--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে দিল্লী আৰক্ষীৰ ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অ’পাৰেশ্যন (IFSO)য়ে অভিযান চলাই দেশজুৰি প্ৰায় ২০০০ লোকক তাৎক্ষণিক ঋণ দিয়াৰ নামত প্ৰতাৰণা কৰা এটা ধন সৰকোৱা চক্ৰ উৎখাত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চক্ৰটো চলাই থকা ইয়াৰ ৬ জন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তেওঁলোকে ভুৱা কোম্পানী পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়াৰ কথা সদৰী কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা কেইজনক গুজৰাটৰ বাসিন্দা মুস্তাজাব গুলাম মহম্মদ নভিৱালা (৩২), অনিছভাই আশ্ৰফভাই ভিঞ্চি (৫১), পশ্চিম বংগৰ বাসিন্দা গোকুল বিশ্বাস (৫৩), অশোক (৩৬), বলৱন্ত (৩৯) আৰু দিল্লীৰ বাসিন্দা নীতিন (২৪) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, এই দলটোৱে সমগ্ৰ দেশতে ১৯৭৭ জন লোকক প্ৰতাৰণা কৰিছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জয় গোৱেল নামৰ এজন লোকে অবিযোগ কৰিছিল যে কিছুমান লোকে  অবৈধভাৱে মোবাইল ডাটা লাভ কৰি কেছ এডভান্স নামৰ লোণ এপ্লিকেচনৰ জৰিয়তে তাৎক্ষণিকভাৱে ঋণ দিয়াৰ নামত নাগৰিকৰ পৰা ব্লেকমেইলিং আৰু ধন দাবী কৰিছিল।

আৰক্ষীৰ উপ-আয়ুক্ত প্ৰশান্ত গৌতমে জনায় যে তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্তসকলক বিভিন্ন স্থানত থকাটো চিহ্নিত কৰে আৰু তালাচী অভিযান চলাই গ্ৰেপ্তাৰ কৰে। ডিচিপি গৰাকীয়ে জনোৱা মতে, এই চক্ৰটোৱে এপ্লিকেচনৰ জৰিয়তে ব্যৱহাৰকাৰীক অতি কম সুতৰ হাৰত হ্ৰস্বম্যাদী ঋণ আগবঢ়াইছিল আৰু তাৰ পিছত ইয়াৰ ইনষ্টলেচনৰ সময়ত তেওঁলোকৰ ডাটাৰ এচেছ লাভ কৰিছিল।

কিন্তু ডিজিটেল মোডৰ জৰিয়তে ধন দিয়াৰ পিছত তেওঁলোকে অত্যধিকভাৱে সুতৰ হাৰ বৃদ্ধি কৰিছিল আৰু ঋণ পৰিশোধ কৰাৰ পিছতো তেওঁলোকে মৰ্ফ কৰা ছবি ব্যৱহাৰ কৰি ধমকি দি ঋণ লোৱা বা তেওঁলোকৰ আত্মীয়ৰ পৰা অধিক ধন দাবী কৰিছিল বুলি আৰক্ষীয়ে জনায়।

গোকুল, মুস্তাজাব, অনিছভাই, অশোক আৰু বলৱন্তই কোম্পানীকেইটা পঞ্জীয়ন কৰি বেংক একাউণ্ট খুলিছিল। এই একাউণ্টসমূহত প্ৰায় ৩৫০ কোটি টকাৰ ধন প্ৰচলন হৈছিল যাৰ ভিতৰত কমিচন কৰ্তন কৰি ৮৩ কোটি টকা পুনৰ বিভিন্ন ব্যক্তিক ক্ষুদ্ৰ ঋণ হিচাপে প্ৰদান কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে চীনৰ এটা লোণ এপ্লিকেচন কোম্পানীত টিম লিডাৰ হিচাপে কাম কৰা নীতিনে ঋণৰ আবেদন আৰু আদায় প্ৰক্ৰিয়াৰ কাম-কাজৰ বিষয়ে ভালদৰেই জানিছিল বুলি তেওঁলোকে কয়। আৰক্ষীয়ে লগতে জনোৱা মতে, ৭টা মোবাইল ফোন, এটা লেপটপ, ১৫খন ডেবিট কাৰ্ডৰ লগতে প্ৰৱঞ্চিত ধনৰ মুঠ ৬০ লাখ টকা বিভিন্ন বেংক একাউণ্টত ফ্ৰীজ কৰি ৰখা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়