--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও সংঘৰ্ষৰ জুই ক্ষান্ত হোৱা মণিপুৰত৷মানৱ অধিকাৰৰ চূড়ান্ত স্খলনৰ ছবিখন ইতিমধ্যেই বিশ্ববাসীৰ আগত জলজলপটপটকৈ স্পষ্ট হৈ পৰিছে৷ শেহতীয়াকৈ বিজেপিৰ মণিপুৰ গোটে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক জনাইছে যে ৰাজ্য চৰকাৰে এই পৰ্যন্ত জাতিগত সংঘাত ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবেই মণিপুৰৰ জনগণ ক্ষুব্ধ হৈ পৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, দলটোৰ ৰাজ্যিক ইউনিটৰ সভাপতি শাৰদা দেৱী, উপ-সভাপতি চৌধুৰী চিদানন্দ সিং আৰু আন ছয়জন ব্যক্তিৰ স্বাক্ষৰিত এখন পত্ৰত নাড্ডাক কোৱা হৈছে যে ‘জনতাৰ ক্ষোভ আৰু বিৰোধিতা এতিয়া তীব্ৰতৰ হৈ পৰিছে, যাৰ ফলত  চলি থকা অশান্তিৰ বাবে চৰকাৰৰ ব্যৰ্থতাক জগৰীয়া কৰা হৈছে।

নেতাসকলে স্থানচ্যুত লোকসকলক শীঘ্ৰে তেওঁলোকৰ ‘মূল বাসস্থান’লৈ পুনৰ সংস্থাপন কৰাৰ দাবী জনায়। তেওঁ কয়, ‘আমি জানো যে আমাৰ চৰকাৰে ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে দিনে-নিশাই কাম কৰি আছে আৰু ৰাজ্যিক পৰ্যায়ৰ আমাৰ দলেও পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত মুখ্য গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্বিঘ্নে যান-বাহন চলাচল’ শীঘ্ৰে মুকলি কৰাকে ধৰি ৰাইজৰ বিভিন্ন দাবীৰ ওপৰতো দলটোৱে আলোকপাত কৰে।লগতে ৰাজ্যিক ইউনিটটোৱে যিসকলৰ ঘৰ ধ্বংস হৈছে তেওঁলোকক ক্ষতিপূৰণ আৰু জনগোষ্ঠীয় সংঘাতত নিহতসকলৰ পৰিয়ালক সাহায্য প্ৰদানৰ আহ্বান জনায়।ইয়াৰ উপৰিও অভিযান স্থগিত ৰখাৰ ভিত্তি নিয়মসমূহ ফলপ্ৰসূভাৱে বলবৎ কৰিবলৈ আৰু যিকোনো উলংঘাক ‘সন্ত্ৰাসবাদী কাৰ্য হিচাপে গণ্য কৰিবলৈ আহ্বান কৰে।

ৰাজ্যিক গোটটোৱে নাড্ডাক কয় যে ‘এন আৰ চিৰ আগতীয়া ৰূপায়ণৰ সুবিধাৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰীৰ বায়’মেট্ৰিক তথ্য লিপিবদ্ধ কৰাৰ অভিযান ক্ষিপ্ৰতাৰে কৰা, আফিং খেতি সম্পূৰ্ণৰূপে ধ্বংস কৰা আৰু নিৰন্তৰ নিৰীক্ষণৰ বাবে যৌথ নিৰীক্ষণ সমিতি গঠন কৰা আদি বিষয়ত  মনোনিৱেশ কৰিব লাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু