--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও অশান্ত হৈ আছে মণিপুৰ৷মণিপুৰৰ জাতিগত হিংসাৰ পৰা উদ্ভৱ হোৱা সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি দেওবাৰে  ১২টা নিৰ্দিষ্ট কেন্দ্ৰত ৩৩০০ৰো অধিক পৰীক্ষাৰ্থীয়ে ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হয়৷আজি পুৱাৰে পৰা ৰাজ্যৰ ৰাজধানীত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

মুঠতে ইম্ফলৰ ১২টা উপকেন্দ্ৰত ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল ৪০৫১জন পৰীক্ষাৰ্থীয়ে। কিন্তু চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যৰ বাহিৰৰ কেন্দ্ৰসমূহত ৭০০ লোকে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পথ বাছি লৈছিল৷

মণিপুৰ লোকসেৱা আয়োগৰ এগৰাকী বিষয়াই কয় যে ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ হিংসাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় লোকসেৱা আয়োগে ৰাজ্যৰ পৰা অসামৰিক সেৱাৰ পৰীক্ষাৰ্থীসকলক আইজল, কোহিমা, শ্বিলং, কলকাতা আৰু দিল্লীৰ কেন্দ্ৰসমূহত প্ৰাৰম্ভিক পৰীক্ষাত হাজিৰ হোৱাৰ বিকল্প দিয়া হৈছে৷এডমিট কাৰ্ডৰ দৰে নথিপত্ৰই পৰীক্ষাৰ দিনা কাৰ্ফিউ পাছৰ কাম কৰিব বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে৷ বিষ্ণুপুৰ জিলাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা জনজাতীয় প্ৰাৰ্থী জি লেইভনে কয় যে, "মই আহি কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলো। বৃহত্তৰ ইম্ফল অঞ্চলত পৰিস্থিতি স্বাভাৱিক। আমি আশা কৰিছো যে পৰীক্ষাৰ সময়ত আৰু পৰীক্ষাৰ পিছত কোনো সমস্যা নহ’ব।” 

আন এগৰাকী পৰীক্ষাৰ্থী থ নিকিতাই অনুভৱ কৰে যে দেশৰ উচ্চাকাংক্ষী চৰকাৰী কৰ্মচাৰীৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায় ইউ পি এছ চি প্ৰিলিমছৰ বাবে তেওঁৰ প্ৰস্তুতি কিছু পৰিমাণে প্ৰভাৱিত হৈছে কাৰণ মণিপুৰত ইন্টাৰনেট সেৱা কৰ্তন কৰি থোৱা হৈছে৷

এই মাহৰ ভিতৰত মণিপুৰৰ মেইটেই আৰু কুকিসকলৰ মাজত হোৱা জাতিগত হিংসাৰ ফলত ৭০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হয়, আৰু সান্ধ্য আইন জাৰি কৰা আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়তো ১০ হাজাৰ নিৰাপত্তা বাহিনী নিয়োগ কৰা হয়। মণিপুৰত ৩ মে’ত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰি মেইটেই জনগোষ্ঠীৰ অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত সংঘৰ্ষৰ সৃষ্টি হয়। উত্তৰ-পূব ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বে সংৰক্ষিত বনাঞ্চলৰ পৰা কুকি গাঁৱৰ লোকক উচ্ছেদ কৰাক লৈ উত্তেজনা সৃষ্টি হৈছিল, যাৰ ফলত ধাৰাবাহিকভাৱে সৰু সৰু আন্দোলনৰ সৃষ্টি হৈছিল। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলে অধিকাংশই ইম্ফল উপত্যকাত বাস কৰে। জনজাতীয় লোক বিশেষকৈ নগা আৰু কুকি সকলৰ জনসংখ্যাৰ আন ৪০ শতাংশ পাহাৰীয়া জিলাত বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য