--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বহু চৰ্চিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থৱিৰ নহয়, সেয়া অব্যাহত থাকিব। সোমবাৰে  উচ্চতম ন্যায়ালয়ে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত  জনোৱা আবেদনৰ  শুনানি গ্ৰহণ কৰি  এনে স্থিতিৰ কথা প্ৰকাশ কৰে। লগতে আদালতে এই কথাও পৰীক্ষা কৰিব যে নিৰ্বাচন আয়োগে নিজে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰিবনে নোৱাৰে। উল্লেখ্য পূৰ্বে  সমষ্টি নিৰ্ধাৰণ এক যৌথ প্ৰচেষ্টা আছিল য'ত আদালতসমূহো অন্তৰ্ভুক্ত আছিল, কিন্তু চৰকাৰে ২০০৮ চনত আয়োগক এই সম্পৰ্কীয় ক্ষমতা হস্তান্তৰ কৰিছিল। 

অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা  ১৯৭৬ চনত অন্তিমবাৰৰ বাবে নিৰ্ধাৰণ কৰা  হৈছিল। প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি কৰাৰ বাবে নতুন প্ৰচেষ্টা ২০০৫ চনত আৰম্ভ হৈছিল। ইয়াৰ পিছত চলিত বৰ্ষৰ  ২০ জুনত  নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰথম খচৰাখন প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে উদ্ভৱ হোৱা প্ৰতিবাদ আৰু  আপত্তিৰ বিষয়ে আলোচনা কৰিবলৈ নিৰ্বাচন আয়োগে গুৱাহাটীত তিনিদিনীয়া বৈঠক অনুষ্ঠিত কৰিছিল। সোমবাৰে  ১০ টা  বিৰোধী দলৰ আবেদনৰ শুনানিৰ সময়ত উচ্চতম আদালতে কেন্দ্ৰক এখন জাননী জাৰি কৰে। জাননী খনত আদালতে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ পৰা আবেদনকাৰী দল তথা ব্যক্তিৰ আবেদনৰ  সঁহাৰি জনাবলৈ নিৰ্দেশ দিছে। 

আদালতে লোকসভা আৰু বিধানসভা আসনৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াক  প্ৰত্যাহ্বান জনোৱা আবেদনৰ বিষয়ত  নিৰ্বাচন আয়োগৰ পৰাও উত্তৰ বিচাৰিছে৷ শীৰ্ষ আদালতে তিনি সপ্তাহৰ ভিতৰত আবেদনসমূহৰ বিষয়ত  কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ  পৰা উত্তৰ বিচাৰিছে  আৰু কৈছে  যে আবেদনকাৰীসকলে তাৰ পিছত দুসপ্তাহৰ ভিতৰত তেওঁলোকৰ শপতনামা  দাখিল কৰিব পাৰিব৷ অসমত ১০ বিৰোধী দল যেনে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিআই(এম), চিপিআই, টিএমচি, এনচিপি, আৰজেডি আৰু আঞ্চলিক গণ মৰ্চাৰ দৰে  বিৰোধী দলক প্ৰতিনিধিত্ব কৰা দহজন নেতাৰ লগতে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাইয়ে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগে চলাই  থকা সমষ্টি পুনৰ  নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। এই বিষয়ত আদালতত আন দুটা আবেদনো বিচাৰাধীন হৈ আছে। 

আবেদনকাৰীসকলে নিৰ্বাচনী পেনেলৰ দ্বাৰা গ্ৰহণ কৰা পদ্ধতি আৰু ২০  জুন, ২০২৩ তাৰিখৰ প্ৰস্তাৱসমূহক বিশেষভাৱে প্ৰত্যাহ্বান জনাইছে। উল্লেখ্য খচৰা প্ৰকাশৰ পিছতে  নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ বিষয়ত তিনিদিনীয়া ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল । য'ত আয়োগে  বিভিন্ন দল-সংগঠনৰ ১,২০০ ৰো অধিক প্ৰতিনিধিত্ব মতামত লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়