--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে দিল্লী আৰক্ষীৰ ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অ’পাৰেশ্যন (IFSO)য়ে অভিযান চলাই দেশজুৰি প্ৰায় ২০০০ লোকক তাৎক্ষণিক ঋণ দিয়াৰ নামত প্ৰতাৰণা কৰা এটা ধন সৰকোৱা চক্ৰ উৎখাত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চক্ৰটো চলাই থকা ইয়াৰ ৬ জন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তেওঁলোকে ভুৱা কোম্পানী পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়াৰ কথা সদৰী কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা কেইজনক গুজৰাটৰ বাসিন্দা মুস্তাজাব গুলাম মহম্মদ নভিৱালা (৩২), অনিছভাই আশ্ৰফভাই ভিঞ্চি (৫১), পশ্চিম বংগৰ বাসিন্দা গোকুল বিশ্বাস (৫৩), অশোক (৩৬), বলৱন্ত (৩৯) আৰু দিল্লীৰ বাসিন্দা নীতিন (২৪) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, এই দলটোৱে সমগ্ৰ দেশতে ১৯৭৭ জন লোকক প্ৰতাৰণা কৰিছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জয় গোৱেল নামৰ এজন লোকে অবিযোগ কৰিছিল যে কিছুমান লোকে  অবৈধভাৱে মোবাইল ডাটা লাভ কৰি কেছ এডভান্স নামৰ লোণ এপ্লিকেচনৰ জৰিয়তে তাৎক্ষণিকভাৱে ঋণ দিয়াৰ নামত নাগৰিকৰ পৰা ব্লেকমেইলিং আৰু ধন দাবী কৰিছিল।

আৰক্ষীৰ উপ-আয়ুক্ত প্ৰশান্ত গৌতমে জনায় যে তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্তসকলক বিভিন্ন স্থানত থকাটো চিহ্নিত কৰে আৰু তালাচী অভিযান চলাই গ্ৰেপ্তাৰ কৰে। ডিচিপি গৰাকীয়ে জনোৱা মতে, এই চক্ৰটোৱে এপ্লিকেচনৰ জৰিয়তে ব্যৱহাৰকাৰীক অতি কম সুতৰ হাৰত হ্ৰস্বম্যাদী ঋণ আগবঢ়াইছিল আৰু তাৰ পিছত ইয়াৰ ইনষ্টলেচনৰ সময়ত তেওঁলোকৰ ডাটাৰ এচেছ লাভ কৰিছিল।

কিন্তু ডিজিটেল মোডৰ জৰিয়তে ধন দিয়াৰ পিছত তেওঁলোকে অত্যধিকভাৱে সুতৰ হাৰ বৃদ্ধি কৰিছিল আৰু ঋণ পৰিশোধ কৰাৰ পিছতো তেওঁলোকে মৰ্ফ কৰা ছবি ব্যৱহাৰ কৰি ধমকি দি ঋণ লোৱা বা তেওঁলোকৰ আত্মীয়ৰ পৰা অধিক ধন দাবী কৰিছিল বুলি আৰক্ষীয়ে জনায়।

গোকুল, মুস্তাজাব, অনিছভাই, অশোক আৰু বলৱন্তই কোম্পানীকেইটা পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টসমূহত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হৈছিল যাৰ ভিতৰত কমিচন কৰ্তন কৰি ৮৩ কোটি টকা পুনৰ বিভিন্ন ব্যক্তিক ক্ষুদ্ৰ ঋণ হিচাপে প্ৰদান কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে চীনৰ এটা লোণ এপ্লিকেচন কোম্পানীত টিম লিডাৰ হিচাপে কাম কৰা নীতিনে ঋণৰ আবেদন আৰু আদায় প্ৰক্ৰিয়াৰ কাম-কাজৰ বিষয়ে ভালদৰেই জানিছিল বুলি তেওঁলোকে কয়। আৰক্ষীয়ে লগতে জনোৱা মতে, ৭টা মোবাইল ফোন, এটা লেপটপ, ১৫খন ডেবিট কাৰ্ডৰ লগতে প্ৰৱঞ্চিত ধনৰ মুঠ ৬০ লাখ টকা বিভিন্ন বেংক একাউণ্টত ফ্ৰীজ কৰি ৰখা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস