--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বহু চৰ্চিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থৱিৰ নহয়, সেয়া অব্যাহত থাকিব। সোমবাৰে  উচ্চতম ন্যায়ালয়ে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত  জনোৱা আবেদনৰ  শুনানি গ্ৰহণ কৰি  এনে স্থিতিৰ কথা প্ৰকাশ কৰে। লগতে আদালতে এই কথাও পৰীক্ষা কৰিব যে নিৰ্বাচন আয়োগে নিজে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰিবনে নোৱাৰে। উল্লেখ্য পূৰ্বে  সমষ্টি নিৰ্ধাৰণ এক যৌথ প্ৰচেষ্টা আছিল য'ত আদালতসমূহো অন্তৰ্ভুক্ত আছিল, কিন্তু চৰকাৰে ২০০৮ চনত আয়োগক এই সম্পৰ্কীয় ক্ষমতা হস্তান্তৰ কৰিছিল। 

অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা  ১৯৭৬ চনত অন্তিমবাৰৰ বাবে নিৰ্ধাৰণ কৰা  হৈছিল। প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি কৰাৰ বাবে নতুন প্ৰচেষ্টা ২০০৫ চনত আৰম্ভ হৈছিল। ইয়াৰ পিছত চলিত বৰ্ষৰ  ২০ জুনত  নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰথম খচৰাখন প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে উদ্ভৱ হোৱা প্ৰতিবাদ আৰু  আপত্তিৰ বিষয়ে আলোচনা কৰিবলৈ নিৰ্বাচন আয়োগে গুৱাহাটীত তিনিদিনীয়া বৈঠক অনুষ্ঠিত কৰিছিল। সোমবাৰে  ১০ টা  বিৰোধী দলৰ আবেদনৰ শুনানিৰ সময়ত উচ্চতম আদালতে কেন্দ্ৰক এখন জাননী জাৰি কৰে। জাননী খনত আদালতে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ পৰা আবেদনকাৰী দল তথা ব্যক্তিৰ আবেদনৰ  সঁহাৰি জনাবলৈ নিৰ্দেশ দিছে। 

আদালতে লোকসভা আৰু বিধানসভা আসনৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াক  প্ৰত্যাহ্বান জনোৱা আবেদনৰ বিষয়ত  নিৰ্বাচন আয়োগৰ পৰাও উত্তৰ বিচাৰিছে৷ শীৰ্ষ আদালতে তিনি সপ্তাহৰ ভিতৰত আবেদনসমূহৰ বিষয়ত  কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ  পৰা উত্তৰ বিচাৰিছে  আৰু কৈছে  যে আবেদনকাৰীসকলে তাৰ পিছত দুসপ্তাহৰ ভিতৰত তেওঁলোকৰ শপতনামা  দাখিল কৰিব পাৰিব৷ অসমত ১০ বিৰোধী দল যেনে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিআই(এম), চিপিআই, টিএমচি, এনচিপি, আৰজেডি আৰু আঞ্চলিক গণ মৰ্চাৰ দৰে  বিৰোধী দলক প্ৰতিনিধিত্ব কৰা দহজন নেতাৰ লগতে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাইয়ে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগে চলাই  থকা সমষ্টি পুনৰ  নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। এই বিষয়ত আদালতত আন দুটা আবেদনো বিচাৰাধীন হৈ আছে। 

আবেদনকাৰীসকলে নিৰ্বাচনী পেনেলৰ দ্বাৰা গ্ৰহণ কৰা পদ্ধতি আৰু ২০  জুন, ২০২৩ তাৰিখৰ প্ৰস্তাৱসমূহক বিশেষভাৱে প্ৰত্যাহ্বান জনাইছে। উল্লেখ্য খচৰা প্ৰকাশৰ পিছতে  নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ বিষয়ত তিনিদিনীয়া ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল । য'ত আয়োগে  বিভিন্ন দল-সংগঠনৰ ১,২০০ ৰো অধিক প্ৰতিনিধিত্ব মতামত লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস