--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনীষ চিছ’দিয়াৰ অন্তৱৰ্তীকালীন জামিন আবেদন আজি খাৰিজ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আবকাৰী নীতিত ধন সৰবৰাহৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গোচৰত উচ্চ ন্যায়ালয়ে চিছ’দিয়াৰ জামিনৰ আবেদন নাকচ কৰে।

পত্নীৰ চিকিৎসাজনিত অৱস্থাৰ দোহাই দি চিছ’ডিয়াই আজি ছয় সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিনৰ অনুৰোধ জনাইছিল দিল্লী উচ্চ ন্যায়ালয়ত। চিছ’ডিয়াৰ জামিন আবেদনৰ বিৰুদ্ধে আপত্তি দৰ্শাই এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আদালতৰ সন্মুখত আবকাৰী নীতিৰ সৈতে জড়িত নথি-পত্ৰৰ প্ৰমাণ নষ্ট কৰাৰ যুক্তি প্ৰদৰ্শন কৰে।

ইয়াৰ পিছতে আদালতে চিছ’ডিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অত্যন্ত গুৰুতৰ আৰু আপ নেতাগৰাকীয়ে ইতিপূৰ্বে কাৰ্যনিৰ্বাহ কৰা পদসমূহ পাহৰিব নোৱাৰি বুলি পৰ্যবেক্ষণ কৰে। আনহাতে এল এন জে পি হাস্পতালত ভৰ্তি হৈ থকা চিছ’দিয়াৰ পত্নী সীমা চিছ’দিয়া সন্দৰ্ভত চিকিৎসালয়ে দাখিল কৰা চিকিৎসা প্ৰতিবেদনৰ ওপৰতো আলোকপাত কৰে আদালতে।

এই চিকিৎসা প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি বিচাৰপীঠে সীমা চিছ’দিয়াক উত্তম চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে। আদালতে লগতে ৰোগীৰ চিকিৎসা ক’ত হ’ব সেয়া ৰোগী আৰু পৰিয়ালৰ নিজস্ব সিদ্ধান্ত বুলি উল্লেখ কৰে যদিও অভিভাৱক হিচাপে আদালতে এইমছৰ চিকিৎসা অধীক্ষকে গঠন কৰি দিয়া চিকিৎসকৰ ব’ৰ্ডৰ ওচৰত চিকিৎসা পৰীক্ষা কৰিব পাৰে বুলি পৰামৰ্শ দিয়ে।

উল্লেখ্য যে, যোৱা ২ জুনত দিল্লী উচ্চ ন্যায়ালয়ে চিছ’দিয়াক ৩ জুনৰ দিনটোত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ অনুমতি দিছিল যদিও পত্নীৰ সৈতে এই সাক্ষাতৰ সময়ত তেওঁ আৰক্ষীৰ জিম্মাত থাকিব বুলি আদালতে লগতে নিৰ্দেশনা দিছিল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়