ব সেয়া ৰোগী আৰু পৰিয়ালৰ নিজস্ব সিদ্ধান্ত বুলি উল্লেখ কৰে যদিও অভিভাৱক হিচাপে আদালতে এইমছৰ চিকিৎসা অধীক্ষকে গঠন কৰি দিয়া চিকিৎসকৰ ব’ৰ্ডৰ ওচৰত চিকিৎসা পৰীক্ষা কৰিব পাৰে বুলি পৰামৰ্শ দিয়ে।

উল্লেখ্য যে, যোৱা ২ জুনত দিল্লী উচ্চ ন্যায়ালয়ে চিছ’দিয়াক ৩ জুনৰ দিনটোত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ অনুমতি দিছিল যদিও পত্নীৰ সৈতে এই সাক্ষাতৰ সময়ত তেওঁ আৰক্ষীৰ জিম্মাত থাকিব বুলি আদালতে লগতে নিৰ্দেশনা দিছিল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস