--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও অশান্ত হৈ আছে মণিপুৰ৷মণিপুৰৰ জাতিগত হিংসাৰ পৰা উদ্ভৱ হোৱা সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি দেওবাৰে  ১২টা নিৰ্দিষ্ট কেন্দ্ৰত ৩৩০০ৰো অধিক পৰীক্ষাৰ্থীয়ে ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হয়৷আজি পুৱাৰে পৰা ৰাজ্যৰ ৰাজধানীত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

মুঠতে ইম্ফলৰ ১২টা উপকেন্দ্ৰত ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল ৪০৫১জন পৰীক্ষাৰ্থীয়ে। কিন্তু চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যৰ বাহিৰৰ কেন্দ্ৰসমূহত ৭০০ লোকে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পথ বাছি লৈছিল৷

মণিপুৰ লোকসেৱা আয়োগৰ এগৰাকী বিষয়াই কয় যে ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ হিংসাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় লোকসেৱা আয়োগে ৰাজ্যৰ পৰা অসামৰিক সেৱাৰ পৰীক্ষাৰ্থীসকলক আইজল, কোহিমা, শ্বিলং, কলকাতা আৰু দিল্লীৰ কেন্দ্ৰসমূহত প্ৰাৰম্ভিক পৰীক্ষাত হাজিৰ হোৱাৰ বিকল্প দিয়া হৈছে৷এডমিট কাৰ্ডৰ দৰে নথিপত্ৰই পৰীক্ষাৰ দিনা কাৰ্ফিউ পাছৰ কাম কৰিব বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে৷ বিষ্ণুপুৰ জিলাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা জনজাতীয় প্ৰাৰ্থী জি লেইভনে কয় যে, "মই আহি কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলো। বৃহত্তৰ ইম্ফল অঞ্চলত পৰিস্থিতি স্বাভাৱিক। আমি আশা কৰিছো যে পৰীক্ষাৰ সময়ত আৰু পৰীক্ষাৰ পিছত কোনো সমস্যা নহ’ব।” 

আন এগৰাকী পৰীক্ষাৰ্থী থ নিকিতাই অনুভৱ কৰে যে দেশৰ উচ্চাকাংক্ষী চৰকাৰী কৰ্মচাৰীৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায় ইউ পি এছ চি প্ৰিলিমছৰ বাবে তেওঁৰ প্ৰস্তুতি কিছু পৰিমাণে প্ৰভাৱিত হৈছে কাৰণ মণিপুৰত ইন্টাৰনেট সেৱা কৰ্তন কৰি থোৱা হৈছে৷

এই মাহৰ ভিতৰত মণিপুৰৰ মেইটেই আৰু কুকিসকলৰ মাজত হোৱা জাতিগত হিংসাৰ ফলত ৭০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হয়, আৰু সান্ধ্য আইন জাৰি কৰা আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়তো ১০ হাজাৰ নিৰাপত্তা বাহিনী নিয়োগ কৰা হয়। মণিপুৰত ৩ মে’ত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰি মেইটেই জনগোষ্ঠীৰ অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত সংঘৰ্ষৰ সৃষ্টি হয়। উত্তৰ-পূব ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বে সংৰক্ষিত বনাঞ্চলৰ পৰা কুকি গাঁৱৰ লোকক উচ্ছেদ কৰাক লৈ উত্তেজনা সৃষ্টি হৈছিল, যাৰ ফলত ধাৰাবাহিকভাৱে সৰু সৰু আন্দোলনৰ সৃষ্টি হৈছিল। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলে অধিকাংশই ইম্ফল উপত্যকাত বাস কৰে। জনজাতীয় লোক বিশেষকৈ নগা আৰু কুকি সকলৰ জনসংখ্যাৰ আন ৪০ শতাংশ পাহাৰীয়া জিলাত বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস