--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাকলৈ আজিও দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। বিৰোধীয়ে সংসদত মণিপুৰৰ বিষয়টো আলোচনা কৰিব লাগে বুলি দাবী জনাই আহিছে।  সমস্যাক লৈ সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছে। জাতিগত হিংসাৰ  বাবে উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। হত্যা আৰু দলবদ্ধ ধৰ্ষণ এতিয়া মণিপুৰত যেন সহজ কথা হৈ পৰিছে।বিৰোধীয়ে মণিপুৰৰ বিষয়টোকলৈ   মোদী চৰকাৰৰ ওপৰত নিৰন্তৰ হেঁচা প্ৰয়োগ কৰি আহিছে।

 বিৰোধীৰ হেঁচাৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অৱশেষত মন্তব্য প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। সোমবাৰে শ্বাহে কয় যে চৰকাৰে মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ সাজু আছে।

সোমবাৰে লোকসভাত শ্বাহে কয়, "মই লোকসভাত মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ সাজু। মই বিৰোধীক এই বিষয়ত আলোচনাৰ বাবে বহিবলৈ অনুৰোধ জনাইছো। সমগ্ৰ দেশে এই সংবেদনশীল বিষয়টোৰ সত্যতা জানিব লাগিব।" কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মন্তব্যৰ পিছত লোকসভাৰ অধিৱেশন কাইলৈ পৰ্যন্ত  স্থগিত ৰখা হয়। 

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ তৃতীয় দিনাও মণিপুৰৰ ঘটনাকলৈ  সংসদ উত্তেজনাপূৰ্ণ হৈ থাকে । বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবীত ৰাজ্যসভাত প্ৰতিবাদ সাব্যস্ত কৰে। আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে মণিপুৰৰ বিষয়ত  আলোচনাৰ দাবীত প্ৰতিবাদকৰাৰ বাবেই  ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে তেওঁক "সাংসদ পদক অপমান" কৰাৰ বাবে সমগ্ৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে নিলম্বন কৰে। ধনখৰে টিএমচিৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰাইনক ২৬৭ ধাৰাৰ অধীনত মণিপুৰৰ বিষয়ত  আলোচনা বিচাৰি প্ৰতিবাদ কৰাৰ বাবেও সতৰ্ক কৰি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে